সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বিজেপিৰ অংকত জংকপংক,প্ৰাৰ্থিত্বই নাপালে ৭৮ বিধায়কে

দেশৰ আন ৪ ৰাজ্যৰ লগতে মধ্য প্ৰদেশতো অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন। নিৰ্বাচনক লৈ যুদ্ধকালীন ক্ষিপ্ৰতাৰে নামি পৰিছে শাসক তথা বিৰোধী শক্তি।ইতিমধ্যে বিজেপিয়ে আগন্তুক বিধানসভাৰ বাবে দ্বিতীয়খন প্ৰাৰ্থী তালিকাও ঘোষণা কৰিলে। দলটোৱে ইয়াৰ প্ৰথমখন তালিকা আগষ্ট মাহতে ঘোষণা কৰিছিল।সোমবাৰে ঘোষিত প্ৰাৰ্থী তালিকাত মুঠ ৩৯ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হয়।
আশ্চৰ্যজনকভাৱে এতিয়ালৈকে প্ৰকাশিত তালিকাত এগৰাকীও বৰ্তমানৰ বিধায়কে প্ৰাৰ্থিত্ব লাভ কৰা নাই।তাৰ বিপৰীতে ৭ গৰাকী সাংসদক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বিজেপিয়ে।সোমবাৰে ঘোষণা কৰা প্ৰাৰ্থী তালিকাত কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ,প্ৰহ্লাদ পেটেল আৰু ফাগন সিং কুলাস্তেৰ নাম আছে৷কৃষি দপ্তৰৰ মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে দিমানী,ৰাজ্যিক খাদ্য সংশাধন দপ্তৰৰ মন্ত্ৰী প্ৰহ্লাদ পেটেলক নৰসিংপুৰ সমষ্টি আৰু ৰাজ্যিক গ্ৰামোন্নয়ন আৰু তীখা দপ্তৰৰ মন্ত্ৰী ফাগন সিং কুলাস্তেক নিৱাচ আসনখনৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বিজেপিয়ে। টোমৰে দুই দশকৰ পিছত বিধানসভাৰ নিৰ্বাচনত প্ৰতিন্দন্দ্বিতা আগবঢ়াব। ২০০৩ চনত তেওঁ শেষ বাৰৰ বাবে গোৱালিয়ৰ বিধানসভা সমষ্টিৰ পৰা প্ৰতিন্দন্দ্বিতা আগবঢ়াইছিল। ৰাজ্যখনত বিগত ২০ ধৰি শাসনত আছে বিজেপি দল।অৱশ্যে ২০১৮ চনত ক্ষমতালৈ অহা নাছিল বিজেপি । বৰঞ্চ ৰাজ্যখনত কমল নাথৰ নেতৃত্বত গঠন হৈছিল কংগ্ৰেছ চৰকাৰ। ২০২০ চনৰ মাৰ্চ মাহত সেই সময়ৰ বিধায়ক জ্যোতিৰাদিত্য সিন্ধিয়াই তেওঁৰ ২২গৰাকী সহযোগী বিধায়কক লগত লৈ কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰে।ফলত মাত্ৰ ডেৰ বছৰীয়া চৰকাৰখন ভাঙি যায় আৰু মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লয় শিৱৰাজ সিং চৌহানে।হিন্দী বলয়ৰ ৰাজ্য মধ্য প্ৰদেশক কোনো কাৰণতেই হেৰুৱাব খোজা নাই বিজেপিয়ে।সেয়ে এতিয়ালৈকে ঘোষণা কৰা প্ৰাৰ্থিত্বৰ তালিকাত এগৰাকীও বৰ্তমানৰ বিধায়কক প্ৰাৰ্থিত্ব প্ৰদান কৰা নাই বিজেপিয়ে। সাংসদক প্ৰাৰ্থিত্ব দিয়াৰ উদ্দেশ্য হ’ল এগৰাকী সাংসদৰ সংসদীয় সমষ্টিৰ অধীনত থকা বিধানসভা সমষ্টিৰ ভোটাৰকো একেটা সময়তে আকৰ্ষিত কৰা।বিধানসভাত প্ৰাৰ্থিত্ব লাভ কৰা আন চাৰি গৰাকী সাংসদ হ’ল ক্ৰমে গণেশ সিং,ৰীতি পাঠক,ৰাকেশ সিং আৰু উদয় প্ৰতাপ সিং। বিজেপিয়ে বিধানসভাৰ প্ৰাৰ্থিত্বৰ ক্ষেত্ৰতো ছত্তীশগড় আৰু ৰাজস্থানতো সাংসদেকেই অগ্ৰাধিকাৰ দিব।উল্লেখ্য যে ছত্তীশগড় আৰু ৰাজস্থান দুয়োখনতেই কংগ্ৰেছ চৰকাৰ আছে। তেলেংগানাত কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডীক বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদানৰ সম্ভাৱনা আছে।মধ্য প্ৰদেশত মুঠ ২৩০ খন আসনৰ বাবে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব !

Leave A Reply

Your email address will not be published.