কৰ্ণাটকে কন্দুৱাব নেকি বিজেপিক?

Share This Article

বহু প্ৰতীক্ষিত কৰ্ণাটক নিৰ্বাচনৰ ভোটগ্ৰহণ ইতিমধ্যে সম্পন্ন হ’ল ১০ মে’ত৷১৩ মে’ত অনুষ্ঠিত হ’ব ভোটগণনা।ইতিমধ্যে কেইবাটাও সংস্থাই প্ৰকাশ কৰিছে নিৰ্বাচনী সমীক্ষা।নিৰ্বাচনী সমীক্ষাবোৰে কংগ্ৰেছৰ বাবে ভাল দিনৰ ইংগিত দিছে৷তাৰ বিপৰীতে শাসক দল বিজেপিৰ বাবে অশুভ দিনৰ ইংগিত দিছে সমীক্ষাই।বিজেপিৰ মূল লক্ষ্য ২০২৪ চনত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচন।আনহাতে,কৰ্ণাটকৰ বাহিৰে দক্ষিণ ভাৰতৰ আন কোনো ৰাজ্যত খাটাই খুলিব পৰা নাই বিজেপিয়ে।ভাৰতৰ ঘৰে ঘৰে মোডী বুলি ‘ঘৰ ঘৰ মোডী,হৰ হৰ মোডী’ বুলি শ্লোগান দিয়া বিজেপিয়ে মোডীৰ শাসনৰ বিগত ৯ বছৰতো দক্ষিণ ভাৰতৰ কোনো এখন ৰাজ্যতে ক্ষমতা দখল কৰিব পৰা নাই।কৰ্ণাটকৰ নিৰ্বাচন বিজেপিৰ বাবে সন্মানৰ ইছ্যু কিন্তু ইয়াৰ বিপৰীতে কংগ্ৰেছে যদি কৰ্ণাটকত ক্ষমতা দখল কৰিব পাৰে তেন্তে কংগ্ৰেছৰ বাবে ই হ’ব প্লাছ পইণ্ট।কংগ্ৰেছে হেৰুৱাবলগীয়াতকৈ যদি বিজেপি পৰাস্ত হয়, বিজেপিয়ে হেৰুৱাব বেছি।বিজেপিৰ বিষয়ে এখন গ্ৰন্থ লিখা নলীন মেহতা নামৰ ৰাজনৈতিক বিশ্লেষকৰ মতে ‘কৰ্ণাটকৰ নিৰ্বাচন মোডীৰ বাবে সন্মানৰ যুঁজ।’ব্লুমবাৰ্গৰ উদ্ধৃতি অনুসৰি লেখক নলীন মেহতাই কয় ‘ কৰ্ণাটকৰ ফলাফলে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত যথেষ্ট প্ৰভাৱ পেলাব।’উল্লেখ্য যে তামিলনাডুৱে লোকসভালৈ মুঠ ৩৯ গৰাকী সাংসদ পঠিওৱাৰ বিপৰীতে কৰ্ণাটকে ২৮ জন সাংসদ পঠিয়ায় লোকসভালৈ।কৰ্ণাটকত বিজেপিৰ পৰাজয়ে সমগ্ৰ দক্ষিণ ভাৰতত প্ৰৱেশৰ পথ ৰুদ্ধ কৰিব।আন এগৰাকী ৰাজনৈতিক বিশ্লেষক গিলেচ ভাৰ্ণিয়াৰচে কয় ‘কৰ্ণাটকৰ পৰাজয়ে নিৰ্বাচনী প্ৰচাৰত মোডীৰ ব্যক্তিগতভাৱে জড়িত হোৱা বিষয়টোতো এক প্ৰশ্ন চিহ্নৰ সৃষ্টি কৰিব?’উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে একেলেথাৰিয়ে এটা সপ্তাহ কৰ্ণাটকত নিৰ্বাচনী প্ৰচাৰ চলাইছিল আৰু ১৮ খন ৰেলীত অংশ লৈছিল।মোডীৰ ৰথৰ চকৰি কোন ফালে ঘূৰে সেয়া অৱশ্যে স্পষ্ট হ’ব অহা ১৩ মে’তহে !

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.