কিয় প্ৰবাসীক গুৰুত্ব দিয়ে প্ৰধানমন্ত্ৰীয়ে?

Share This Article

প্ৰৱাসী ভাৰতীয় দিৱস উদযাপন হৈছে ইন্দোৰত।৯ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰে এই দিৱসৰ কাৰ্যসূচী৷মধ্য প্ৰদেশৰ ইন্দোৰত উদযাপন হৈছে ১৭ তম প্ৰবাসী ভাৰতীয় দিৱস৷দেশৰ ৰাষ্ট্ৰপতি,প্ৰধানমন্ত্ৰী,বৈদেশিক মন্ত্ৰী আৰু কেইবাজনো কেবিনেট মন্ত্ৰীয়ে ইয়াত অংশ লোৱাৰ কথা। প্ৰতি বছৰে ৯ জানুৱাৰীত প্ৰৱাসী ভাৰতীয় দিৱস উদযাপন কৰা হয়।এই দিনটোতে উদযাপন কৰাৰ কাৰণ হ’ল জাতিৰ পিতা মহাত্মা গান্ধী দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ৯ জানুৱাৰীত ঘূৰি আহিছিল।বৈদেশিক মন্ত্ৰালয়ৰ এক সূত্ৰ অনুসৰি বিশ্বৰ প্ৰায় ১০০ খন দেশত ৩.২কোটি প্ৰবাসী ভাৰতীয় আছে৷বিগত ২৮ বছৰত প্ৰবাসত বাস কৰা ভাৰতীয়ৰ সংখ্যা প্ৰায় ৩৪৬% বৃদ্ধি পাইছে৷১৯৯০ চনত প্ৰবাসী ভাৰতীয়ৰ সংখ্যা আছিল ৯ মিলিয়ন।২০২২চনৰ এপ্ৰিলত লোকসভাত এক প্ৰশ্নৰ উত্তৰ দি কেন্দ্ৰীয় গৃহ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে জনাইছিল। ২০১৫ চনৰ ১ জানুৱাৰীৰ পৰা ২০২১ চনৰ ৩০ ছেপ্তেম্বৰৰ সময়চোৱাত ৯ লাখ লোকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হয়৷কিন্তু গুৰুত্বপূৰ্ণ বিষয় এয়ে যে প্ৰতি দিনেই প্ৰায় ৩৫০ জন লোকে ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰে।গুৰুত্বপূৰ্ণ বিষয় এয়ে যে বিশ্বৰ ৩ খন প্ৰভাৱশালী দেশ যেনে ব্ৰিটেইন,পৰ্তুগাল আৰু আয়াৰলেণ্ডৰ প্ৰধানমন্ত্ৰী কেইগৰাকী ভাৰতীয় মূলৰ৷ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি চুনক,আয়াৰলেণ্ডৰ লিঅ’ বাৰাদকাৰ,পৰ্তুগালৰ এণ্টনিঅ’ কষ্টা ভাৰতীয় মূলৰ প্ৰধানমন্ত্ৰী৷তদুপৰি আমেৰিকাৰ উপ ৰাষ্ট্ৰপতি কমলা হেৰিছ,গিয়েনাৰ ৰাষ্ট্ৰপতি মহম্মদ ইৰফান আলীও ভাৰতীয় মূলৰ ।ইয়াৰ ওপৰিও মুঠ ৩০ খন দেশৰ ২৮৫ জন সাংসদ ভাৰতীয় মূলৰ৷ বিশ্বৰ মুঠ ৫০০ কোম্পানীৰ প্ৰায় ১২% মুখ্য কাৰ্যবাহী বিষয়া ভাৰতীয় মূলৰ ।গুগলৰ পৰা মাইক্ৰচফ্টলৈকে একপ্ৰকাৰ ৰাজত্ব চলাই আছে এই সকল বিষয়াই।এই গুৰুত্বপূৰ্ণ দায়িত্বত থকা ভাৰতীয় সকলক দেশত বা বিদেশতো কিয় গুৰুত্ব দিয়া হয়? কাৰণ তেওঁলোকে দুখন দেশৰ মাজত সেঁতুৰ দৰে কাম কৰে৷তদুপৰি তেওঁলোকে উপাৰ্জনৰ এটা অংশ ভাৰতলৈ প্ৰেৰণ কৰে।২০২২ চনত প্ৰবাসী ভাৰতীয়ই সৰ্বাধিক পৰিমাণৰ উপাৰ্জনৰ অংশ দেশলৈ পঠিয়াইছে৷প্ৰবাসী ভাৰতীয়ৰ পৰা এইবাৰ চৰকাৰে লাভ কৰিছে ৮২৬ কোটি টকা।প্ৰবাসী ভাৰতীয়ই ভাৰত-আমেৰিকাৰ নিউক্লিয়েৰ চুক্তিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। ২০০৮ চনৰ এই চুক্তিৰ সময়ত নিউক্লিয়েৰ চুক্তিখনৰ তীব্ৰ বিৰোধিতা কৰিছিল আমেৰিকান কংগ্ৰেছ। এই সময়চোৱাত আমেৰিকাত থকা ভাৰতীয়সকলে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল।প্ৰবাসী ভাৰতীয় দিৱস উদযাপনৰ প্ৰধান লক্ষ্য হৈছে বিদেশত থকা ভাৰতীয় সকলক দেশৰ লোকৰ লগত মত বিনিময়ৰ সুবিধা দিয়া৷তদুপৰি বিভিন্ন দেশৰ লগত ভাৰতীয়ৰ নতুন প্ৰজন্মৰ এক সুসম্পৰ্ক ৰক্ষা কৰা আৰু প্ৰৱাসী ভাৰতীয়ক এক পৃথক মঞ্চ প্ৰদান কৰা।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.