ভোট ভঙা দলহে হ’ল নেকি আপ?

Share This Article

দেশৰ ৫ ৰাজ্যৰ নিৰ্বাচনী ফলাফল ইতিমধ্যে প্ৰকাশ পালে। তিনিখন ৰাজ্য বিজেপিয়ে দখল কৰাৰ বিপৰীতে কংগ্ৰেছ দলে এখন আৰু আঞ্চলিক দল জ’ৰাম পিপুলচ মুভমেণ্টে মিজোৰাম নিজৰ দখললৈ নিবলৈ সক্ষম হৈছে।ইণ্ডিয়া মিত্ৰজোঁটে একেলগে এই নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱা নাছিল৷। ইণ্ডিয়া মিত্ৰজোঁটৰ অংশীদাৰ আম আদমি পাৰ্টি,চিপিএম,সমাজবাদী দল আদিয়ে এই নিৰ্বাচনত নিজাববীয়াকৈ প্ৰাৰ্থিত্ব আগবঢ়াইছিল। এইটো আছিল কংগ্ৰেছ তথা আন সহযোগী দলৰ নেতৃত্বৰ সবাতোকৈ ডাঙৰ ভুল আৰু এই ভুলৰ পৰিণতিত ভয়ংকৰভাৱে মুখথেকেঁচা খালে কংগ্ৰেছে৷বিৰোধীৰ ভোট বিভাজনে সবাতোকৈ ক্ষতিগ্ৰস্ত কৰিলে কংগ্ৰেছক ।কংগ্ৰেছ আৰু বিজেপিৰ বাহিৰে আন দুখন ৰাজ্যত শাসন চলাই থকা আম আদমি পাৰ্টিয়ে ৰাজস্থান,ছত্তীশগড়,মধ্য প্ৰদেশ আৰু মিজোৰামত প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল।ৰাজস্থানত আপ দলে মুঠ ৮৫ টা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল৷মধ্য প্ৰদেশত ৬৬ খন আসনত প্ৰাৰ্থিত্ব দিছিল আপে৷ছত্তীশগড়ত ৫৪ খন আসনত আৰু মিজোৰামত ৪ খন আসনত প্ৰাৰ্থিত্ব দিছিল আপে ।গুৰুত্বপূৰ্ণ বিষয়টো হ’ল মুঠ ২০৯ খন আসনত প্ৰতিন্দন্দ্বিতা আগবঢ়ায়ো আপ দলৰ এগৰাকী প্ৰাৰ্থীয়েও জয়লাভ কৰিব নোৱাৰিলে। তদুপৰি তেওঁলোকৰ প্ৰায় ৯৫% প্ৰাৰ্থীয়ে হেৰুৱাবলগীয়া হৈছে আমানতৰ ধন।সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ’ল আপ দলৰে দুগৰাকী মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু ভগৱন্ত মানে মিজোৰামক বাদ দি বাকী কেইখন ৰাজ্যত তেওঁলোকৰ প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰো চলাইছিল।আনকি আপৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ED এ হাজিৰ হ’বলৈ দিয়া নিৰ্দেশ কেৱল নিৰ্বাচনী প্ৰচাৰৰ অজুহাততে অৱমাননা কৰিছিল। দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে দুয়োখন ৰাজ্যতে শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত চৰকাৰ দুখনে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়বোৰো উত্থাপন কৰিছিল। কিন্তু ইমানৰ পিছতো আপ দলে জনতাৰ মন আকৰ্ষণ কৰিবলৈ সক্ষম নহ’ল।আপ দলে নিজৰ দলৰ স্থিতি সবল কৰিবলৈ চেষ্টাৰ অলপো ত্ৰুটি কৰা নাই৷গোৱাৰ পৰা গুজৰাটলৈ অনুষ্ঠিত হোৱা প্ৰায়বোৰ নিৰ্বাচনতে প্ৰতিন্দন্দ্বিতা আগবঢ়াইছে আপে।অৱশ্যে আপৰ প্ৰাৰ্থীয়ে আমানতৰ ধন হেৰুওৱাটো নতুন কথা নহয়।২০২২চনৰ ডিচেম্বৰত দলটোৱে প্ৰতিন্দন্দ্বিতা আগবঢ়োৱা হিমাচল প্ৰদেশৰ ৬৭ টা সমষ্টিতে আমানতৰ ধন হেৰুৱাবলগীয়া হৈছিল প্ৰাৰ্থীয়ে।আনহাতে,গুজৰাটৰ নিৰ্বাচনত আপ দলে ৫ টা সমষ্টিত জয়লাভ কৰিছিল যদিও কিন্তু ১২৬ টা সমষ্টিত আপৰ প্ৰাৰ্থীয়ে আমানতৰ ধন হেৰুৱাইছিল।কৰ্ণাটকৰ নিৰ্বাচনতো আপৰ প্ৰাৰ্থীয়ে আমানতৰ ধন হেৰুৱাবলগীয়া হৈছিল। কৰ্ণাটকত আপ দলে মুঠ ১৩৭ গৰাকী প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল।কিন্তু তেওঁলোকৰ ৯৫% প্ৰাৰ্থীয়েই আমানতৰ ধন হেৰুওৱাবলগীয়া হৈছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.