ঋষভ পণ্টৰ ’ভগৱানজন’

Share This Article

হাৰিয়ানাৰ বাছ চালক সুশীল কুমাৰে মৃত্যুৰ দুৱাৰডলিৰ পৰা ৰক্ষা কৰিলে ঋষভ পণ্টক৷ শুকুৰবাৰে পুৱতি নিশা ভয়ানক দুৰ্ঘটনাত পতিত হৈছিল ঋষভ পণ্টে চলাই যোৱা মাৰ্চিডিছ গাড়ীখন।জ্বলি থকা গাড়ীখনৰ পৰা সুশীল কুমাৰ আৰু তেওঁৰ সহযোগী কণ্ডাক্টৰ জনে ৰক্ষা কৰিছিল ঋষভ পণ্টৰ জীৱন।সেই মুৰ্হূতৰ সাক্ষী সুশীল কুমাৰে কয় ” তেতিয়া পুৱা প্ৰায় ৪ বাজি ২৫ মিনিট গৈছিল।আমাৰ গাড়ীখন ঠিক গুৰুকূল নাৰ্চান পাওঁ পাওঁ হওঁতেই বিপৰীত দিশৰ পৰা খুব স্পীডত এখন গাড়ী আহি ডিভাইডাৰত খুন্দা মাৰি পথটোত বাগৰি জ্বলিবলৈ আৰম্ভ কৰে।মই লগে লগে আমাৰ বাছখন পথৰ দাঁতিত ৰখাই গাড়ীখনৰ ফালে আগবাঢ়ি যাওঁ।”বাছ ড্ৰাইভাৰজনে কয় যে তেওঁ খুব সন্তপৰ্ণে ক্ৰিকেটাৰ জনক গাড়ীখনৰ বাহিৰলৈ উলিয়াই আনিছিল আৰু চিকিৎসালয় সঠিক সময়ত পোৱাৰ ব্যৱস্থা কৰিছিল।
সুশীল কুমাৰে কয়“ গাড়ীখনৰ খিৰীকিৰে ক্ৰিকেটাৰ জন আধা ওলাই আছিল।আমাৰ বাছৰ কণ্ডাক্টৰ পৰমজিতৰ সহায়ত তেওঁক আমি উলিয়াই আনিলোঁ।প্ৰথম অৱস্থাত আমি তেওঁক মৃত বুলি ভাবিছিলোঁ।তেওঁৰ মুখখন তেজেৰে তুমুৰলি হৈ আছিল আৰু পিন্ধি থকা কাপোৰবোৰ ফাটি গৈছিল।গাড়ীখনত আন কোনোবা আছে নেকি বুলি আমি চাইছিলোঁ আৰু তেতিয়া এটা বেগ আৰু নগদ ধন পাইছিলোঁ।”সুশীল কুমাৰে কৈছিল “ মানুহজনে আমাক ক্ৰিকেটাৰ বুলি পৰিচয় দিছিল।মই তেওঁক জনা নাছিলোঁ।মই চিনিয়ো পোৱা নাছিলোঁ।মই কেৱল মানৱীয় দৃষ্টিভংগীৰ ফালৰ পৰাহে তেওঁক সহায় কৰিছিলোঁ।”

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.