কেন্দ্ৰৰ মতেই হ’ল সমষ্টি পুনৰ নিৰ্ধাৰণ

Share This Article

জম্মু-কাশ্মীৰত শীঘ্ৰেই সমষ্টি পুনৰ নিৰ্ধাৰণ হ’ব৷দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে নাকচ কৰিলে ইয়াৰ বিৰোধিতা কৰি দাখিল কৰা আৱেদন।সঞ্জয় কিষাণ কৌল আৰু এ এছ অ’কাৰ বিচাৰপীঠে কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত কোনো সিন্ধান্ত ল’ব পৰা অৱস্থাত নাই।সংবিধানৰ ৩৭০ অনুচ্ছেদ অনুসৰি জম্মু কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰা আৰু জম্মু-কাশ্মীৰ আৰু লাডাখ নামৰ দুখন পৃথক কেন্দ্ৰীয় শাসিত অঞ্চল গঠন কৰা প্ৰক্ৰিয়াটো কাৰ্যকৰী কৰিছে কেন্দ্ৰীয় চৰকাৰে।বিচাৰপীঠে লগতে কয় ‘ পুনৰ গঠন প্ৰক্ৰিয়াটো ন্যায়ালয়ত পৰি আছে।আমি ইয়াৰ গুণাগুণ সম্পৰ্কত একো আলোচনা কৰিব বিচৰা নাই৷এক কথাত ইয়াৰ বিৰোধিতা কৰা আৱেদন খন খাৰিজ কৰা হৈছে।’বিগত ডিচেম্বৰত মোডী চৰকাৰে উচ্চতম ন্যায়ালয়ক জনাইছিল যে জম্মু কাশ্মীৰত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে ২০২৬ চনলৈকে ৰৈ থকাটো সম্ভৱ নহ’ব।বিগত বৰ্ষৰ ৫ মে’ত ,সমষ্টি পুনৰ নিৰ্ধাৰণ আয়োগৰ ৩ জনীয়া সদস্যই নতুন কেন্দ্ৰীয় শাসিত অঞ্চলৰ মানচিত্ৰ প্ৰস্তুত কৰিছিল।জম্মুৰ হিন্দু সংখ্যাগৰিষ্ঠ ৪৩ টা আৰু মুছলমান সংখ্যাগৰিষ্ঠ ৪৭ টা চিহ্নিত কৰি ৰাজ্যখনৰ সমষ্টিৰ সংখ্যা মুঠ ৮৩ ৰ পৰা ৯০ খন আসনলৈ বৃদ্ধি কৰা হৈছিল।নতুনকৈ সংযোজিত কৰা ৭ টা সমষ্টিৰ ৬ টা জম্মুত আৰু ১ টা কাশ্মীৰৰ অন্তৰ্ভুক্ত হৈছে।ইয়াৰ আগতে জম্মুৰ আসন আছিল ৩৭ খন আৰু কাশ্মীৰৰ আসন আছিল ৪৬ খন ।আসনৰ সংখ্যা বৃদ্ধি হ’লে কাশ্মীৰৰ প্ৰতিনিধিত্ব ৫৫.৪% ৰ পৰা ৫২.২% লৈ হ্ৰাস পোৱাৰ বিপৰীতে জম্মুৰ প্ৰতিনিধিত্ব ৪৪.৬% পৰা ৪৭.৮% লৈ বৃদ্ধি পাব৷এই সমষ্টি পুনৰগঠন প্ৰক্ৰিয়াটো ২০১১চনৰ লোকপিয়ল অনুসৰি কৰা হৈছিল।উল্লেখ্য যে জম্মু কাশ্মীৰে ইয়াৰ বিশেষ ৰাজ্যৰ মৰ্যাদা হেৰুৱাইছিল ২০১৯ চনৰ ৫ আগষ্টত৷২০২১ চনৰ জুন মাহত অনুষ্ঠিত এখন সৰ্বদলীয় বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সমষ্টি পুনৰগঠন প্ৰক্ৰিয়াৰে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পিছত পুনৰ ৰাজ্যিক মৰ্যদা ঘূৰাই দিয়া হ’ব বুলি ঘোষণা কৰিছিল৷কিন্তু বিৰোধী দলবোৰে বিশেষ মৰ্যাদা কৰ্তনৰ বিষয়টোৰ প্ৰতিবাদ কৰিছিল৷সমষ্টি পুনৰ গঠন আৰু নিৰ্বাচনৰ আগতেই ৰাজ্যৰ মৰ্যদা ঘূৰাই দিয়াৰ দাবী তুলিছে বিৰোধী দলবোৰে।অৱশ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ইয়াৰ বিৰোধিতা কৰি জনাইছিল যে সমষ্টি পুনৰগঠন ইতিমধ্যে চূড়ান্ত হ’ল আৰু এতিয়া কোনো আইনী প্ৰত্যাহ্বান গ্ৰহণযোগ্য নহয়।২০০২ চনৰ সমষ্টি পুনৰ গঠন আইন অনুসৰি আয়োগে ইউনিয়ন গেজেটত এই সম্পৰ্কে প্ৰকাশ কৰাৰ পিছত ইয়াক আৰু প্ৰত্যাহ্বান জনোৱাৰ কোনো সুবিধা নাথাকে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.