কংগ্ৰেছৰ ৱৰ্কিং কমিটিত কোন?

ৰাহুল গান্ধীৰ হাতত ধৰিয়েই কানহায়া কুমাৰ আহিছিল কংগ্ৰেছলৈ।বিজেপিয়ে কানহায়া কুমাৰক টুকৰে টুকৰে গেঙৰ সদস্য বুলি প্ৰায়ে সমালোচনা কৰে।সেই টুকৰে টুকৰে গেঙৰ সদস্যকে এইবাৰ কংগ্ৰেছৰ ৱৰ্কিং কমিটিৰ সদস্য হিচাপে অন্তৰ্ভুক্ত কৰিব দলটোৱে।ৰাহুল গান্ধীৰ একান্ত ইচ্ছাৰ বাবেই কানহায়া কুমাৰৰ নাম অন্তৰ্ভুক্ত হ’ব এই তালিকাত।উল্লেখ্য যে কানহায়া কুমাৰে বিগত ‘ভাৰত জোড়ো’ যাত্ৰাত প্ৰথমৰ পৰা শেষলৈকে সহযোগিতা আগবঢ়াইছিল।অহা সপ্তাহত কংগ্ৰেছ ৱৰ্কিং কমিটিৰ সদস্য সকলৰ তালিকা ঘোষণা কৰা হ’ব ।এই তালিকাত ৰাহুল গান্ধীৰ বিশ্বস্ত অজয় মাকেন,ৰণদীপ সিংহ সূৰ্যৱালা,কুমাৰী শৈলজা অন্তৰ্ভুক্ত হোৱাটো নিশ্চিত।২০১৪ চনৰ পৰা ধাৰাবাহিকভাৱে পৰাজিত হৈ অহা কংগ্ৰেছ দলে উদয়পুৰ চিন্তন শিবিৰত নিৰ্বাচনৰ বাবে এখন সুকীয়া সমিতি গঠনৰ সিন্ধান্তৰ কথা ৰাজহুৱা কৰিছিল।সূত্ৰ অনুসৰি এআইচিচিত সাধাৰণ সম্পাদকৰ দায়িত্বত থকা বহুবোৰ লোকক এই দায়িত্বৰ পৰা আঁতৰোৱা হ’ব৷ৰাজস্থান,ছত্তীশগড়,দিল্লী,মহাৰাষ্ট্ৰ,তামিলনাডুকে আদি কৰি মুঠ ৮ খন ৰাজ্যত ৰাজ্যিক সভাপতি সালসলনি হোৱাটো নিশ্চিত।বিগত সপ্তাহত অসুস্থতাৰ বাবে চিকিৎসালয়ত ভৰ্তি হোৱা কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী ইতিমধ্যে সুস্থ হৈ উঠিছে আৰু সোমবাৰে দলৰ সংসদীয় বৈঠকত অংশ লয়৷নতুন ৱৰ্কিং কমিটিত খাড়্গে,ছোনিয়া গান্ধী,ৰাহুল গান্ধী,মনমোহন সিং,অধীৰ চৌধুৰীৰ বাহিৰেও আন ৩৫ গৰাকী সদস্য থাকিব৷ৰায়পুৰ অধিৱেশনত কংগ্ৰেছ সভাপতি গৰাকীয়েই ৱৰ্কিং কমিটিৰ সদস্য মনোনীত কৰিব বুলি সিন্ধান্ত লোৱা হৈছিল।ৱৰ্কিং কমিটিত মহিলাৰ সদস্য সংখ্যা বৃদ্ধি কৰা হ’ব।লোকসভা তথা ৰাজ্যসভাৰ পৰা এগৰাকীকৈ সাংসদক সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হ’ব।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296