সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ক’ৰোনাৰ ত্ৰাস- ‘চুপাৰ পাৱাৰ’আমেৰিকাত অজস্ৰ শিশুৰ বাবে ঘটিছে খাদ্যৰ অভাৱ

কোৰোণাৰ ত্ৰাসত তছনছ হৈছে বিশ্বৰ অৰ্থনীতি। পুঁজিপতি দেশসমূহো হাৰি যোৱা নাই এই ত্ৰাসৰ পৰা। বিশ্বৰ শক্তিশালী দেশ আমেৰিকাৰ আভ্যন্তৰীণ অৰ্থনৈতিক পৰিকাঠামোত তীব্ৰ কোব সোধাইছে।

শেহতীয়াকৈ এক গৱেষণাত প্ৰকাশিত অনুসৰি আমেৰিকাত দেখা দিছে খাদ্য সংকটে। বিশেষকৈ ১২বছৰৰ ভিতৰৰ শিশুসকল ভুগিছে ঘৰুৱা খাদ্য সংকটত। প্ৰায় ১৭.৪% মাতৃয়ে কোৰোণাৰ এনে জটিল পৰিস্থিতিত ধনৰ অভাৱত পৰ্যাপ্ত পৰিমাণে যোগান ধৰিব পৰা নাই খাদ্য। এই কথা পোহৰলৈ আহিছে ব্ৰুকিংছ্ ইনষ্টিটিউটৰ এক সমীক্ষাত। প্ৰতিষ্ঠানটোৰ শীৰ্ষস্থানীয় লেখক ল’ৰেন বয়াৰে উদ্বিগ্নতা প্ৰকাশ কৰি কৈছে যে এই খাদ্য সমস্যা অতি ভয়ানক খবৰ। উল্লেখ্য যে ২০১৮চনৰ পৰা ১৮বছৰৰ অনুৰ্ধ্বসকলৰ মাজত খাদ্য সংকটৰ হাৰ ১৩০শতাংশলৈ বৃদ্ধি পাইছে। বয়াৰে চৰকাৰক খাদ্য সুৰক্ষাৰ কাৰ্যকলাপ আৰু উপভোগ্যক বৃদ্ধি কৰাৰ বাবে আবেদন জনাইছে।
আনহাতে আমেৰিকাত লক্ ডাউনৰ সময়ছোৱাত অৰ্থনৈতিক কাম কাজত দিয়া সীমাবদ্ধতাৰ বাবে ৩কোটিলৈ নিবনুৱাৰ সংখ্যা বৃদ্ধি পাইছে। মহামাৰীয়ে জুৰুলা কৰা এনে পৰিস্থিতিত ২০শতাংশলৈ এই হাৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে বয়াৰে।
ভাৰতবৰ্ষতো লক্ ডাউনৰ প্ৰভাৱ যথেষ্ট পৰিমাণে পৰিছে। বিশেষকৈ দেশৰ অৰ্থনৈতিক দিশত প্ৰভাৱ বিস্তাৰ কৰিছে। যাৰফলত দেশৰ অন্যান্য ৰাজ্যৰ লগতে অসমেও অৰ্থনৈতিক ক্ষেত্ৰতো বৃহৎ লোকচানৰ সন্মুখীন হৈছে। এনে সময়ত লক্ ডাউনৰ প্ৰয়োজনীয়তা অধিক যদিও চৰকাৰে সুৰক্ষিত তথা সঠিক প্ৰণালীৰে অৰ্থনৈতিক ক্ষেত্ৰখনত মনোনিবেশ কৰিব লাগিব‌। অন্যথা আগন্তুক দিনত পৰিস্থিতিৰ সৈতে ততাতৈয়াকৈ মোকাবিলা কৰিবলৈ কঠিন পৰ্যায়ৰ সন্মুখীন হ’ব।

- Donation -

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Leave A Reply

Your email address will not be published.