অসম চৰকাৰৰ লগত বন্ধন বেংকৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ

Share This Article

 বন্ধন বেংকে আজি অসম চৰকাৰৰ পৰা ই-জিআৰএছ পৰ্টেলত ৰাজহ সংগ্ৰহ কৰাৰ বাবে অনুমতি লাভ কৰাৰ কথা ঘোষণা কৰিছে । ইয়াৰ দ্বাৰা অসমৰ লোকসকলে চৰকাৰৰ জি আৰএচ পোৰ্টেলৰ মাধ্যমেৰে কৰ আৰু অন্যান্য পেমেন্ট কৰিবলৈ সক্ষম হ’ব ।ইয়াৰ জৰিয়তে অসমৰ মানুহৰ বাবে লেনদেন সহজ, কাগজবিহীন আৰু সুলভ হৈ পৰিব। বন্ধন বেংকে শীঘ্ৰেই অসম চৰকাৰৰ সৈতে একত্ৰিত হৈ কৰ সংগ্ৰহ সংক্ৰান্ত প্ৰক্ৰিয়া কাৰ্যকৰী কৰিব ।অসমৰ ৩৫ খন জিলাৰ আটাইকেইখন জিলাতে প্ৰায় ৫০০ টা বেংকিং আউটলেটৰ সৈতে বন্ধন বেংকৰ সেৱা উপলব্ধ ।গ্ৰাহকসকলে এই পৰ্টেল ব্যৱহাৰ কৰি গৃহ কৰ, বাহন পঞ্জীয়ন কৰ, স্থানীয় নিকায়ৰ কৰ, পানী বিল, অসম চৰকাৰৰ দ্বাৰা পৰিচালিত পৰীক্ষা মাচুল, বাণিজ্য অনুজ্ঞা পত্ৰ নৱীকৰণ আদিৰ বাবে ধন পৰিশোধ কৰিব পাৰিব।অসম ই-জিআৰএছ পৰ্টেলৰ জৰিয়তে এজন নাগৰিকে ৭০ টা বিভিন্ন বিভাগক আগবঢ়োৱা পৰিসেৱাৰ বাবে ধন পৰিশোধ কৰিব পাৰিব। ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাবে অসম ইজিআৰএছ পৰ্টেলৰ জৰিয়তে মুঠ সংগ্ৰহৰ পৰিমাণ আছিল প্ৰায় ১৬,০০০ কোটি টকা।বন্ধন বেংকৰ চৰকাৰী ব্যৱসায়ৰ মুৰব্বী দেৱৰাজ সাহাই কয় যে , “বন্ধন বেংকৰ শীৰ্ষ ৫ খন বজাৰৰ ভিতৰত অসম অন্যতম। অসম চৰকাৰৰ দ্বাৰা জনাদেশ সুৰক্ষিত বা নিশ্চিত কৰাটো একপ্ৰকাৰৰ বিভিন্ন ৰাজ্য চৰকাৰ আৰু নিয়ন্ত্ৰকৰ দ্বাৰা বেংকৰ ওপৰত দেখুওৱা দৃঢ়তা আৰু আস্থাৰ প্ৰদৰ্শন।এই পদক্ষেপৰ জৰিয়তে বেংকে অসমৰ জনসাধাৰণক সেৱা আগবঢ়োৱাৰ আন এক সুযোগ লাভ কৰিছে।”চৰকাৰী ৰচিদ হিচাপ ব্যৱস্থা (জিআৰএএছ) হৈছে এটি সুৰক্ষিত ৱেব এপ্লিকেচন, যিয়ে সাধাৰণ নাগৰিক, ব্যৱসায়ীসকলক ইলেক্ট্ৰনিক ভাৱে চৰকাৰক কৰ আৰু অনা-কৰ ৰচিদ পৰিশোধ কৰাৰ সুবিধা প্ৰদান কৰে। অসম ই-জি আৰ এচ য়ে সপ্তাহৰ প্ৰতিদিনে ২৪ ঘন্টাই সকলো সুবিধা প্ৰদান কৰে আৰু অসমৰ লোকসকলে প্ৰয়োজনীয় সেৱাৰ বাবে ই-চালান সৃষ্টি কৰি যিকোনো স্থানৰ পৰা সকলো সময়তে অনলাইন পৰিশোধ কৰিব পাৰে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.