Investigative reporting with dedication.

শিৱসাগৰৰ যুৱ উদ্ভাৱক অভিজিত দুৱৰাৰ নতুন উদ্ভাৱন।বৈদ্যুতিক তথা সৌৰশক্তি চালিত যঁতৰ উদ্ভাৱন কৰি চমক সৃষ্টি অভিজিতৰ।জোনবাই ৰিচাৰ্জেব’ল এল ই ডি বাল্বৰ পিছত এইবাৰ জোনবাই যঁতৰ। মাত্ৰ চুইচ টিপিলেই ববিনত মেৰ খাব সূতা।হয়, এতিয়াৰে পৰা শিপিনী সকলে হাতেৰে পৰিশ্ৰম কৰি সূতা কাটিব নালাগে। শিপিনীসকলৰ সুবিধাৰ বাবে শিৱসাগৰৰ যুৱক অভিজিত দুৱৰাই উদ্ভাৱন কৰি উলিয়াইছে বৈদ্যুতিক আৰু সৌৰশক্তি চালিত যঁতৰ। লগতে আৱিষ্কাৰ কৰিছে হাতেৰে আৰু ভৰিৰে ব্যৱহাৰ কৰিব পৰা যঁতৰ।বিভিন্ন সময়ত পেলনীয়া সামগ্ৰীৰ দ্বাৰা বিভিন্ন সামগ্ৰী আৱিষ্কাৰ কৰি চমক সৃষ্টি কৰি অহা অভিজিত দুৱৰাৰ নতুন উদ্ভাৱন জোনবাই যঁতৰক ৰাজ্যৰ শিপিনী সকলে আঁকোৱালি লব বুলি আশাবাদী।




