চোকা চাকু লাগে প্ৰজ্ঞা ঠাকুৰক !

Share This Article

বিজেপি সাংসদ প্ৰজ্ঞা ঠাকুৰৰ বিৰুদ্ধে দেশদ্ৰোহীতাৰ গোচৰ তৰাৰ আহ্বান জনাইছে বিৰোধী দল কংগ্ৰেছে।উল্লেখ্য যে মধ্য প্ৰদেশৰ সাংসদ প্ৰজ্ঞা ঠাকুৰে অলপতে ঘৰত সকলোকে অস্ত্ৰঅস্ত্ৰ ৰাখিবলৈ আহ্বান জনাইছিল।কৰ্ণাটকৰ শিৱমগগা অঞ্চলত অনুষ্ঠিত এক অনুষ্ঠানত দেওবাৰে হিন্দু ধৰ্মৰ লোকক হত্যাৰ বিষয়টো উত্থাপন কৰি প্ৰজ্ঞা ঠাকুৰে প্ৰতিগৰাকী হিন্দু লোকৰ ঘৰত অস্ত্ৰ ৰখাৰ আহ্বান জনাইছিল৷তদুপৰি ঘৰৰ চুৰীকটাৰিখন ধাৰ কৰি ৰাখিবলৈ আহ্বান জনাই তেওঁ কৈছিল যে প্ৰতিজন হিন্দু লোকৰে নিজক সুৰক্ষিত কৰি ৰখাৰ অধিকাৰ আছে।মধ্য প্ৰদেশৰ কংগ্ৰেছৰ মেডিয়া কোষৰ অধ্যক্ষ কে কে মিশ্ৰই পিটিআইক কয় যে কেন্দ্ৰই এই সাংসদগৰাকীৰ বিৰুদ্ধে দেশদ্ৰোহীতাৰ গোচৰ তৰা উচিত।কে কে মিশ্ৰই কয় “ হাতত ব’ম ৰখা মানুহে এতিয়া চুৰীৰ কথা কয়।বিজেপিৰ প্ৰাক্তন মুখপাত্ৰ নুপূৰ শৰ্মা আৰু প্ৰজ্ঞা ঠাকুৰৰ কামৰ মাজত সাদৃশ্য আছে।”২০০৮ চনৰ মালেগাঁও বোমা বিস্ফোৰণৰ মূল অভিযুক্ত আছিল প্ৰজ্ঞা ঠাকুৰ৷উক্ত বিস্ফোৰণত মুঠ ৬ জন লোক নিহত হৈছিল আৰু প্ৰায় শতাধিক লোক আহত হৈছিল।মধ্য প্ৰদেশৰ বিজেপিৰ মুখপাত্ৰ পংকজ চতুৰ্বেদীয়ে কয় “ আমি দেখিছোঁ যে আমাৰ কন্যা ,আমাৰ ভগ্নীক লাভ জেহাদৰ নামত টুকুৰাটুকুৰকৈ হত্যা কৰা হৈছে৷প্ৰজ্ঞা ঠাকুৰৰ মন্তব্যটো কোনো ধৰ্মৰ লগত জড়িত নহয়।কিন্তু ইয়াৰ লগত আমাৰ কন্যা তথা ভগ্নী সকলৰ মানসিক অৱস্থা জড়িত আছে ৷তেওঁলোকক প্ৰতিৰক্ষাৰ ক্ষেত্ৰত উৎসাহিত কৰিবলৈ এনেদৰে মন্তব্য কৰিছে তেওঁ।”

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.