‘এডিনা’ই সঁচা হ’ল কৰ্ণাটকত !

Share This Article

কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনক লৈ বিভিন্ন প্ৰতিষ্ঠানে চলোৱা সমীক্ষাই ভয়ংকৰ বিপৰ্যয়ৰ ইংগিত দিছিল বিজেপিক।বিভিন্ন নামীদামী প্ৰতিষ্ঠানৰ সমীক্ষাৰ তথ্যই টোপনি হৰিছিল বিজেপিৰ !কিন্তু এই সকলোবোৰ প্ৰতিষ্ঠানৰ ভিতৰত ‘এডিনা’ নামৰ তুলনামূলকভাৱে সৰু পৰ্টেলটোৱে সকলোতকৈ নিৰ্ভৰযোগ্য সমীক্ষা আগবঢ়াইছিল।’এডিনা’ নামৰ প্ৰতিষ্ঠানে চলোৱা এক সমীক্ষাত কৰ্ণাটকৰ ভোটাৰক দুৰ্নীতি,মূল্যবৃদ্ধি,নিবনুৱা সমস্যাই জুৰুলা কৰা বুলি উল্লেখ কৰিছিল।’এডিনা’ৰ সমীক্ষাৰ দৰেই জনতাই এই তিনিটা বিষয়ৰ সমাধান দিব পৰা দলৰ প্ৰাৰ্থীকহে এইবাৰ বিজয়ী কৰাত অগ্ৰাধিকাৰ দিলে।’এডিনা’ই চলোৱা সমীক্ষা অনুসৰি ৬৮% লোক ৰাজ্যখনৰ দুৰ্নীতিক লৈ যথেষ্ট চিন্তিত আছিল।তদুপৰি ৪৭% লোক মূল্যবৃদ্ধিক লৈ যথেষ্ট সমস্যাত পৰিছিল৷তেওঁলোকৰ মতে বিজেপি চৰকাৰখনে মূল্যবৃদ্ধিক অলপো নিয়ন্ত্ৰণ কৰিব পৰা নাই ।ৰাজ্যখনৰ ৩৪% লোকৰ বাবে নিবনুৱা এক গুৰুতৰ সমস্যা হিচাপে প্ৰতিপন্ন হোৱা বুলি উল্লেখ কৰিছিল সমীক্ষাত।বিজেপি চৰকাৰখনে নিবনুৱা সমস্যা সমাধানৰ বাবে কোনো পদক্ষেপ নোলোৱাৰ বাবে ৰাজ্যখনত ভয়ানকভাৱে নিবনুৱা সমস্যা বৃদ্ধি পোৱাৰ লগতে খোৱা পানী,বিদ্যুৎ,মহিলাৰ নিৰাপত্তা আদি বিষয়সমূহক সমস্যা হিচাপে উল্লেখ কৰিছিল মাত্ৰ ১৩% লোকেহে।স্বাস্থ্য আৰু শিক্ষাৰ সমস্যাক গুৰুত্ব প্ৰদান কৰিছিল মাত্ৰ ১২% লোকে।অপৰাধ,হিংসাত্মক ঘটনা,অত্যাচাৰ আদিক গুৰুত্ব দিছিল মাত্ৰ ১০% লোকে।’এডিনা’ নামৰ সংস্থাটোৱে মুঠ ১৮৩ টা সমষ্টিৰ ৪০ হাজাৰ লোকৰ মাজত এই সমীক্ষা চলাইছিল।প্ৰতিটো সমষ্টিৰ প্ৰায় ৪০০ লোকৰ ঘৰলৈ গৈ এই তথ্য সংগ্ৰহ কৰিছিল !সংস্থাটোৱে বৰ্ণ আৰু সম্প্ৰদায়ৰ ভিত্তিতো ৰাজ্যখনৰ ভোটাৰৰ ওপৰত সমীক্ষা চলাইছিল।৫৭% উচ্চ বৰ্ণৰ লোকে বিজেপি চৰকাৰকে পুনৰ সমৰ্থন কৰাৰ বিপৰীতে অনুসূচিত জাতি,জনজাতি,মুছলমান,ভগালিগাচ আদি সম্প্ৰদায়ৰ লোকে বিজেপিৰ বিৰোধিতা কৰিছিল সমীক্ষাত। কংগ্ৰেছৰ ৭৩% সমৰ্থক,৬৬% জনতা দল ছেকুলাৰৰ সমৰ্থক,৬১% বিজেপিৰ সমৰ্থকে দুৰ্নীতিগ্ৰস্তক ভোটযুদ্ধত জয়ী হোৱাতো বিচৰা নাছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.