চুলিৰে কৌটিপতি এটা মন্দিৰ

Share This Article

আপুনি জানি আচৰিত হ’ব আপোনাৰ কটা চুলিৰ আছে এক বৃহৎ ব্যৱসায়।প্ৰতি কেজি চুলি বিক্ৰী হয় প্ৰায় ৩ হাজাৰ টকাত।তিৰুপতি মন্দিৰত মনোবাঞ্ছা পূৰণ হ’লে চুলি দান কৰাটো এক নিয়মৰ দৰে৷দেশৰ ভিতৰত তিৰুপতি মন্দিৰত ভক্তই সৰ্বাধিক চুলি দান কৰে।বিশ্বাস কৰা হয় এই মন্দিৰত ভগৱানৰ ওচৰত যিমান চুলি দান কৰা হয়,তাতকৈ ১০ গুণ বেছি সম্পত্তি ভগৱানে ঘূৰাই দিয়ে ।তিৰুপতি মন্দিৰত চুলি দিলে সন্তুষ্ট হয় লক্ষী।সেয়ে প্ৰতি বছৰে লাখ লাখ টন চুলি দান দিয়া হয় তিৰুপতি মন্দিৰত।প্ৰতি বছৰে ৫০০ ৰ পৰা ৬০০ টন চুলি জমা হয় মন্দিৰটোত।মন্দিৰৰ এক সূত্ৰ অনুসৰি প্ৰথমতে কাটি পেলোৱা চুলিবোৰ গৰম পানীত উতলোৱা হয়।তাৰ পিছত চাবোন দি ধুই ৰ’দত শুকোৱা হয়।তাৰ পিছত গুদামত ৰখা হয়, গুদামটোত তাপমাত্ৰা নিয়ন্ত্ৰণত ৰখা হয়।বিভিন্ন ভাগত চুলিবোৰ সংৰক্ষণ কৰা হয়।প্ৰথম ভাগত ২৭ ইঞ্চিতকৈ বেছি দীঘল,দ্বিতীয় ভাগত ৰখা হয় ১৯ ৰ পৰা ২৬ ইঞ্চি দীঘল চুলিবোৰ,তৃতীয় ভাগত ১০ ৰ পৰা ১৮ ইঞ্চিৰ,চতুৰ্থ ভাগত ৫ ৰ পৰা ৯ ইঞ্চি,৫ ইঞ্চিৰ কমবোৰ ৰখা হয় পঞ্চম ভাগত।প্ৰথম ভাগ চুলিৰ প্ৰতি কেজিৰ মূল্য প্ৰায় ৩০০০,দ্বিতীয় ভাগৰ মূল্য ২৬০০ আৰু একেবাৰে পঞ্চম ভাগৰ মূল্য ৩৬ টক৷অনলাইনত এই চুলিবোৰ বিক্ৰী কৰা হয়।আমেৰিকা,ইউৰোপৰ বিভিন্ন দেশ ,আফ্ৰিকা আদিত ভাৰতীয় চুলিৰ চাহিদা বেছি।তিৰোপতিৰ প্ৰতি জন নাপিতে চুলি কটাৰ বিনিময়ত পায় ১১টকা।প্ৰতিদিনে প্ৰায় ২০ হাজাৰ ভক্তই চুলি দান কৰে মন্দিৰটোত।২০২১ চনত মন্দিৰ কৰ্তৃপক্ষই এনে চুলি বিক্ৰী কৰি উপাৰ্জন কৰিছিল ১১কোটি ১৭ লাখ টকা।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.