Investigative reporting with dedication.

আকস্মিকভাৱে এক ভয়ংকৰ বিপদৰ সন্মুখীন হৈছে ভাৰতৰ অৰ্থনীতি । ৰাছিয়াৰ সৈতে চলি থকা বাণিজ্যিক সম্পৰ্কই হঠাৎ ওলোটা মোৰ লোৱাৰ উপক্ৰম হৈছে । কিয়নো ভাৰতৰ টকা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে ৰাছিয়াই । টকাৰ মূল্য ক্ৰমাৎ দুৰ্বল হৈ পৰাৰ পৰিণতিতেই ৰাছিয়াই এই স্থিতি গ্ৰহণ কৰিছে । যাৰ বাবে এক অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হৈছে ভাৰত- ৰাছিয়াৰ বাণিজ্যিক সম্পৰ্ক।ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ আৰম্ভ হোৱাৰ পাছতেই আমেৰিকা আৰু ইউৰোপে ৰাছিয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে ।ইয়াৰ সুযোগ গ্ৰহণ কৰে ভাৰতে । কিয়নো ৰাছিয়াই ডলাৰৰ সলনি ভাৰতীয় টকাও গ্ৰহণ কৰিবলৈ সন্মত হয় । সেই অনুসৰি , ভাৰতে ৰাছিয়াৰ পৰা বৃহৎ পৰিমাণৰ খাৰুৱা তেল ক্ৰয় কৰে ।ৰাছিয়াৰ পৰা সৰ্বাধিক খাৰুৱা তেল ক্ৰয় কৰা দেশখনেই হৈছে ভাৰত ।লগতে যুদ্ধ সামগ্ৰীৰ বাবদ ভাৰতে দিবলগীয়া ধনো টকাত ঘূৰাই ল’বলৈ সন্মত হৈছিল ৷কিন্তু হঠাৎ এই বাণিজ্যিক সম্পৰ্কলৈ আহি পৰে নাটকীয় মোৰ ।সোমবাৰে ভাৰতত এক বৈঠকত অংশগ্ৰহণ কৰিবলৈ অহা ৰাছিয়াৰ বিদেশ মন্ত্ৰী ছাৰগেই লাভৰোভৰ কয়‘’ভাৰতৰ বেংকত ৰাছিয়াই পাবলগীয়া কেইবা বিলিয়ন টকা পৰি আছে । ৰাছিয়াই এতিয়া এই টকা ব্যৱহাৰ কৰিব বিচাৰিছে ।কিন্তু এই টকাখিনি অন্য বিদেশী মুদ্ৰালৈ প্ৰথমতে পৰিৱৰ্তন কৰিব লাগিব । এই বিষয়টো আলোচনা কৰা হ’ব ।’’আন্তঃৰাষ্ট্ৰীয় বজাৰত ভাৰতীয় টকাৰ মূল্য দুৰ্বল হৈ পৰাৰ পৰিণতিতেই ৰাছিয়াই এই সিদ্ধান্ত লোৱা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে । কিন্তু একেসময়তে ভাৰতৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে ৰাছিয়াৰ আন এক চৰ্ত । ৰাছিয়াই খাৰুৱা তেল আৰু যুদ্ধ সামগ্ৰীৰ বিনিময়ত পাবলগীয়া ধন বিচাৰিছে চীনৰ মুদ্ৰা য়ুহানৰ ৰূপত।ৰাছিয়াৰ এই স্থিতিয়ে এতিয়া বাৰুকৈয়ে বিপাঙত পেলাইছে ভাৰতক ।ভাৰতীয় অৰ্থনীতিৰ বাবেও ই হৈ পৰিছে এক চিন্তাৰ কাৰণ।

