টকাৰ খকেই প্ৰাণ ল’লে ১৩৫ জনৰ

Share This Article

বিগত অক্টোবৰ মাহত গুজৰাটৰ মৰ্বীত হোৱা ভয়ংকৰ দুৰ্ঘটনাত প্ৰায় ১৩৫ জনতকৈয়ো অধিক লোকে প্ৰাণ হেৰুৱাইছিল।শুকুৰবাৰে মৰ্বী সত্ৰ ন্যায়ালয়ত উপ আৰক্ষী অধীক্ষক পি এছ জালাই ১,২৬২ পৃষ্ঠাৰ শ্বাৰ্জশ্বীট দাখিল কৰে।শ্বাৰ্জশ্বীটত অ’ৰেভা গ্ৰুপৰ জয়সুখ পেটেলৰ নামো উল্লেখ আছে৷এই অ’ৰেভা গ্ৰুপেই ওলমা দলং মৰ্বীৰ পুনৰ নিৰ্মাণ আৰু চোৱাচিতাৰ দায়িত্বত আছিল৷জয়সুখ পেটেল এই ঘটনাৰ দশম গৰাকী অভিযুক্ত।ইতিমধ্যে জয়সুখ পেটেলৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে এখন সত্ৰ আদালতে।শ্বাৰ্জশ্বীটত অজন্তা মেনুফেকচাৰিং লিমিটেড (অ’ভেৰা গ্ৰুপ)ক এই দুৰ্ঘটনাৰ বাবে মূল অভিযুক্ত হিচাপে উল্লেখ কৰা হৈছে।উল্লেখ্য যে মৰ্বী দলঙৰ দুৰ্ঘটনাৰ দিনটোত অ’ৰেভা গ্ৰুপে মুঠ ৩১৬৫ টা টিকেট বিক্ৰী কৰিছিল।২০২২ চনৰ ৩০ অক্টোবৰত মৰ্বীত সংঘটিত হৈছিল এই শোকাৱহ দুৰ্ঘটনাটো।জিলা চৰকাৰী বিষয়া বিজয় জনীয়ে কয় “ ৩০ অক্টোবৰৰ দিনটোত কোম্পানীটোৱে মুঠ ৩,১৬৫ টা টিকেট বিক্ৰী কৰিছিল।আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল টিকেট বুকিং অফিচ আৰু দলঙৰ দায়িত্বত থকা লোকৰ মাজত কোনো যোগসূত্ৰ নাছিল।”দলং খনৰ ক্ষমতা অনুসৰি মাত্ৰ ১২৫ জন লোকৰহে একেটা সময়ত ওজন বহন কৰিব পাৰে দলংখনে৷তাৰ বিপৰীতে সেইদিনা দলংখনত ২৫০ ৰ পৰা ৩০০ লোক উঠিছিল৷অতিৰিক্ত বোজা বহন কৰিব নোৱাৰাৰ বাবেই ভাঙি পৰে দলংখন।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.