কেগৰ প্ৰতিবেদনৰ পাতে পাতে কি আছে ?

Share This Article

২০১৪ চনৰ আগত কেগৰ ৰিপোৰ্ট মানেই আছিল সংবাদ মাধ্যমৰ শীৰ্ষ বাতৰি , বিৰোধীৰ মোক্ষম অস্ত্ৰ ৷ প্ৰায় ১০ বছৰ পাছত পৰিস্থিতি ইমানেই সলনি হ’ল যে কেগৰ প্ৰতিবেদনো গুৰুত্বহীন হৈ পৰিল ৷ শেহতীয়াকৈ কেগৰ প্ৰতিবেদনত অনেক বিস্ফোৰক , আশ্চৰ্যজনক তথ্য প্ৰকাশ পাইছে ৷ এসপ্তাহ পাৰ হৈ গ’ল ক’তোয়েই যেন তাৰ কোনো পাশ্বক্ৰিয়া নাই ৷ কংগ্ৰেছে বিবৃতি দিছে , আপে সৰুকৈ আন্দোলনৰ কাৰ্যসূচীও লৈছে , তাৰ বাতৰি কৰবাত ওলাইছে যদিও চকুত পৰাকৈ নাই ৷কেগৰ প্ৰতিবেদনৰ সৰু কেইটামান টোকা এনেধৰণৰ –

 

১ কিলোমিটাৰ ৰাস্তাত ব্যয় ২৫০ কৌটি টকা

 

১ কিলোমিটাৰ ৰাস্তা নিৰ্মানত ব্যয় ২৫০ কৌটি টকা ৷ এই ঘটনা দ্বাৰকা এক্সপ্ৰেছ ৱে নিৰ্মানৰ ৷ কেগৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি দিল্লী –ভাৰতমালা প্ৰকল্পৰ প্ৰথম পৰ্যায়ত গুৰগাও সংযোগী দ্বাৰকা এক্সপ্ৰেছ ৱে নিৰ্মান কৰা হৈছিল ৷ মুঠ ২৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথটোৰ নিৰ্মানৰ ক্ষেত্ৰত কেবিনেট উপ সমিতিৰ মঞ্জুৰিতকৈ কেবাগুণ অধিক মূল্যৰ ঠিকা প্ৰদান কৰা হ’ল নিৰ্মানকাৰী প্ৰতিষ্ঠানক ৷ দ্বাৰকা এক্সপ্ৰেছ ৱেত প্ৰতিকিলোমিটাৰ পথ নিৰ্মানৰ বাবদ ১৮ কৌটি ২০ লাখ টকাৰ অনুমোদন দিছিল অৰ্থনৈতিক বিষয়ৰ কেবিনেট উপ সমিতিয়ে ৷ কিন্তু ৰাষ্ট্ৰীয় পথ পৰিবহন মন্ত্ৰালয়ে নিৰ্মানকাৰী প্ৰতিষ্ঠানক প্ৰতিকিলোমিটাৰ পথৰ বাবে আবণ্টন দিলে ২৫০ কৌটি ৭৭ লাখ টকা ৷

দিল্লী- গুৰগাও সংযোগী ৪৮ নং ৰাষ্ট্ৰীয় ঘাইপথক ১৪ লেনযুক্ত এক্সপ্ৰেছ ৱে হিচাপে বিকশিত কৰাৰ প্ৰকল্প আছিল দ্বাৰকা এক্সপ্ৰেছ ৱে ৷ প্ৰতি কিলোমিটাৰ ৰাস্তা নিৰ্মানৰ ব্যয় কেনেকৈ ১৮ কৌটিৰ পৰা ২৫০ কৌটিলৈ বৃদ্ধি পালে কেগে তাক লৈ আশ্চৰ্য প্ৰকাশ কৰি কৈছে যে প্ৰতি কিলোমিটাৰত ২৫০ কৌটি ব্যয় কৰা চৰকাৰে এতিয়া পইচা আদায় কৰাৰ বাবে টোলকৰ অভাবনীয়ভাৱে বৃদ্ধি কৰিছে ৷ একোখন গাড়ী এবাৰ পাৰ হ’লেই ২৯০ টকা আদায় দিব লাগে ৷ যিটো অত্যন্ত বেছি হৈছে ৷ কিয়নো একেটা ৰাষ্ট্ৰীয় ঘাইপথত থকা অন্য টোলগেটত টোলকৰৰ পৰিমান হ’ল ৬০ টকা ৷ কোনো কাৰণ নোহোৱাকৈ প্ৰতি কিলোমিটাৰ ৰাস্তা নিৰ্মানত ২৫০ টকা ব্যয় কৰা হৈছে বুলি কেগে স্পষ্টকৈ মন্তব্য কৰিছে ৷

 

৪ লাখ কৌটি টকাৰ অনিয়ম

 

