সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

গুজৰাট জয়ৰ আঁৰৰ ৭ টা কাৰণ

২০১৭ চনৰ নিৰ্বাচনত বিজেপিয়ে মাত্ৰ ৯৯ খন আসন লাভ কৰিছিল গুজৰাটত ৷২০১৭ চনৰ নিৰ্বাচনতেই সবাতোকৈ কম আসন লাভ কৰিছিল দলটোৱে৷তেতিয়াই দলটোৱে লৈছিল শিক্ষা আৰু ২০২২ চনৰ বাবে আৰম্ভ কৰিছিল প্ৰস্তুতি৷নিৰ্বাচনৰ প্ৰায় এটা সপ্তাহ আগত গৃহমন্ত্ৰী অমিত শ্বাহে বুথ পৰ্যায়ৰ নেতাৰ পৰাও কেনেধৰণৰ সঁহাৰি লাভ কৰিছিল সেই বিষয়ে তথ্য সংগ্ৰহ কৰিছিল ৷

শ্বাহে প্ৰতিটো বুথৰ কৰ্মকৰ্তাৰ পৰা তথ্য সংগ্ৰহ কৰাৰ ওপৰিও প্ৰচাৰ অভিযানৰ পৰ্যালোচনা কৰিছিল প্ৰতি দিনে৷তদুপৰি ক’ত সমাৱেশ অনুষ্ঠিত হ’ল,কিয় সেই ঠাই নিৰ্বাচন কৰা হ’ল আদিৰ সম্পূৰ্ণ বাখ্যা সংগ্ৰহ কৰিছিল গৃহমন্ত্ৰী গৰাকীয়ে৷
দলীয় সদস্য সকলৰ মতে তেওঁলোকৰ সভাবোৰ যথেষ্ট দীঘলীয়া হৈছিল৷কেন্দ্ৰীয় মন্ত্ৰী,মুখ্যমন্ত্ৰী আৰু জ্যেষ্ঠ নেতা সকলক ৰাজ্যখনৰ প্ৰতিটো চুককোণলৈ পঠিওৱা হৈছিল৷উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাকো ৰাজ্যখনৰ বিভিন্ন প্ৰান্তলৈ পঠিওৱা হৈছিল ৷

- Donation -

বিজেপিৰ এই অভিলেখসংখ্যক বিজয়ৰ কাৰণবোৰ ফঁহিয়াই চালে আমি দেখিম –

প্ৰথম কাৰণটো হ’ল এটা বছৰ আগতে সমগ্ৰ চৰকাৰখনকেই সলনি কৰিছিল বিজেপিয়ে৷
মুখ্যমন্ত্ৰী বিজয় ৰূপানীক আঁতৰাই প্ৰথম বাৰৰ বিধায়ক ভূপেন্দ্ৰ পেটেলৰ
ক মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত কৰিছিল দলটোৱে৷পুৰণা প্ৰতিগৰাকী মন্ত্ৰীক অপসাৰণ কৰা হৈছিল আনকি বিধানসভাৰ অধ্যক্ষগৰাকীকো সলনি কৰা হৈছিল ৷
প্ৰথমবাৰৰ বাবে ৰাজনৈতিক সম্পৰীক্ষা কৰিছিল বিজেপিয়ে যিটোত অভাৱনীয় সফলতা লাভ কৰিছিল দলটোৱে৷ইয়াৰ জৰিয়তে দলটোৱে প্ৰতিষ্ঠানবিৰোধী ঢৌ আঁতৰ কৰিবলৈ সক্ষম হৈছিল৷নতুন কেবিনেটত বিজেপিয়ে জাতি আৰু ধৰ্মীয় প্ৰতিনিধিত্বক গুৰুত্ব দিছিল৷
কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰা ৩ গৰাকী বিধায়ককো কেবিনেট মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিছিল৷পাটিদাৰ সম্প্ৰদায়ক সন্তুষ্ট কৰিবলৈ পাটিদাৰ ,বিধায়কক কেবিনেটত অন্তৰ্ভুক্ত কৰিছিল৷
ক’ভিডৰ পিছত গুজৰাটত প্ৰথমবাৰৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছে৷ক’ভিডৰ সময়ত ব্যৱস্থাপনা বহুত দুৰ্বল আছিল বুলি সমালোচনা কৰিছিল গুজৰাট চৰকাৰক৷মানুহবোৰ অসন্তুষ্ট হৈ আছিল৷কিন্তু ৰূপানীৰ কেবিনেট সলাই দিয়াৰ পিছত মানুহৰ খংবোৰ হ্ৰাস পালে৷

