সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

‘আদানি কাণ্ড’ৰ বিৰুদ্ধে ঐক্যবদ্ধ বিৰোধী

হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ ৰিপৰ্টৰ পিছত বিশ্বৰ অন্যতম ধনাঢ্য ব্যক্তি গৌতম আদানিৰ সাম্ৰাজ্যত লাগিছে তোলপাৰ।আদানিৰ সাম্ৰাজ্য খহিছে তাচপাতৰ দৰে৷লগে লগে আদানিৰ ৫ টা কোম্পানীত বিনিয়োগ কৰা LIC ত বিনিয়োগকাৰী সকলে সাঁচতীয়া ধন হেৰুৱাৰ ভয়ত হৈ পৰিছে শংকিত।প্ৰধান বিৰোধী দল কংগ্ৰেছকে ধৰি প্ৰায়বোৰ বিৰোধী দলেই আদানিৰ এই বিত্তীয় খেলিমেলিৰ বিৰুদ্ধে তদন্তৰ দাবী কৰিছে৷কংগ্ৰেছ দলে যুটীয়া সংসদীয় সমিতি চমুকৈ JPC গঠনৰ দাবী তুলিছে৷সোমবাৰে পুৱা কংগ্ৰেছ সভাপতি মল্লিকাৰ্জ্জুন খাৰ্গেক কাৰ্যালয়ত সাক্ষাৎ কৰে বিৰোধী দল ক্ৰমে- DMK,NCP,BRS,JDU,SP,CPM,CPI,JMM,RLD,RSP,AAP,IUML,RJD আৰু শিৱসেনাৰ সাংসদসকলে সাক্ষাৎ কৰে।TMC ৰ সাংসদে এই বৈঠকত অংশগ্ৰহণ কৰা নাছিল যদিও দলটোৰ সাংসদসকলে গান্ধীৰ প্ৰতিমূৰ্তিৰ তলত ধৰ্ণা কাৰ্যসূচীত অংশ লোৱাৰ কথা।ইতিমধ্যে আন বিৰোধী দলবোৰেও JPC গঠনৰ দাবীত দুয়োখন সদনেই অচল কৰি তুলিছে।

Leave A Reply

Your email address will not be published.