সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

‘চাচ ভী কভী বহু থী’ৰ বহুৰ অৱস্থা কৰ্ণাটকত তথৈবচ !

কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনক লৈ অত্যন্ত ব্যস্ত।যাকে যেনেকৈ পাৰিছে ,তেনেকৈয়ে প্ৰতিশ্ৰুতি দিছে,ভোট দিয়াৰ আহ্বান জনাইছে ।কিন্তু নাই স্মৃতি ইৰাণীৰ প্ৰতিশ্ৰুতিত ভোটাৰৰ কাণ মন নাই৷সেয়ে এইবাৰ বাচি ল’লে ধৰ্মৰ ট্ৰামকাৰ্ড।আক্ৰমণৰ লক্ষ্য তেওঁৰ প্ৰিয়ংকা গান্ধী৷স্মৃতি ইৰাণীৰ দাবী ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত আমেথিত ‘নামাজ’পঢ়িছিল প্ৰিয়ংকা গান্ধীয়ে।স্মৃতি ইৰাণীৰ মতে যদিও কংগ্ৰেছ নেতা তথা কৰ্ণাটক কংগ্ৰেছৰ সভাপতি শিৱকুমাৰে হনুমান মন্দিৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছে সেয়া কেতিয়াও সম্ভৱ নহয়।কাৰণ তেওঁৰ দলৰ নেত্ৰীয়ে ইছলামৰ লগত সম্পৰ্ক ৰক্ষা কৰি আছে আৰু ইছলামত মূৰ্তি পূজা কৰাটো অসম্ভৱ।
উল্লেখ্য যে কৰ্ণাটকৰ নিৰ্বাচনী ইস্তাহাৰত কংগ্ৰেছ দলে প্ৰয়োজনত বজৰং দলক নিষিদ্ধ কৰাৰ কথাও উল্লেখ কৰিছিল।ইয়াৰ পিছতেই ধৰ্মক লৈ ৰাজনীতি কৰা বিজেপি দল আৰু ইয়াৰ নেতাসকলে নিৰন্তৰ আক্ৰমণ চলাইছে কংগ্ৰেছৰ ওপৰত।সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ’ল মহম্মদ জুবেইৰ নামৰ সাংবাদিকজনে তেওঁৰ টুইটাৰ একাউণ্টত বিজেপিৰ সভাপতি জে পি নাড্ডাই বাবাদুল্লাহ দৰগাহত চাদৰ দান দিয়াৰ ভিডিঅ’ আপলোড কৰি স্মৃতি ইৰাণীক প্ৰশ্ন কৰিছে যে প্ৰিয়ংকা গান্ধীয়ে যদি চাদৰ দিয়া কাৰ্যই নামাজ পঢ়া বুজায় তেন্তে এই ভিডিঅ’টোত জেপি নাড্ডাই কি কৰিছে?মহম্মদ জুবেইৰে ম্যানমাৰৰ বাহাদুৰ শ্বাহ জাফৰ সৌধত ফুল,চাদৰ দিয়াটোৱেও তেন্তে নামাজ পঢ়া বুজাব নেকি বুলি প্ৰশ্ন কৰে সাংবাদিক জুবেইৰে।তদুপৰি জুবেইৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং,পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীৰো দৰগাহত চাদৰ দিয়াৰ কেইবাটাও ভিডিঅ’ আপলোড কৰি কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীক আক্ৰমণ কৰে।বলে নোৱাৰিলেও যুঁজি থকাটো বিজেপিৰ পৰম্পৰা !কৰ্ণাটকত শাসক দলৰ অৱস্থা শোচনীয় হ’ব বুলি প্ৰায়বোৰ সমীক্ষাতে প্ৰকাশ পোৱাত দলটোৱে ভৰিৰ তলৰ মাটি হেৰুৱাইছে ৰাজ্যখনত।শেষত ধৰ্মৰ ট্ৰাম কাৰ্ডখনেৰে এঘড়ী যুঁজাৰ সিদ্ধান্ত লৈছে বিজেপিয়ে !অৱশ্যে কানাড়া লোকে বিজেপিক আদৰে নে লঠিয়াই সেয়া স্পষ্ট হ’ব ১৩মে’ত হে।

Leave A Reply

Your email address will not be published.