দ্বিতীয়তে,বিজেপিয়ে যথেষ্ট সংখ্যক জ্যেষ্ঠ নেতাক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পৰা বিৰত আছিল৷নীতিন পেটেলৰ দৰে জ্যেষ্ঠ নেতাক টিকেট দিয়া হোৱা নাছিল৷৫ বছৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যকাল সমাপন কৰা বিজয় ৰূপানীও টিকেটৰ পৰা বঞ্চিত হৈছিল ৷ৰূপানী ১৯৮৭ চনৰ পৰা গুজৰাটৰ ৰাজনীতিত সক্ৰিয় আছিল ৷আশ্চৰ্যজনকভাৱে এই দুয়োজন নেতাই নিজেই নিৰ্বাচনত প্ৰতিন্দন্দ্বিতা নকৰাৰ কথা ঘোষণা কৰিছিল ৷এয়া আছিল বিজেপিৰ মেনেজমেণ্ট !

তৃতীয়তে, বিজেপিয়ে সেই সকলকহে টিকেট দিছিল ,যিসকলৰ জয়ৰ আশা আছিল৷মুঠ ৪২ গৰাকী বিধায়কক প্ৰাৰ্থিত্ব প্ৰদান কৰা হোৱা নাছিল৷

চতুৰ্থতে,২০১৭ চনত যি কেইটা সমষ্টিত বিজেপিৰ প্ৰদৰ্শন বেয়া আছিল তাতেই দলটোৱে প্ৰথম প্ৰচাৰ অভিযান আৰম্ভ কৰিছিল৷মৰ্বী,সুৰেন্দ্ৰ নগৰ, আমৰেলীত বিজেপিয়ে প্ৰথম আৰম্ভ কৰিছিল প্ৰচাৰ অভিযান৷সৌৰাষ্ট্ৰত বিজেপিয়ে প্ৰচাৰ আৰম্ভ কৰিছিল প্ৰায় ৬ মাহ আগৰ পৰাই৷যিসকল বিধায়কৰ বিৰুদ্ধে জনতাৰ ক্ষোভ আছিল তেওঁলোকক দলীয় দায়িত্বৰ পৰাও আঁতৰাই ৰাখিছিল দলটোৱে৷২০১৭ চনত বিজেপি পৰাজিত হোৱা সমষ্টিবোৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহে সমপূৰ্ণৰূপে প্ৰচাৰ চলাইছিল৷

ষষ্ঠতে,যদিও বাঘা বাঘা নেতা প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈছিল ,তেওঁলোকে যাতে কোনো কাৰণতে বিসম্বাদ কৰিব নোৱাৰে,সেই দিশটোলৈ সম্পূৰ্ণ দৃষ্টি দিয়া হৈছিল৷ দলবিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত ১২ গৰাকী বিধায়কক দলৰ পৰা নিলম্বন কৰা হৈছিল৷ সপ্তমতে,’মই গুজৰাটৰ সন্তান’ -প্ৰধানমন্ত্ৰী মোডীৰ এই বাক্যষাৰীয়ে বিজেপিৰ জয়ৰ ক্ষেত্ৰত সকলোতকৈ গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল৷

Leave A Reply

Your email address will not be published.