গুজৰাট জয়ৰ আঁৰৰ ৭ টা কাৰণ

Share This Article

২০১৭ চনৰ নিৰ্বাচনত বিজেপিয়ে মাত্ৰ ৯৯ খন আসন লাভ কৰিছিল গুজৰাটত ৷২০১৭ চনৰ নিৰ্বাচনতেই সবাতোকৈ কম আসন লাভ কৰিছিল দলটোৱে৷তেতিয়াই দলটোৱে লৈছিল শিক্ষা আৰু ২০২২ চনৰ বাবে আৰম্ভ কৰিছিল প্ৰস্তুতি৷নিৰ্বাচনৰ প্ৰায় এটা সপ্তাহ আগত গৃহমন্ত্ৰী অমিত শ্বাহে বুথ পৰ্যায়ৰ নেতাৰ পৰাও কেনেধৰণৰ সঁহাৰি লাভ কৰিছিল সেই বিষয়ে তথ্য সংগ্ৰহ কৰিছিল ৷

শ্বাহে প্ৰতিটো বুথৰ কৰ্মকৰ্তাৰ পৰা তথ্য সংগ্ৰহ কৰাৰ ওপৰিও প্ৰচাৰ অভিযানৰ পৰ্যালোচনা কৰিছিল প্ৰতি দিনে৷তদুপৰি ক’ত সমাৱেশ অনুষ্ঠিত হ’ল,কিয় সেই ঠাই নিৰ্বাচন কৰা হ’ল আদিৰ সম্পূৰ্ণ বাখ্যা সংগ্ৰহ কৰিছিল গৃহমন্ত্ৰী গৰাকীয়ে৷
দলীয় সদস্য সকলৰ মতে তেওঁলোকৰ সভাবোৰ যথেষ্ট দীঘলীয়া হৈছিল৷কেন্দ্ৰীয় মন্ত্ৰী,মুখ্যমন্ত্ৰী আৰু জ্যেষ্ঠ নেতা সকলক ৰাজ্যখনৰ প্ৰতিটো চুককোণলৈ পঠিওৱা হৈছিল৷উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাকো ৰাজ্যখনৰ বিভিন্ন প্ৰান্তলৈ পঠিওৱা হৈছিল ৷

বিজেপিৰ এই অভিলেখসংখ্যক বিজয়ৰ কাৰণবোৰ ফঁহিয়াই চালে আমি দেখিম –

প্ৰথম কাৰণটো হ’ল এটা বছৰ আগতে সমগ্ৰ চৰকাৰখনকেই সলনি কৰিছিল বিজেপিয়ে৷
মুখ্যমন্ত্ৰী বিজয় ৰূপানীক আঁতৰাই প্ৰথম বাৰৰ বিধায়ক ভূপেন্দ্ৰ পেটেলৰ
ক মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত কৰিছিল দলটোৱে৷পুৰণা প্ৰতিগৰাকী মন্ত্ৰীক অপসাৰণ কৰা হৈছিল আনকি বিধানসভাৰ অধ্যক্ষগৰাকীকো সলনি কৰা হৈছিল ৷
প্ৰথমবাৰৰ বাবে ৰাজনৈতিক সম্পৰীক্ষা কৰিছিল বিজেপিয়ে যিটোত অভাৱনীয় সফলতা লাভ কৰিছিল দলটোৱে৷ইয়াৰ জৰিয়তে দলটোৱে প্ৰতিষ্ঠানবিৰোধী ঢৌ আঁতৰ কৰিবলৈ সক্ষম হৈছিল৷নতুন কেবিনেটত বিজেপিয়ে জাতি আৰু ধৰ্মীয় প্ৰতিনিধিত্বক গুৰুত্ব দিছিল৷
কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰা ৩ গৰাকী বিধায়ককো কেবিনেট মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিছিল৷পাটিদাৰ সম্প্ৰদায়ক সন্তুষ্ট কৰিবলৈ পাটিদাৰ ,বিধায়কক কেবিনেটত অন্তৰ্ভুক্ত কৰিছিল৷
ক’ভিডৰ পিছত গুজৰাটত প্ৰথমবাৰৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছে৷ক’ভিডৰ সময়ত ব্যৱস্থাপনা বহুত দুৰ্বল আছিল বুলি সমালোচনা কৰিছিল গুজৰাট চৰকাৰক৷মানুহবোৰ অসন্তুষ্ট হৈ আছিল৷কিন্তু ৰূপানীৰ কেবিনেট সলাই দিয়াৰ পিছত মানুহৰ খংবোৰ হ্ৰাস পালে৷

দ্বিতীয়তে,বিজেপিয়ে যথেষ্ট সংখ্যক জ্যেষ্ঠ নেতাক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পৰা বিৰত আছিল৷নীতিন পেটেলৰ দৰে জ্যেষ্ঠ নেতাক টিকেট দিয়া হোৱা নাছিল৷৫ বছৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যকাল সমাপন কৰা বিজয় ৰূপানীও টিকেটৰ পৰা বঞ্চিত হৈছিল ৷ৰূপানী ১৯৮৭ চনৰ পৰা গুজৰাটৰ ৰাজনীতিত সক্ৰিয় আছিল ৷আশ্চৰ্যজনকভাৱে এই দুয়োজন নেতাই নিজেই নিৰ্বাচনত প্ৰতিন্দন্দ্বিতা নকৰাৰ কথা ঘোষণা কৰিছিল ৷এয়া আছিল বিজেপিৰ মেনেজমেণ্ট !

তৃতীয়তে, বিজেপিয়ে সেই সকলকহে টিকেট দিছিল ,যিসকলৰ জয়ৰ আশা আছিল৷মুঠ ৪২ গৰাকী বিধায়কক প্ৰাৰ্থিত্ব প্ৰদান কৰা হোৱা নাছিল৷

চতুৰ্থতে,২০১৭ চনত যি কেইটা সমষ্টিত বিজেপিৰ প্ৰদৰ্শন বেয়া আছিল তাতেই দলটোৱে প্ৰথম প্ৰচাৰ অভিযান আৰম্ভ কৰিছিল৷মৰ্বী,সুৰেন্দ্ৰ নগৰ, আমৰেলীত বিজেপিয়ে প্ৰথম আৰম্ভ কৰিছিল প্ৰচাৰ অভিযান৷সৌৰাষ্ট্ৰত বিজেপিয়ে প্ৰচাৰ আৰম্ভ কৰিছিল প্ৰায় ৬ মাহ আগৰ পৰাই৷যিসকল বিধায়কৰ বিৰুদ্ধে জনতাৰ ক্ষোভ আছিল তেওঁলোকক দলীয় দায়িত্বৰ পৰাও আঁতৰাই ৰাখিছিল দলটোৱে৷২০১৭ চনত বিজেপি পৰাজিত হোৱা সমষ্টিবোৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহে সমপূৰ্ণৰূপে প্ৰচাৰ চলাইছিল৷

ষষ্ঠতে,যদিও বাঘা বাঘা নেতা প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈছিল ,তেওঁলোকে যাতে কোনো কাৰণতে বিসম্বাদ কৰিব নোৱাৰে,সেই দিশটোলৈ সম্পূৰ্ণ দৃষ্টি দিয়া হৈছিল৷ দলবিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত ১২ গৰাকী বিধায়কক দলৰ পৰা নিলম্বন কৰা হৈছিল৷ সপ্তমতে,’মই গুজৰাটৰ সন্তান’ -প্ৰধানমন্ত্ৰী মোডীৰ এই বাক্যষাৰীয়ে বিজেপিৰ জয়ৰ ক্ষেত্ৰত সকলোতকৈ গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.