Investigative reporting with dedication.

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বিগ বি অমিতাভ বচ্চন। হায়দৰাবাদত ‘প্ৰজেক্ট কে’ ছবিখনৰ শ্বুটিঙৰ সময়ত আঘাতপ্ৰাপ্ত হয় অমিতাভ বচ্চন। ছবিখনৰ একচনৰ দৃশ্যত শ্বুটিং চলি থাকোঁতেই আঘাতপ্ৰাপ্ত হয় অমিতাভ বচ্চন। মাংসপেশীত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অমিতাভ বচ্চনক লগে লগে এ আই জি চিকিৎসালয়লৈ নি চিকিৎসা কৰা হয় আৰু তাৰ পাছতেই তেওঁ মুম্বাইৰ গৃহলৈ ঘূৰি আহে। অমিতাভ বচ্চন আঘাতপ্ৰাপ্ত হোৱাৰ পাছত ছবিখনৰ শ্বুটিং বন্ধ কৰি দিয়া হয়। আঘাত পোৱাৰ সন্দৰ্ভত অমিতাভ বচ্চনে নিজৰ ব্লগত লিখে যে তেওঁৰ শৰীৰত কিছু বিষ আছে আৰু চিকিৎসকৰ পৰামৰ্শ অনুসৰি জিৰণি লৈছে।

