এখন ডকুমেণ্টেৰীয়ে টোপনি হৰিছে চৰকাৰৰ

Share This Article

বিবিচিৰ এখন ডকুমেণ্টেৰীৰ বাবেই সমগ্ৰ বিশ্বত লাগিছে হাহাকাৰ।বিবিচিয়ে প্ৰস্তুত কৰা এই ডকুমেণ্টেৰীখনৰ দ্বিতীয় খণ্ডও ইতিমধ্যে প্ৰকাশ পাইছে।কিন্তু আশ্চৰ্যজনকভাৱে ভাৰতত এই ডকুমেণ্টেৰীৰ প্ৰদৰ্শন বন্ধ কৰা হৈছে।ইয়াৰ কাৰণ হৈছে গুজৰাটৰ গোধৰাত ২০০২ চনত সংঘটিত হিংসাত্মক ঘটনাৰ বাবে ডকুমেণ্টেৰীখনত তেতিয়াৰ গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোডীক জগৰীয়া কৰা হৈছে।ইণ্ডিয়া : দ্যা মোডী কুৱেশ্বন নামৰ এই ডকুমেণ্টেৰীখন ভাৰতত প্ৰদৰ্শনৰ ক্ষেত্ৰত আৰোপ কৰা হৈছে কঠোৰ নিষেধাজ্ঞা।জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ কেইবাজনো ছাত্ৰছাত্ৰীক বুধবাৰে আৰক্ষীয়ে আটক কৰে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী সম্পৰ্কত বিবিচিয়ে প্ৰস্তুত কৰা ডকুমেণ্টেৰীখন বিশ্ববিদ্যালয়খনৰ চৌহদত ফে’চবুকৰ জৰিয়তে প্ৰদৰ্শনৰ কথা আছিল বুধবাৰে।এই সিন্ধান্তৰ বিষয়ে অৱগত হোৱাৰ পিছতে আৰক্ষীয়ে কেইবাজনো বাওঁপন্থী ছাত্ৰ সংগঠনৰ সদস্যক আটক কৰাৰ লগতে বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পথত কেৱল পৰীক্ষা থকা ছাত্ৰকহে ইয়াৰ ভিতৰত প্ৰৱেশৰ অনুমতি প্ৰদান কৰে।আনহাতে,জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়তো এই ডকুমেণ্টেৰীখন প্ৰদৰ্শনৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে বিশ্ববিদ্যালয় প্ৰশাসনে।বিশ্ববিদ্যালয়খনে আনকি সামাজিক মাধ্যমৰ জৰিয়তে কোনো ছাত্ৰ-ছাত্ৰীয়ে এই ডকুমেণ্টেৰীখন চালে তেওঁলোকৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জনায় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ মতে এই ডকুমেণ্টেৰীৰ প্ৰদৰ্শনে দেশত শান্তি শৃংখলা বিঘ্নিত কৰিব পাৰে।তদুপৰি ডকুমেণ্টেৰীখন প্ৰদৰ্শনৰ সময়ত বিজুলী কৰ্তন কৰিছিল বিশ্ববিদ্যালয় কৰ্তৃপক্ষই।ইতিমধ্যে বিজেপি দলে স্পষ্ট কৰি দিছে যে যিহেতু সেই সময়ৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোডী নিৰ্দোষী বুলি ন্যায়ালয়ে ঘোষণা কৰিছে সেয়ে এই বিষয়টোক লৈ এনেদৰে পুনৰ চৰ্চা কৰাটো উচিত হোৱা নাই।আনহাতে,আল জাজিৰা নামৰ সংবাদ প্ৰতিষ্ঠানটোৰ মতে মোডীৰ ওপৰত নিৰ্মিত ডকুমেণ্টেৰী ভাৰতত নিষিদ্ধ কৰিছে আনকি ইয়াৰ কোনো অংশ ছ’চিয়েল মেডিয়াত প্ৰদৰ্শন হোৱাৰ বিষয়টোতো নিষেধাজ্ঞা আৰোপ কৰিছে ভাৰত চৰকাৰে।আনহাতে ,দ্য গাৰ্ডিয়ানত প্ৰকাশিত বাতৰি অনুসৰি ভাৰতত বিবিচিৰ ওপৰত নিৰ্মিত ডকুমেণ্টেৰীৰ ওপৰত জৰুৰীকালীন আইন বলবৎ কৰি নিষেধাজ্ঞা আৰোপ কৰিছে ।বাংলাদেশৰ সংবাদপত্ৰ ঢাকা ত্ৰিবিউনত প্ৰকাশিত বাতৰি অনুসৰি গুজৰাট কাণ্ডৰ সময়ত প্ৰায় এহাজাৰ মুছলমান লোকে মৃত্যুক সাৱটি লৈছিল।CNN নামৰ সংবাদ প্ৰতিষ্ঠানটোৰ মতে টুইটাৰ আৰু ইউটিউবতো এই ডকুমেণ্টেৰীৰ দৃশ্যাংশ আপলোড কৰাত বাধা আৰোপ কৰা হৈছে।অৱশ্যে এই সম্পৰ্কত মুখ খোলা নাই টুইটাৰ অথবা ইউটিউব কৰ্তৃপক্ষই।আনহাতে, বৃটিছ প্ৰধানমন্ত্ৰী ঋষি চুনগৰ মতে ইতিমধ্যে নৰেন্দ্ৰ মোডীয়ে এই সম্পৰ্কত পাকিস্তানৰ এগৰাকী সাংসদে তোলা প্ৰশ্নৰ উত্তৰত তেওঁ জড়িত নথকাৰ বিষয়টো স্পষ্ট কৰিছে।বিজেপি নেতা চাজিয়া ইলমিয়ে আএএনএছক দিয়া এক সাক্ষাৎকাৰত কয় যে ভাৰতে G -20 সন্মিলন অনুষ্ঠিত কৰাৰ যোজা চলাই থকা সময়ত এনেধৰণৰ অপ্ৰয়োজনীয় বিষয়ৰ চৰ্চাই সমগ্ৰ বিশ্বৰ দেশবোৰৰ মাজত এক বিৰূপ প্ৰভাৱ পেলাব।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.