অমিত শ্বাহক নতুন দায়িত্ব কিন্তু দায়িত্বটো কি?

Share This Article

৫ খন ৰাজ্যৰ নিৰ্বাচনে বিজেপিলৈ অত্যন্ত আশাব্যঞ্জক বাতৰি যে আনিব,সেই কথা আশাই কৰা নাই বিজেপিয়ে। অহা ৩ ডিচেম্বৰৰ পিছত বিজেপিৰ মূৰৰ ওপৰত নতুনকৈ এক চিন্তাৰ উদ্ৰেক ঘটিব । সেয়া হ’ল -২০২৪ চনৰ প্ৰস্তু্তি আৰু আসনক লৈ।দেখ দেখকৈ প্ৰায় বৰ্তমান নিৰ্বাচন চলি থকা ৫ খন ৰাজ্যৰ নিৰ্বাচনী ফলাফলে প্ৰভাৱ পেলাব এই ৰাজ্যসমূহৰ অন্তৰ্গত ১০৩ খন লোকসভাৰ আসনত। তদুপৰি বিগত লোকসভাৰ নিৰ্বাচনত কৰ্ণাটকৰ পৰা লাভ কৰা ২৯ খন আসন এইবাৰ যে বিজেপিয়ে লাভ নকৰে নিশ্চিত।সেয়ে এতিয়া প্ৰধানমন্ত্ৰী মোডীক লাগে লোকসভাৰ আসন৷মহাৰাষ্ট্ৰত লোকসভাৰ আসন আছে ৪৮ খন আৰু উত্তৰ প্ৰদেশত লোকসভাৰ আসন আছে ৮০ খন।মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশত আশা কৰা ধৰণে আসন যে বিজেপিয়ে লাভ নকৰে সেই বিষয়টোত নিশ্চিত হৈছে বিজেপি।সেয়ে এইবাৰ বিহাৰৰ ৪০ খন আসন হস্তগত কৰাক লৈ কৌশল ৰচনাৰ দায়িত্ব প্ৰধানমন্ত্ৰীয়ে অৰ্পণ কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহক।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্দেশ অনুসৰি অমিত শ্বাহ ব্যস্ত হৈ পৰিছে বিহাৰত ত্ৰিকোণীয় প্ৰতিন্দন্দ্বিতাৰ যোগেদি অতি কমেও ৩০ খন আসন দখল কৰাৰ লক্ষ্যত।বিগত নিৰ্বাচনত বিজেপিয়ে নীতিশ কুমাৰৰ জনতা দল (ইউ)ৰ লগত একেলগে প্ৰতিন্দন্দ্বিতা আগবঢ়াই মুঠ ৩৯ খন আসন দখল কৰিছিল।কিন্তু এইবাৰ বিভিন্ন সমীক্ষাই বিহাৰত বিজেপিয়ে মাত্ৰ ১০ খন আসনহে লাভ কৰাৰ ইংগিত দিছে।ইয়াৰ পিছতেই বিহাৰক লৈ নিদ্ৰাহৰণ হৈছে মোডীৰ।চাকৰিৰ বিনিময়ত ভূমি লোৱাৰ অভিযোগৰ গোচৰত বিহাৰৰ উপমুখ্যমন্ত্ৰী তেজস্বী যাদৱক ED এ ইতিমধ্যে কেইবাবাৰো জেৰা কৰিছে। ইতিমধ্যে এই গোচৰতে ED এ এ কে ইনফছিছৰ মূল ব্যক্তি অমিত কাটয়ালক গ্ৰেপ্তাৰ কৰিছে।২০০৪ চনত কেন্দ্ৰত ইউপিএ চৰকাৰৰ শাসনৰ সময়ত ৰে’ল বিভাগৰ গ্ৰেড D বৰ্গৰ চাকৰিত মকৰল কৰিছিল বিহাৰৰ বহুসংখ্যক যুৱকক।সেই যুৱকসকলে চাকৰিৰ বিনিময়ত নিজৰ ভূমি সেই সময়ৰ কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী লালু প্ৰসাদ যাদৱৰ নামত লিখি দিছিল। ২০০৪ চনৰ পৰা ২০০৯ চনৰ এই সময় চোৱাৰ এই গোচৰটোক লৈ সক্ৰিয় হৈছে ইডি। ইডিয়ে কেইবাবাৰো চমন জাৰি কৰাৰ পিছতো উপস্থিত নোহোৱাত ED এ বিগত ১০ নবেম্বৰত আটক কৰে এ কে কাটয়ালক। ইয়াৰ পিছতেই তেওঁক গ্ৰেপ্তাৰ কৰে ED এ৷বৰ্তমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গৃহমন্ত্ৰী অমিত শ্বাহক নীতিশ কুমাৰৰ জনতা দল (ইউ) আৰু আৰজেডিৰ মাজত বিভাজন অনাৰ দায়িত্ব দিছে।লালু প্ৰসাদ যাদবৰ RJD আৰু নীতিশ কুমাৰৰ জনতা দল (ইউ)ৰ মাজত বিভাজন আনিব পাৰিলেই আগন্তুক লোকসভাত ত্ৰিকোণীয় প্ৰতিন্দন্দ্বিতা হ’ব। এনেদৰে তিনিটা দলেই পৃথক ভাৱে প্ৰতিন্দন্দ্বিতা আগবঢ়ালে বিজেপিৰ লাভ হ’ব। এতিয়া বিজেপিয়ে লালু প্ৰসাদ যাদৱক বিভিন্ন ভয় ভাবুকিৰে অকলশৰীয়া কৰিব বিচাৰিছে। সেয়ে পুত্ৰ তেজস্বী যাদৱক হয়তো আগন্তুক দিনত গ্ৰেপ্তাৰ কৰোৱাৰ আশংকাও একেচাটে নুই কৰিব নোৱাৰি। অৱশ্যে লালু প্ৰসাদ যাদৱৰ দৰে দক্ষ তথা ঘাটে ঘাটে পানী খোৱা ৰাজনীতিৰ চাণক্যই বিজেপিৰ চাণক্য অমিত শ্বাহৰ এই বিভাজনৰ ৰাজনীতিক আগন্তুক দিনত ফলপ্ৰসূ কৰাত যে অৰিহণা যোগাব তাত যথেষ্ট সন্দেহৰ থল আছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.