কৰ্ণাটক হ’ব PFI ময় !

Share This Article

কৰ্ণাটকৰ নিৰ্বাচনলৈ মাজত মাত্ৰ ৩ টা দিন ।নিৰ্বাচনী প্ৰচাৰ চলিছে সম্পূৰ্ণ আগ্ৰাসী ৰূপত।শাসক দলৰ প্ৰচাৰৰ বিপৰীতে বিৰোধী দল কংগ্ৰেছো পিছ পৰি থকা নাই।কৰ্ণাটকত নিৰ্বাচনী প্ৰচাৰৰ বাবে শনিবাৰে উপস্থিত হয় অসমা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে ৰাজ্যখনৰ কেইবাখনো নিৰ্বাচনী সভাত অংশ লয়৷শৰ্মাই প্ৰচাৰ অভিযানৰ সময়ত কংগ্ৰেছ দলক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয় যে যদি কৰ্ণাটকত চৰকাৰ আহে তেন্তে সমগ্ৰ ৰাজ্যখন পিএফআইময় হ’ব। শৰ্মাই কয় ‘ ডি কে শিৱকুমাৰ টিপু চুলতানৰ পৰিয়ালৰ সদস্য৷যদি কংগ্ৰেছে ক্ষমতা লাভ কৰে,কৰ্ণাটক PFI উপত্যকালৈ পৰ্যবসিত হ’ব।’

টিপু চুলতানৰ বিষয়টো মাৰ্চ মাহৰ পৰা বিজেপিয়ে নিৰ্বাচনী ইছ্যু হিচাপে লৈ আহিছে। ইতিহাসৰ পৃষ্ঠা লুটিয়াই বিজেপিয়ে বৃটিছৰ বিৰুদ্ধে যুঁজা টিপু চুলতানৰ নামটো সাঙুৰি হিন্দুৰ বাবে তেওঁ এক ত্ৰাস আছিল বুলি উল্লেখ কৰি ভি ডি চাভৰকাৰক নায়ক বনাই আহিছে।ANI এ প্ৰকাশ কৰা এক ভিডিঅ’ত ড° শৰ্মাই দাবী কৰিছে যে অসমক কেইবাবাৰো মোগলে আক্ৰমণ কৰিছিল কিন্তু অসমৰ বীৰ বীৰাংগনাই হৰুৱাই পঠিয়াইছিল।ঠিক সেইদৰে কৰ্ণাটকৰ কদাভা নামৰ বীৰজনে টিপু চুলতানক পৰাজিত কৰিছিল।এই যুদ্ধত প্ৰায় ৮০ হাজাৰ লোকে প্ৰাণ হেৰুাৱাইছিল৷তেওঁ লগতে কয় যে এতিয়া সিদ্দাৰামায়াই টিপু চুলতানৰ জন্মজয়ন্তী পালন কৰাৰ কথা কয়৷তেওঁ যদি টিপু চুলতানৰ জন্ম জয়ন্তী পাতিব বিচাৰে তেওঁ পাকিস্তান অথবা বাংলাদেশলৈ যোৱা উচিত।অৱশ্যে কেৱল অসমৰ মুখ্যমন্ত্ৰী শৰ্মাই যে টিপু চুলতানৰ বিৰোধিতা কৰি এনে মন্তব্য দিছে তেনে নহয়,লোকসভা সাংসদ নলীন কুমাৰ কাটীলেও ফেব্ৰুৱাৰী মাহত টিপু চুলতান সম্পৰ্কত মন্তব্য দি কৈছিল ‘ যিসকলে টিপু চুলতানক অনুকৰণ কৰে,তেওঁলোক আচলতে এই উৰ্বৰ ভূমিত জীয়াই থকা উচিত নহয়।’

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.