আপুনি নজনাকৈয়ে আপোনাৰ মূৰৰ ওপৰত বাঢ়িছে ধাৰৰ বোজা!

Share This Article

হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত দিশপুৰ ধাৰত পোত গৈছে। আকৌ ১০ হাজাৰ কোটি টকাৰ ধাৰ ল’ব অসম চৰকাৰে। এনে ধাৰৰ কেৱল সূতৰ পৰিমাণেই যোৱা ৭ বছৰত হৈছেগৈ ৩৪,২৭৪.৫৯ কোটি টকা। বিজেপি চৰকাৰখনে দায়িত্ব গ্ৰহণ কৰাৰে পৰা কেৱল ঋণ লৈছে। ৰিজাৰ্ভ বেংকৰ জৰিয়তে মুকলি বজাৰৰ পৰা লোৱা ঋণৰ পৰিমাণ প্ৰতিদিনে বাঢ়িছে। কেগৰ প্ৰতিবেদনত ধাৰৰ পৰিমানৰ ভয়াবহতা সন্দৰ্ভত পৰামৰ্শ দাঙি ধৰা হৈছে যদিও অসম চৰকাৰৰ কাণসাৰ নাই। অহা ৯ মে’ত পুনৰ এহেজাৰ কোটি টকাৰ ঋণ মুকলি বজাৰৰ পৰা ল’ব অসম চৰকাৰে। হিতাধিকাৰী আঁচনি ৰূপায়ণৰ বাবদ এনেকৈয়ে উদং হৈছে ৰাজকোষ। আৰু এনে পৰিপ্ৰেক্ষিততে জনমূৰী আয়ৰ পৰিমাণ বাঢ়ি হৈছেগৈ ৩৭ হাজাৰ টকা পৰ্যন্ত। অৰ্থাৎ আপোনাৰ অজ্ঞাতে চৰকাৰে আপোনাৰ মূৰৰ ওপৰত জাপি দিছে হাজাৰ-হাজাৰ টকাৰ ধাৰৰ বোজা। ২০২২-২৩ বৰ্ষৰ ফেব্ৰুৱাৰী মাহলৈ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোটৰ চৰকাৰৰ ধাৰৰ পৰিমাণ হৈছেগৈ ১ লাখ ৩২ হাজাৰ কোটি টকা। অহা ৯ মে’ত আকৌ এহেজাৰ কোটি টকাৰ ধাৰ ল’লে ধাৰৰ পৰিমাণ হ’বগৈ ১ লাখ ৪২ হাজাৰ কোটি টকা। আৰু এনেকৈ ধাৰৰ পৰিমাণ বাঢ়ি গৈ থাকিলে ২০২৫-২৬ বৰ্ষত অসম চৰকাৰে ভৰিবলগীয়া সূতৰ পৰিমাণ হ’বগৈ ১০ হাজাৰ কোটি টকা। আৰু এনেকৈ মুকলি বজাৰৰ পৰা লোৱা এই বৰ্ধিত ধাৰৰ সুত সুধিবলৈ জনতাৰ মূৰত ভয়ংকৰ মাধমাৰ সোধাইছে হিতাধিকাৰী সৃষ্টিৰে ৱাহ-ৱাহ লোৱা এই চৰকাৰখনেই। যিটো সময়ত কেন্দ্ৰীয় চৰকাৰে বিভিন্ন কেন্দ্ৰীয় পুঁজি সময়মতে অসমলৈ মুকলি কৰি দিয়া নাই, তেনে সময়তে কেৱল ভোট বেংক সুৰক্ষিত কৰি ৰাখিবলৈকে অসম চৰকাৰে মুকলি কৰিছে বিভিন্ন হিতাধিকাৰী আঁচনি। আৰু এই হিতাধিকাৰী আঁচনিৰ জৰিয়তে ধন মুকলি কৰাতেই ব্যস্ত এতিয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। আৰু এই বিত্তীয় সংকটৰ পৰিস্থিতিৰ মাজত জনমূৰী ধাৰৰ পৰিমান বাঢ়িছে ভয়াৱহ ৰূপত। এই বৃহৎ অংকৰ ধাৰ পৰিশোধ কৰিবলৈ অসম চৰকাৰে জনতাৰ মূৰত জাপি দিছে কৰ-কাটলৰ বোজা, বিমুদ্ৰাকৰণ, লকডাউন বিধ্বস্ত পৰিৱেশ, অৰ্থহীনতা, কৰ্মহীনতাই কোঙা কৰি অহা আপোনাৰ-মোৰ মূৰত এইবাৰ চৰকাৰখনে জাপি দিছে অন্য এক ধাৰৰ বোজা। চৰকাৰে নিজৰ ভোট বেংক সুৰক্ষিত কৰি ৰাখিবলৈ হিতাধিকাৰী আঁচনি প্ৰণয়ন কৰিছে। হিতাধিকাৰী আঁচনি ৰূপায়ন কৰিবলৈ ৰাজকোষ খালি কৰিছে অসম চৰকাৰে। এইখন চৰকাৰেই ন-ন হিতাধিকাৰী আঁচনি ঘোষণা কৰিবলৈ লৈছে লাখ-লাখ কোটি টকাৰ ধাৰ। আৰু সেই ধাৰকেই হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে চল-চাতুৰীৰে জাপি দিছে আপোনাৰ-মোৰ মূৰত।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.