কেন্দ্ৰীয় চৰকাৰে দেশৰ ৭৪ হাজাৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মানৰ বাবে গ্ৰহণ কৰিছিল ভাৰতমালা নামৰ প্ৰকল্প ৷ ২০১৭ চনৰ অক্টোবৰ মাহত অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় উপ সমিতিয়ে এই প্ৰকল্পত অনুমোদন দিয়ে ৷ প্ৰথম পৰ্যায়ত ভাৰতমালা প্ৰকল্পৰ অধীনত ৩৪ , ৮০০ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মান কৰিবলৈ লোৱা হয় ৷ ইয়াৰ বাবে কেবিনেট উপ সমিতিয়ে ৫ লাখ ৩৫ হাজাৰ কৌটি টকাৰ অনুমোদন দিয়ে ৷ কেগৰ প্ৰতিবেদনত দেখা গ’ল যে ২০২৩ চনৰ ৩১ মাৰ্চলৈ ২৬ , ৩১৬ কিলোমিটাৰ পথ নিৰ্মানত অনুমোদন দিয়া হৈছিল ৷ এই পথৰ ঠিকাৰ বাবে আবণ্টন দিয়া হ’ল ৮ লাখ ৪৬ হাজাৰ ৫৮৮ কৌটি টকা ৷ অথচ কেন্দ্ৰৰ অৰ্থনৈতিক পৰিক্ৰমা বিষয়ৰ উপ সমিতিয়ে ৩৪, ৮০০ কিলোমিটাৰ ৰাস্তাৰ বাবে অনুমোদন দিছিল ৫ লাখ ৩৫ হাজাৰ কৌটি টকা ৷ কেগে নিজৰ উল্লেখ কৰা অনুসৰি , কেবিনেট উপ সমিতিয়ে প্ৰতি কিলোমিটাৰ ৰাস্তাৰ বাবে অনুমোদন দিছিল ১৫.৩৭ কৌটি টকা অথচ ঠিকা প্ৰদানৰ সময়ত প্ৰতি কিলোমিটাৰ ৰাস্তাত প্ৰদান কৰা হ’ল ৩২.১৭ কৌটি টকাকৈ ৷ অৰ্থাৎ কেবিনেট উপ সমিতিয়ে অনুমোদন নিদিয়াকৈ ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়ে প্ৰতি কিলোমিটাৰ ৰাস্তাৰ ব্যয় ১৬ কৌটি ৮ লাখ টকাকৈ বৃদ্ধি কৰা হ’ল ৷ এনেদৰে নিৰ্মান ব্যয় বৃদ্ধিৰ ফলত ২৩ হাজাৰ কিলোমিটাৰ ৰাস্তাৰ ব্যয় অজ্ঞাত কাৰণত ৪ লাখ কৌটি বৃদ্ধি পালে ৷ কেৱল সেয়াই নহয় ., প্ৰাইজ এডজাষ্টমেণ্টৰ নামত ঠিকাদাৰক প্ৰায় ১০০ কৌটি টকা অতিৰিক্তভাৱে আদায় দিয়াৰ তথ্যও কেগৰ প্ৰতিবেদনত ধৰা পৰিছে ৷

 

অবৈধ টোলগেটেৰে জনতা পৰা লুটিলে ১৫৪ কৌটি টকা

 

