কৰ্ণাটক হাৰিলে মোডীৰ মৰিব মুদা !

Share This Article

বিজেপি সাংসদৰ ৰোষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী!’ফেচিবাদী চৰকাৰ চলাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে’!দিল্লীৰ সংবাদ মাধ্যম নিয়ন্ত্ৰিত হয় প্ৰধানমন্ত্ৰী দপ্তৰৰ পৰা- এই অভিযোগ বিজেপি নেতাৰে।কৰ্ণাটক নিৰ্বাচনত পৰাজিত হ’লে সময় কঠিন হ’ব প্ৰধানমন্ত্ৰী মোডীৰ।বিজেপি সাংসদৰেই ৰোষত পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। বিজেপিৰ ৬ বাৰৰ সাংসদ তথা বিজেপিৰ সদস্য সুব্ৰমণিয়াম স্বামীৰ কটাক্ষ যে প্ৰধানমন্ত্ৰীৰ বহু আচৰণ ফেচিষ্টৰ দৰে। ফেচিবাদী চৰকাৰ চলাইছে মোডীয়ে। কলকতাত এখন বণিক গোষ্ঠীৰ সভাত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী মোডীক এই আক্ৰমণ বিজেপি সাংসদ সুব্ৰমণিয়ম স্বামীৰ।স্বামীয়ে কয় ‘ সংসদত এতিয়া বিতৰ্ক নহয়৷মেডিয়াই কোনো কথা আলোচনা নকৰে ৷দিল্লীৰ সংবাদ মাধ্যম নিয়ন্ত্ৰণ হয় প্ৰধানমন্ত্ৰীৰ দপ্তৰৰ পৰা।’অনানুষ্ঠানিক আড্ডাত সুব্ৰমণিয়ম স্বামীয়ে কয় যে মোডীয়ে আচলতে তেওঁক ভয় কৰে।তেওঁ লগতে কয় ‘এটা সময় আছিল ৰে’ল ষ্টেচনৰ পৰা নমাৰ পাছত মোৰ চ্যুটকেচ কঢ়িয়াই নিছিল মোডীয়ে।সেই ব্যক্তি প্ৰধানমন্ত্ৰী হ’লে মোক তেওঁৰ ওচৰত কিয় ৰাখিব?’ মনলৈ বাৰে বাৰে আহিব সেই অস্বস্তিকৰ স্মৃতি।সেয়ে দলৰ কোনো কামত সুব্ৰমণিয়ম স্বামীক ৰখা নহয় বুলি মন্তব্য স্বামীৰ।লগতে সুব্ৰমণিয়ম স্বামীয়ে পুনৰ তুলি ধৰিলে দেশৰ সীমান্ত সমস্যাৰ প্ৰসংগ। স্বামীয়ে পুনৰ কয় যে ভাৰত ভূখণ্ডৰ ২ হাজাৰ বৰ্গ কিলোমিটাৰ দখল কৰিছে চীনে।কিন্তু প্ৰধানমন্ত্ৰী মোডীয়ে বাৰে বাৰে কয় ‘কোনেও প্ৰৱেশ কৰা নাই আমাৰ দেশত।’সুব্ৰমণিয়ম স্বামীয়ে তুলি ধৰিলে মোডীক আমেৰিকাই নিষিদ্ধ কৰাৰ প্ৰসংগ। গোধৰা কাণ্ডৰ পাছত আমেৰিকাই নিষিদ্ধ কৰিছিল নৰেন্দ্ৰ মোডীক। তেতিয়া সেই নিষেধাজ্ঞা প্ৰত্যাহাৰৰ বাবে বাৰাক অবামাক খাটনি ধৰিবলৈ অনুৰোধ কৰিছিল নৰেন্দ্ৰ মোডীয়ে। সুব্ৰমণিয়ম স্বামীক নৰেন্দ্ৰ মোডীয়ে কৈছিল ওবামাক সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ ক’বলৈ।কাৰণ গুজৰাটী সংবাদ পত্ৰত বাৰাক ওবামাৰ সৈতে সুব্ৰমণিয়ম স্বামীৰ ফটো প্ৰকাশ হৈছিল। হাভাৰ্ড বিশ্ববিদ্যালয়ত বাৰাক অবামা আছিল সুব্ৰমণিয়ম স্বামীৰ ছাত্ৰ।২০২৪ ৰ লোকসভা নিৰ্বাচনক লৈও মন্তব্য সুব্ৰমণিয়ম স্বামীয়ে ‘কৰ্ণাটকত যদি পৰাজিত হয়, সময় কঠিন হ’ব মোদীৰ বাবে’মোদীৰ বিকল্পৰো সন্ধান দিলে সুব্ৰমণিয়ম স্বামীয়ে।’মমতা বেনাৰ্জী হ’ব পাৰে প্ৰধানমন্ত্ৰী পদৰ যোগ্য প্ৰাৰ্থী’-এই মন্তব্য সুব্ৰমণিয়াম স্বামীৰ।নিজ দলৰে সাংসদৰ পৰা এতিয়া এনে আক্ৰমণৰ সন্মুখীন হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। সুব্ৰমণিয়ম স্বামীৰ এই মন্তব্যৰ পাছত বিজেপিৰ প্ৰতিক্ৰিয়া কি হয় সেয়া লক্ষযণীয় হ’ব।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.