চে’ৰ কন্যা- নাতি চেন্নাইত

Share This Article

কিউবাৰ বিপ্লৱী সত্ত্বা চে গুৱেভেৰাৰ কন্যা দুদিনীয়া ভ্ৰমণসূচীৰে উপস্থিত হৈছে চেন্নাইত।চিপিআই (এম)ৰ ৰাজ্যিক পৰ্যায়ৰ এক কাৰ্যসূচীত অংশ ল’বলৈ এলেইদা গুৱেভাৰা চেন্নাইলৈ আহিছে।চেন্নাই বিমানবন্দৰত চিপিআইএমৰ ৰাজ্যিক সম্পাদক জি বালাকৃষ্ণণ আৰু দলৰ নেতা জি ৰামকৃষ্ণণে আদৰণি জনায়।এলেইদা গুৱেভাৰাই মঙলবাৰে থিৰুৱন্তপুৰমৰ পৰা আহি চেন্নাইত উপস্থিত হয়।মঙলবাৰে তেওঁ এক বৃহৎ জনসভাত অংশ লোৱাৰ ওপৰিও বুধবাৰে এক ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানত অংশ ল’ব।চেন্নাইৰ এই কাৰ্যসূচীত ডিএমকে দলৰ সাংসদ কানীমোঝি,ভিচিকেৰ প্ৰতিষ্ঠাতা তথা লোকসভাৰ সাংসদ থল থিৰুমাভালভন উপস্থিত থাকিব।এই সম্বৰ্ধনা কাৰ্যসূচীত এলেইদাৰ কন্যা এষ্টেফানিয়া গুৱেভাৰাও উপস্থিত থকাৰ কথা।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.