গেট আউট’ গভৰ্ণৰ

Share This Article

ৰাজ্যৰ সাংবিধানিক মূৰব্বী গৰাকীৰ বিৰুদ্ধে দিছে শ্লোগান।শ্লোগানত চিঞৰিছে ‘গেট আউট ৰবি ‘!কিন্তু ক’ত সংঘটিত হৈছে এই অভূতপূৰ্ব প্ৰতিবাদ?তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবিৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ।ৰাজ্যপাল ৰবিয়ে তামিলনাডুৰ নাম সলনি কৰি ‘তামিজগাম’ কৰাৰ প্ৰস্তাৱ দিছিল বিধানসভাত।ৰাজ্যপাল গৰাকীৰ এই প্ৰস্তাৱত ক্ষোভিত হৈ পৰিছে DMK ৰ নেতা-কৰ্মী।চেন্নাইৰ আন্না চালাই আৰু ভালুভৰ কট্টমত তীব্ৰ প্ৰতিবাদ DMK নেতাৰ।উল্লেখ্য যে ৰাজ্যপাল গৰাকীৰ বিৰুদ্ধে চৰকাৰৰ ক্ষোভ নতুন নহয়৷কেন্দ্ৰৰ আঙুলি ঠাঁৰত নচা ৰাজ্যপালগৰাকীয়ে বিজেপিৰ হৈ কাম কৰাৰ অভিযোগ বহুত পুৰণি।শেহতীয়াকৈ পংগল উৎসৱ উপলক্ষে ৰাজ্যপালে নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰিছিল চৰকাৰৰ লগতে চৰকাৰী বিষয়া কৰ্মচাৰীলৈ।CPM ৰ সাংসদ চ্যু ভেংকটেশনে এই নিমন্ত্ৰণী পত্ৰখনৰ ফটো টুইটাৰত আপলোড কৰি আৰম্ভ কৰিছে প্ৰতিবাদ।উক্ত পত্ৰত ৰাজ্যপাল জনে নিজকে তামিলনাডুৰ পৰিবৰ্তে ‘তামিজগাম’ৰ ৰাজ্যপাল বুলি উল্লেখ কৰিছিল৷ইয়াৰ পিছতেই টুইটাৰত ট্ৰেণ্ডিং আৰম্ভ হৈছে য’ত ‘গেট আউট ৰবি’ বুলি উল্লেখ কৰিছে।সোমবাৰেও ডিএমকেৰ সহযোগী দল কংগ্ৰেছ আৰু VCK বিধায়কে ৰাজ্যপালগৰাকীৰ বিৰুদ্ধে শ্লোগান দিছিল৷বিধায়কৰ বিৰোধিতাৰ বাবে ৰাজ্যপালে ভাষণ আধাতে সামৰি বিধানসভা কক্ষ ত্যাগ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল।DMK দলৰ অভিযোগ ৰাজ্যপাল গৰাকীয়ে বলপূৰ্বকভাৱে আৰএছএছ আৰু বিজেপিৰ মতাদৰ্শ বলপূৰ্বকভাৱে প্ৰয়োগ কৰিব বিচাৰিছে৷ডিএমকেৰ সাংসদ টি আৰ বালুৱে কয় যে ৰাজ্যপাল গৰাকীয়ে বিজেপিৰ দ্বিতীয় গৰাকী ৰাজ্যিক সভাপতিৰ দৰে কাম কৰি আছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.