কালিলৈ এবছৰ সম্পূৰ্ণ হ’ব অনুচ্ছেদ ৩৭০ ৰ বিলুপ্তিৰ- কেনে আছে কাশ্মীৰ?

Share This Article

যোৱাবছৰৰ জুলাই মাহৰ ঠিক শেষৰ ফালৰ ঘটনা। লাখে লাখে ভাৰতীয় শূন্য বাহিনীৰ জোৱান ৰাওনা হৈছিল কাশ্মীৰলৈ। ছ’ছিয়েল মেডিয়াত ব্যাপক চৰ্চা লাভ কৰিছিল কাশ্মীৰৰ ৰাজপথত লাখ লাখ ভাৰতীয় সেনাই পেৰেড কৰাৰ কিছুমান বিশেষ ভিডিও। সকলোৰে মনত এটাই প্ৰশ্ন পুনৰ কি সংকট আহিছে কাশ্মীৰত?

দিল্লীত তেতিয়া সংসদৰ গ্ৰীষ্ম কালীন অধিবেশন। বিৰোধীৰো একেই প্ৰশ্ন চৰকাৰক- কিয় ইমান সেনা মোটায়েন কৰা হৈছে কাশ্মীৰত।চৰকাৰ নিমাত।

চৰকাৰী দলৰ প্ৰবক্তা সকলৰ বতাহত গদা ঘূৰাই এটাই উত্তৰ-পুনৰ সন্ত্ৰসবাদীৰ ভাবুকি আহিছে কাশ্মীৰলৈ।

ইমানৰ পাছতো উৎসুকতা সামৰিব নোৱাৰা সকলে যোগাযোগ কৰিছে কাশ্মীৰী বন্ধু বান্ধৱক। নাই কোনেও একো নাজানে।

উৎসুকতা কেৱল সাধাৰণ ৰাইজৰে নহয়, একেই অৱস্থা কাশ্মীৰৰ ৰাজনৈতিক মহলৰো। শ্ৰীনগৰৰ ফাৰুক আব্দুলাৰ ঘৰত সঘন বহিছে কাশ্মীৰৰ ৰাজনৈতিক দল সমূহৰ সৰ্বদলীয় আলোচনা।

সংবাদ মাধ্যমো ভৰি পৰিছে ‘বিশেষ সূত্ৰৰ পম খেদি গম পোৱা’ বিশেষ বিশেষ খবৰ। কিন্তু কোনো খাটাং নহয়।আচলতে হৈছে কি কাশ্মীৰত।

অৱশেষত আহিল ৫ আগষ্টৰ পুৱা। বিশেষ সূত্ৰই দিয়া আভাসৰ ভিত্তিত দেশৰ সকলো সংবাদ গোষ্ঠীৰ সংবাদকৰ্মী সকল পুৱাই আহি সংসদ ভৱনৰ সমুখত হাজিৰ। অপেক্ষা নৱ নিযুক্ত গৃহ মন্ত্ৰী অমিত শ্বাহলৈ।

তেতিয়া সময় ১০ বাজি ৩০ মিনিট। হাঁহি হাঁহি সংসদত প্ৰৱেশ অমিত শ্বাহৰ। হাতত কেইখিলা মান কাগজ। সাংসদত শ্বাস ৰুদ্ধকৰ পৰিবেশ। কি বিশেষ ঘোষণা কৰিব অমিত শ্বাহে?

মাইক্ৰফোনটোৰ সমুখত থিয় হৈয়ে অমিত শ্বাহৰ প্ৰথম ঘোষণা- আজিৰ পৰা আৰু কাশ্মীৰত নাথাকিব অনুচ্ছেদ ৩৭০। ভাৰত চৰকাৰে অনুচ্ছেদ ৩৭০ ৰ বৈধতা খৰিজ কৰিছে।
ইয়াৰ লগে লগে কাশ্মীৰে হেৰাৱালে ৰাজ্যৰ মৰ্যদা। দুটা ভাগত বিভক্ত কৰা হ’ল কাশ্মীৰ। হেৰুৱালে তেওঁলোকৰ পৃথক সংবিধান আৰু পতাকা।

ইয়াৰ সমান্তৰাল ভাৱে গৃহ বন্দী কৰা হ’ল ৰাজ্যখনৰ পূৰ্বৰ ৩ জনকৈ মুখ্যমন্ত্ৰীকে ধৰি প্ৰায় শতাধিক ৰাজনৈতিক নেতাক। ৫ শতাধিকতকৈও অধিকক কৰা হ’ল ৰাজনৈতিক বন্দী। ইয়াৰে বহুসংখ্যকে আজিও মুকলি আকাশৰ তললৈ আহিব পৰা নাই। শেহতীয়াকৈ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবোবা মুফটিৰ বন্দীত্ব আৰু তিনি মাহলৈ বঢ়াই দিয়া হৈছে।

প্ৰায় এবছৰ ধৰি বন্ধ হৈ আছে তীব্ৰবেগী ইণ্টাৰনেট সেৱা। বন্ধ হৈ আছে স্কুল আৰু আন আন শিক্ষানুষ্ঠান।অনুষ্ঠিত হোৱা নাই কোনো গণতান্ত্ৰিক নিৰ্বাচন(সকলো নেতা বন্দী হৈ থাকিলে নিৰ্বাচন বা হ’বই কেনেকৈ?)।

অনুচ্ছেদ ৩৭০ বাতিল কৰোঁতে চৰকাৰৰ ভাষ্য আছিল যে ই জম্মু কাশ্মিৰীৰ উন্নয়নত ব্যাঘাত জন্মইছে আৰু সন্ত্ৰাসবাদ বিয়পুৱাত সহায় কৰিছে।

কিন্তু প্ৰশ্ন হয় ৩৭০ ৰ বাতিলৰ পিছত আজি জম্মু কাশ্মীৰৰ উন্নয়ন হৈছে নে?

কিয় এই পৰ্যন্ত 4G ইণ্টাৰনেট সেৱা পুনৰ আৰম্ভ কৰা নাই চৰকাৰে?

কিয় জম্মু কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকে কোৱাৰ মতে এতিয়াও নিযুক্তি হোৱা নাই ৫০০০০ কাশ্মিৰী যুৱকৰ?

একবছৰ যুৰি লোকডাউনৰ মাজত থকা ৰাজ্যখনৰ ব্যৱসায় বাণিজ্যৰ লোকচানৰ পৰিমাণ জানিব পাপৰ মতে প্ৰায় ৪০০০০ কোটি। এই বিষয়ত কেন্দ্ৰীয় চৰকাৰৰ কিবা পৰিকল্পনা আছে নে?

চৰকাৰে কৈ থকাৰ দৰে যদি সকলো স্বাভাৱিকেই আছে। কিয় এই পৰ্যন্ত ভাৰতবৰ্ষৰ ১৩০ কোটি জনগণে নিৰ্বাচন কৰি পঠোওৱা সাংসদ সকলক কাশ্মীৰ যোৱাৰ অনুমতি দিয়া হোৱা নাই?

এই প্ৰশ্ন সমূহ লৈয়ে কাইলৈ কাশ্মীৰে বিশেষ অধিকাৰ হেৰুৱাৰ বাৰ্ষিকীত ভৰি দিব।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.