অট্টালিকা খহি মৃত্যু কংগ্ৰেছ নেতাৰ মাতৃৰ,আৱদ্ধ পত্নী

Share This Article

লক্ষ্ণৌত সংঘটিত হৈছে ভয়ানক ঘটনা। মঙলবাৰৰ বিয়লি ভাগত লক্ষ্ণৌৰ হজৰতগঞ্জ অঞ্চলত এটা পাঁচ মহলীয়া আৱাসিক অট্টালিকা খহি পৰে।উক্ত ঘটনাত এতিয়ালৈকে এগৰাকী মহিলাৰ মৃত্যু হৈছে।ঘটনাস্থলীৰ পৰা এতিয়ালৈকে ১৪ জনক উদ্ধাৰ কৰা হৈছে যদিও আৰু দুজনী মহিলা ধ্বংসস্তুপৰ তলত সোমাই থকা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। বৰ্তমানেও NDRF আৰু সেনাবাহিনীৰ নেতৃত্বত চলি আছে উদ্ধাৰ অভিযান।ঘটনাত মৃত্যু হোৱা মহিলাগৰাকী ইতিমধ্যে ৭৫ বছৰীয়া বেগম হাইদৰ বুলি চিনাক্ত কৰা হৈছে।আজি পুৱা মহিলাগৰাকীক উদ্ধাৰ কৰি হস্পিতাললৈ অনা হৈছিল যদিও হস্পিতালতেই তেখেতৰ মৃত্যু হয়। বেগম হাইদৰ কংগ্ৰেছ নেতা জেছন হাইদৰৰ মাতৃ বুলি জানিব পৰা গৈছে, লগতে জেছন হাইদৰৰ পত্নী এতিয়াও ধ্বংসস্তুপৰ মাজতে আৱদ্ধ হৈ থকা বুলি জানিব পৰা গৈছে।উত্তৰ প্ৰদেশৰ ডিজিপি ডি এছ চৌহানৰ মতে মংগলবাৰে সন্ধিয়া ৬-৩০ বজাত ঘটনাটো সংঘটিত হয়, ঘটনাস্থলীৰ পৰা এতিয়ালৈ ১৪ জনক উদ্ধাৰ কৰা হৈছে আৰু ভিতৰত আৱদ্ধ হৈ থকা সকলক উদ্ধাৰৰ বাবে অভিযান চলি আছে লগতে অক্সিজেনৰ যোগান ধৰি থকা হৈছে।ইতিমধ্যে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নিৰ্দেশত সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে এখন তিনিজনীয়া সমিতি গঠন কৰি দিয়া হৈছে।লক্ষ্ণৌৰ আয়ুক্ত ৰোশন জেকব, যুটীয়া আৰক্ষী আয়ুক্ত পীয়ুষ মোৰ্দিয়া আৰু লক্ষ্ণৌৰ মুখ্য অভিযন্তাৰ দ্বাৰা গঠিত এই সমিতিয়ে ৭ দিনৰ ভিতৰত দাখিল কৰিব লাগিব ঘটনাৰ সবিশেষ।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.