অন্তিম শয়নৰ স্থানতো বেদখল

Share This Article

অভয়াপুৰীত শ্মশানৰ ভূমি অবৈধভাৱে দখলৰ চেষ্টা একাংশ লোকৰ।২৫ বছৰ ধৰি শ্মশান হিচাপে ব্যৱহাৰ কৰা ভূমি দখলৰ চেষ্টা ।অভয়াপুৰীৰ উত্তৰ শালমাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত বালাবাৰী চতুৰ্থ খণ্ডত এই ঘটনা সংঘটিত হৈছে।ভূমি দখলকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ ৰাইজৰ।ভূমি দখলমুক্ত কৰিবলৈ দাবী প্ৰতিবাদী ৰাইজৰ ।কাৰ ছত্ৰছায়াত চলিছে অভয়াপুৰীত ভূমি বেদখল?এইবাৰ শ্মশানৰ ভূমি দখল কৰিলে বেদখলকাৰীয়ে ।এই ঘটনা সংঘটিত হৈছে অভয়াপুৰীৰ সমীপবৰ্তী উত্তৰ শালমাৰা গাওঁ পঞ্চায়তৰ অন্তৰ্গত বালাবাৰী ৪ৰ্থ খণ্ডত।বিগত প্ৰায় ২৫ বছৰৰ পৰা শ্মশান হিচাপে ব্যৱহাৰ কৰি অহা ভূমি দখল কৰিলে কোনো দুষ্ট চক্ৰই । উক্ত শ্মশানখন সমীপৰ ৩/৪ খন গাঁৱৰ ৰাইজে ব্যৱহাৰ কৰি আহিছিল।শ্মশানখন জনসমাগমৰ পৰা কিছু নিলগত অৱস্থিত বাবে নিশাৰ ভিতৰতেই কোনোলোকে শ্মশানখনৰ ভূমি বেদখল কৰিবলৈ সক্ষম হোৱা পৰিলক্ষিত হৈছে।আজি বেদখলকাৰী বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে গঞা ৰাইজে।ঘটনাটোক কেন্দ্ৰ কৰি স্থানীয় ৰাইজে শ্মশানৰ ভূমি বেদখলকাৰীৰ কৱলৰ পৰা মুক্ত কৰি দিবলৈ আহ্বান জনাইছে প্ৰশাসনক।দজতজেচ

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.