কেগৰ প্ৰতিবেদনত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে ৰাষ্ট্ৰীয় ঘাইপথ টোল মাচুল নিয়ম উলংঘা কৰি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে অবৈধভাৱে সংগ্ৰহ কৰিছে ১৫৪ কৌটি টকা ৷ চাৰি লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মানৰ সময়ত ২০১৩ চনত ৰাষ্ট্ৰীয় ঘাইপথ টোল মাচুলৰ নীতি সংশোধন কৰা হৈছিল ৷ এই নতুন নিয়ম অনুসৰি , ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মান সম্পূৰ্ণ নোহোৱাকৈ টোল মাচুল সংগ্ৰহ কৰিব নোৱাৰিব ৷ কিন্তু কেগে দক্ষিন ভাৰতৰ মাত্ৰ ৫ খন টোলগেট পৰীক্ষা কৰি দেখিবলৈ পায় যে অসম্পূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বিশাল পৰিমানৰ ধন সংগ্ৰহ কৰি থকা হৈছে ৷ নাথাভালচা , চালাগেৰী আৰু হেবালুৰ অবৈধ টোলগেটৰ পৰা সংগ্ৰহ কৰা হৈছে ১২৪ কৌটি ১৮ লাখ টকা ৷ ২০২০ চনৰ মে মাহৰ পৰা ২০২১ চনৰ মাৰ্চ মাহলৈ এই বিশাল পৰিমানৰ ধন অবৈধ টোলগেটৰ পৰা সংগ্ৰহ কৰা হৈছে ৷ একেদৰে পাৰানুৰ আৰু মাদপাম টোলগেটত নিৰ্মান কাৰ্য চলি থকা সময়ত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰধিকৰণে ৭৫ শতাংশ টোল মাচুল ৰেহাই দিছিল যদিও টোলকৰ সংগ্ৰহ অব্যাহত ৰাখিছিল ৷ এনেকৈ এই দুখন টোলগেটৰ পৰা সংগ্ৰহ কৰা হয় ৭ কৌটি ৮৭ লাখ টকা ৷ ২০১৮ ৰ পৰা ২০২১ ৰ মাৰ্চ মাহলৈ এই টোলকৰ সংগ্ৰহ কৰা হৈছিল ৷ অৰ্থাৎ মুঠ ৫ খন টোলগেটৰ পৰা এই সময়ছোৱাত অবৈধভাৱে সংগ্ৰহ কৰা হয় মুঠ ১৩২ কৌটি ৫ লাখ টকাৰ টোলকৰ ৷ কেৱল সেয়াই নহয় , ১৯৫৬ চনৰ আগতেই নিৰ্মান হোৱা দলঙৰ পৰাও টোলকৰ সংগ্ৰহ কৰি থকাৰ তথ্য কেগৰ প্ৰতিবেদনত উন্মোচন হৈছে ৷ পাৰানুৰ টোলগেটৰ অন্তৰ্গত ৰাষ্ট্ৰীয় ঘাইপথত ১৯৫৪ চনতেই এখন দল৪ নিৰ্মান কৰা হৈছিল ৷ এই দলঙখনৰ পৰাও ২০১৭- ১৮ বৰ্ষৰ পৰা ২০২০-২১ বৰ্ষৰ ভিতৰত সংগ্ৰহ কৰা হৈছে ২২ কৌটি ১০ লাখ টকাৰ টোলকৰ ৷ এইদৰে মুঠ ১৫৪ কৌটিৰ অবৈধ টোলকৰ সংগ্ৰহৰ তথ্য ফাদিল হৈছে কেগৰ প্ৰতিবেদনত ৷

 

মৃত ব্যক্তিৰ চিকিৎসাত ব্যয় ৬.৯৭ কোটি

 

কেগৰ প্ৰতিবেদনৰ পাতে পাতে উন্মোচন হৈছে হিতাধিকাৰী আচনিৰ নামত চলি অহা জালিয়াতি আৰু অনিয়মৰ তথ্য ৷ কেগৰ প্ৰতিবেদনত উল্লেখ থকা অনুসৰি ট্ৰানজেকশ্যন মেনেজমেণ্ট চিষ্টেমত পূৰ্বৰে পৰা মৃত বুলি ঘোষণা কৰা ব্যক্তিৰো চিকিৎসা চলি আছিল আয়ুষ্মান ভাৰতত ৷ এনে ৩৪৪৬ গৰাকী ব্যক্তিক চিনাক্ত কৰি উলিয়াইছে কেগে ৷ যিসকলক মৃত বুলি ঘোষণা কৰাৰ পাছতো অদায় দি থকা হৈছিল মুঠ ৬ কৌটি ৯৭ লাখ টকা ৷একেদৰে প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাত সন্নিৱিষ্ট হৈ আছে একেটা ফোন নম্বৰৰ বিপৰীতে লাখ লাখ হিতাধিকাৰী ৷ ৯৯৯৯৯৯৯৯৯৯ নম্বৰৰ বিপৰীতে আছে ৭ লাখ ৫০ হাজাৰ হিতাধিকাৰী , ৮৮৮৮৮৮৮৮৮৮ নম্বৰৰ বিপৰীতে আছে ১ লাখ ৩৯ হাজাৰ হিতাধিকাৰী ,৯০০০০০০০০০ নম্বৰৰ বিপৰীতে আছে ৯৬ হাজাৰ হিতাধিকাৰী ,আন ২০ টা সন্দেহজনক ফোন নম্বৰৰ বিপৰীতে আছে ৫০ হাজাৰ পৰ্যন্ত হিতাধিকাৰী ৷কেৱল সেয়াই নহয় , পৰিয়ালৰ সদস্যৰ সংখ্যাৰ ক্ষেত্ৰতো দেখা গৈছে ব্যাপক খেলিমেলি ৷ কেগৰ পৰীক্ষাত পোহৰলৈ আহিছে তেনে কেতবোৰ উদ্বেগজনক তথ্য ৷ ৪৩ হাজাৰ পৰিয়ালৰ সদস্যৰ সংখ্যা ১১ ৰ পৰা ২০১ জন ৷এয়া অত্যন্ত সন্দেহজনক বুলি মন্তব্য কৰিছে কেগে ৷

 

ইয়াৰ বাহিৰেও ৰাম জনমভূমিৰ প্ৰকল্প , হিন্দুস্থান এৰ’নটিকছ লিমিটেডৰ অনেক অনিয়ম কেগৰ প্ৰতিবেদনত পোহৰলৈ আহিছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.