‘আদানি কাণ্ড’ৰ বিৰুদ্ধে ঐক্যবদ্ধ বিৰোধী

Share This Article

হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ ৰিপৰ্টৰ পিছত বিশ্বৰ অন্যতম ধনাঢ্য ব্যক্তি গৌতম আদানিৰ সাম্ৰাজ্যত লাগিছে তোলপাৰ।আদানিৰ সাম্ৰাজ্য খহিছে তাচপাতৰ দৰে৷লগে লগে আদানিৰ ৫ টা কোম্পানীত বিনিয়োগ কৰা LIC ত বিনিয়োগকাৰী সকলে সাঁচতীয়া ধন হেৰুৱাৰ ভয়ত হৈ পৰিছে শংকিত।প্ৰধান বিৰোধী দল কংগ্ৰেছকে ধৰি প্ৰায়বোৰ বিৰোধী দলেই আদানিৰ এই বিত্তীয় খেলিমেলিৰ বিৰুদ্ধে তদন্তৰ দাবী কৰিছে৷কংগ্ৰেছ দলে যুটীয়া সংসদীয় সমিতি চমুকৈ JPC গঠনৰ দাবী তুলিছে৷সোমবাৰে পুৱা কংগ্ৰেছ সভাপতি মল্লিকাৰ্জ্জুন খাৰ্গেক কাৰ্যালয়ত সাক্ষাৎ কৰে বিৰোধী দল ক্ৰমে- DMK,NCP,BRS,JDU,SP,CPM,CPI,JMM,RLD,RSP,AAP,IUML,RJD আৰু শিৱসেনাৰ সাংসদসকলে সাক্ষাৎ কৰে।TMC ৰ সাংসদে এই বৈঠকত অংশগ্ৰহণ কৰা নাছিল যদিও দলটোৰ সাংসদসকলে গান্ধীৰ প্ৰতিমূৰ্তিৰ তলত ধৰ্ণা কাৰ্যসূচীত অংশ লোৱাৰ কথা।ইতিমধ্যে আন বিৰোধী দলবোৰেও JPC গঠনৰ দাবীত দুয়োখন সদনেই অচল কৰি তুলিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.