সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

হিন্দুৱেহে প্ৰত্যাখ্যান কৰিলে বিজেপিক !

ধৰ্মৰ নামত ৯ টা বছৰ দিলে …আৰু ধৰ্ম ধৰ্ম কৰি সময় অপব্যয় নকৰে ভাৰতীয়ই !ধৰ্মৰ ৰাজনীতিয়ে আমুৱাইছে হিন্দুকো!
হিন্দুত্ববাদী দলৰ ওপৰত বিশ্বাস নাই জনতাৰ প্ৰতি ৮৭ জন হিন্দুl ৫০ জনেই ভোট নিদিলে বিজেপিক !কৰ্ণাটকৰ ৬ কোটি ১১লাখ জনতাই বিজেপিক প্ৰত্যাখ্যান কৰাৰ পিছত দলটোৱে আগন্তুক দিনত কি ভূমিকা ল’ব বা কি পন্থাৰে আগবাঢ়িলে ভোটাৰক আকৰ্ষণ কৰিব পাৰিব তাক লৈ সন্দিহান হৈ পৰিছে।দক্ষিণ ভাৰতৰ হিন্দু সংখ্যাগৰিষ্ঠ ৰাজ্য কৰ্ণাটকত বিৰোধী দল কংগ্ৰেছৰ সন্মুখত এনেদৰে ধৰাশায়ী হ’ব বুলি কল্পনাই কৰা নাছিল বিজেপি নেতৃবৰ্গই।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক মূল সেনাপতি হিচাপে লৈ ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাকমুৰ্হুতত কৰ্ণাটকত লিটমাছ টেষ্টত অৱতীৰ্ণ হৈছিল বিজেপি।কিন্তু এসময়ত প্ৰধানমন্ত্ৰী মোডীৰ মেজিক চলা বুলি বিশ্বাস কৰা ভাৰতবাসীয়ে বিজেপিৰ অন্যান্য নেতৃত্বতো বাদেই,স্বয়ং নৰেন্দ্ৰ মোডীৰ প্ৰতিশ্ৰুতিকেই গুৰুত্ব নিদিলে৷উল্লেখ্য যে বিগত ১০ মে’ত কৰ্ণাটকৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু এই নিৰ্বাচনত মুঠ ১৯ খন ৰেলীত অংশ লৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।মাত্ৰ ১২% মুছলমান আছে আছে কৰ্ণাটকত !১২% মুছলমানে ভোট নিদিলেও জয়ী হ’ব লাগিছিল বিজেপি !মুছলমান ভোটৰ অংকত জংক পংক বিজেপিৰ !হিন্দুৱেই ভোট নিদিলে বিজেপিক !হিজাব,হালাল,হিন্দু-মুছলমানক লৈ ৰাজনীতি কৰি কৰ্ণাটকত বিজেপিয়ে লাভ কৰিলে মাত্ৰ ৩৭% ভোট৷ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত কৰ্ণাটকত ইছলাম ধৰ্মাৱলম্বী লোকৰ সংখ্যা তুলনামূলকভাৱে কম।৬ কোটি ১১লাখ জনসংখ্যাৰ কৰ্ণাটকত মুছলমান জনসংখ্যা ৭৮.৯৩ লাখ ৷সমগ্ৰ মুছলমান জনসংখ্যায়ো যদি বিজেপিক ভোট নিদিলে বা সমৰ্থন নিদিলেহেঁতেন,তথাপিও কেৱল হিন্দুৰ ভোটেৰেই জয়লাভ কৰিব লাগিছিল বিজেপি।টিপু চুলতানৰ পৰা আৰম্ভ কৰি PFI ক নিষিদ্ধ কৰালৈকে সকলো কৰিও হাৰি গ’ল বিজেপি।কৰ্ণাটকৰ জনতাৰ বিজেপিৰ প্ৰতি অনীহাই এক অশনি সংকেত কঢ়িয়াই আনিছে বিজেপিলৈ।২০২৪ ৰ নিৰ্বাচনত বিজেপিয়ে যদি ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি পৰিহাৰ নকৰে ,ই সমগ্ৰ দলটোলৈ এক ভয়াবহ ভবিষ্যত কঢ়িয়াই অনাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি !

Leave A Reply

Your email address will not be published.