অথলে গ’ল অসমৰ মুখ্যমন্ত্ৰীৰ ভাষণ !

Share This Article

নিৰ্বাচনলৈ মাজত মাত্ৰ ৩ টা দিন থকা অৱস্থাত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উদাত্ত ভাষণেৰে কংগ্ৰেছৰ শিৱ কুমাৰক টিপু চুলতানৰ বংশধৰ বুলি দাবী কৰি সাম্প্ৰদায়িক ৰাজনীতিৰ বীজ সিঁচিছিল কৰ্ণাটকত ! কিন্তু কৰ্ণাটকৰ জনতাই ড° হিমন্ত বিশ্ব শৰ্মাৰ ভাষণক এখন কাণেৰে শুনি আনখন কাণেৰে উলিয়াই পঠিয়ালে।শৰ্মাই প্ৰচাৰ অভিযানৰ সময়ত কংগ্ৰেছ দলক তীব্ৰ ভাষাৰে সমালোচনা কৰি কৈছিল যে যদি কৰ্ণাটকত চৰকাৰ আহে তেন্তে সমগ্ৰ ৰাজ্যখন পিএফআইময় হ’ব। শৰ্মাই লগতে কৈছিল ‘ ডি কে শিৱকুমাৰ টিপু চুলতানৰ পৰিয়ালৰ সদস্য৷যদি কংগ্ৰেছে ক্ষমতা লাভ কৰে,কৰ্ণাটক PFI উপত্যকালৈ পৰ্যবসিত হ’ব।টিপু চুলতানক লৈ বিভেদৰ বীজ সিঁচিছিল মুখ্যমন্ত্ৰী শৰ্মাই !কৰ্ণাটকৰ জনতাই শুনিলে কিন্তু গুৰুত্ব নিদিলে শৰ্মাৰ ভাষণক !ষ্টাৰ কেম্পেইনাৰক গুৰুত্বই নিদিলে কানাড়া লোকে!টিপু চুলতানৰ বিষয়টো মাৰ্চ মাহৰ পৰা বিজেপিয়ে নিৰ্বাচনী ইছ্যু হিচাপে লৈ আহিছিল। ইতিহাসৰ পৃষ্ঠা লুটিয়াই বিজেপিয়ে বৃটিছৰ বিৰুদ্ধে যুঁজা টিপু চুলতানৰ নামটো সাঙুৰি হিন্দুৰ বাবে তেওঁ এক ত্ৰাস আছিল বুলি উল্লেখ কৰি ভি ডি চাভৰকাৰক নায়ক বনাই আহিছিল।ANI এ প্ৰকাশ কৰা এক ভিডিঅ’ত ড° শৰ্মাই দাবী কৰিছিল যে অসমক কেইবাবাৰো মোগলে আক্ৰমণ কৰিছিল কিন্তু অসমৰ বীৰ বীৰাংগনাই হৰুৱাই পঠিয়াইছিল।ঠিক সেইদৰে কৰ্ণাটকৰ কদাভা নামৰ বীৰজনে টিপু চুলতানক পৰাজিত কৰিছিল।এই যুদ্ধত প্ৰায় ৮০ হাজাৰ লোকে প্ৰাণ হেৰুৱাইছিল৷ইমানবোৰ আৱেগিক আৰু সাম্প্ৰদায়িক ভাষণেৰেও ড° হিমন্ত বিশ্ব শৰ্মাই মুহিব নোৱাৰিলে কৰ্ণাটকৰ জনতাক।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.