সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

‘বিগব্ৰাডাৰ’ৰ ৰূপত নৰেন্দ্ৰ মোদী

এখন কাল্পনিক উপন্যাস । এটা কাল্পনিক কাহিনী । ১৯৪৯ চনতেই লিখা এই কাল্পনিক কাহিনী যেন মিলি গৈছে দেশৰ আজিৰ পৰিস্থিতিৰ সৈতে । জৰ্জ অৰৱেলৰ বিখ্যাত উপন্যাস নাইনটীন এইটটী ফ’ৰৰ(১৯৮৪) কথা ক’বলৈ লৈছো । সেই কাহিনী লিখা হৈছিল ১৯৪৯ চনত । পটভূমি ১৯৮৪ চনৰ লণ্ডন ।কাহিনী অনুসৰি , মাত্ৰ তিনিখন সৰ্বশক্তিমান দেশে আন সকলো দেশৰ ওপৰতেই ৰাজত্ব কৰিবলৈ আৰম্ভ কৰিছে । সৰ্বশক্তিমান হৈ উঠা দেশ তিনিখন হৈছে ওছেনিয়া , ইষ্ট এছিয়া আৰু ইউৰোছিয়া । নিজৰ সীমা বিস্তাৰৰ বাবে এই দেশকেইখনে পৰস্পৰৰ মাজতেই চিৰস্থায়ী যুদ্ধত লিপ্ত হৈছে । ইয়াৰ মাজৰ ওছেনিয়াৰ শাসক হ’ল দ্য পাৰ্টী । এই পাৰ্টী নিয়ন্ত্ৰণ কৰে বিগ ব্ৰাডাৰে।বিগ ব্ৰাডাৰেই হ’ল পাৰ্টীৰ সৰ্বময়কৰ্তা । সমগ্ৰ দেশৰ জনতাক যিয়ে অহৰ্নিশে নজৰত ৰাখে ।কোনে কি কৰিছে চাই থাকে ।জনতাৰ মগজু অনবৰত প্ৰক্ষালন কৰি থাকে । সেই পাৰ্টীৰ শ্ল’গান হ’ল –
যুদ্ধই শান্তি
স্বাধীনতাই দাসত্ব
অবজ্ঞাই শক্তি

চহৰৰ দেৱালে দেৱালে লিখি দিয়া হৈছে – বিগ ব্ৰাডাৰে আপোনাক চাই আছে । বিগব্ৰাডাৰে টেলিস্ক্ৰীণৰ সহায়ত চাই থাকে সকলোকে ।এই টেলিস্ক্ৰীণসমূহত চৰকাৰী আচনি , চৰকাৰৰ নীতিবোৰো প্ৰচাৰ হৈ থাকে ।জনতাৰ ভাৱনাৰ ওপৰত নজৰ ৰাখিবলৈ আছে থট পুলিছ।কোনোবাই চৰকাৰ বিৰোধী কথা ভাবিলেই তেওক গ্ৰেপ্তাৰ কৰা হয় । ইয়াত কলোনো আইন নাই ।কাৰণ চৰকাৰৰ মতে অপৰাধ কৰাৰ কথা ভবাৰ লগে লগে অপৰাধীক নি:শ্চিহ্ন কৰি দিয়া হয় ।এই চৰকাৰৰে মিনিষ্ট্ৰী অৱ ট্ৰুথত কাম কৰে উইনষ্টন স্মিথে । তেও এজন সম্পাদক।কাহিনীৰ আৰম্ভ ১৯৮৪ চনৰ৪ এপ্ৰিলৰ পৰা ।ওছেনিয়াত তেতিয়া চলি আছে দুই মিনিটৰ হেট প্ৰগ্ৰাম ।এই অনুষ্ঠানৰ লক্ষ্য চৰকাৰৰ বিৰোধী দল ব্ৰাডাৰহুড পাৰ্টীৰ মুৰব্বী গোল্ডষ্টীন । গোল্ডষ্টীনৰ অপৰাধ আৰু বিগ ব্রাডাৰে তেওক কেনেদৰে বশ কৰে , তাৰ ওপৰত দুই মিনিটৰ ফিল্ম বনাই প্ৰতিদিনে জনতাক দেখুওৱা হয় ।যাতে জনতাৰ মনত গোল্ডস্মীথৰ প্ৰতি ঘৃণাৰ ভাব বিয়পি থাকে ।উইনষ্টন স্মিথৰ শাসকীয় দলৰেই সদস্য ।এই দলে এক নিজাববীয়া ভাষা উদ্ভাৱন কৰিছে ।নিউজ পিক নামৰ এই ভাষাই ওছেনিয়াৰ চৰকাৰী ভাষা । য’ত পাৰ্টীৰ বিৰুদ্ধে থকা সকলো শব্দ মচি দিয়া হৈছে । বিদ্ৰোহ , বিপ্লৱ আদি শব্দৰ নিউজপিকত স্থান নাই ।কাৰণ পাৰ্টীয়ে বিশ্বাস কৰে যে চিন্তাই যেনেকৈ ভাষাক প্ৰভাৱিত কৰে , তেনেকৈ ভাষাইও চিন্তাক প্ৰভাৱিত কৰে ।উইনষ্টন স্মিথৰো কাম সেইটোৱেই ।অতীতৰ যিবিলাক ঘটনাৰ লগত পাৰ্টীৰ বৰ্তমান আৰু ভৱিষ্যতৰ সংঘাত আছে , সেই সকলোবোৰ বিশ্বাসযোগ্যভাৱে সলনি কৰি পেলোৱা ।মিনিষ্ট্ৰী অৱ ট্ৰুথ অৰ্থাৎ সত্য মন্ত্ৰালয়ৰ উদ্দেশ্যই হ’ল মিছা প্ৰচাৰ কৰা ।চৰকাৰ বিৰোধী শব্দবোৰ মচি পেলোৱা ।….

- Donation -

এয়া কাহিনীৰ আৰম্ভণি ৷ ইয়াৰ পাছৰ কাহিনী জানিবলৈ আপুনি নিশ্চয় উপন্যাসখন পঢ়িব লাগিব ।কিন্তু জৰ্জ অৰৱেলৰ এই উপন্যাসখন পুনৰ চৰ্চালৈ আহিছে দেশৰ নাম সলনিক লৈ ।সলনি হ’ব ইন্ডিয়াৰ নাম । ৰিপাব্লিক অৱ ইন্ডিয়াৰ সলনি দেশ পৰিচিত হ’ব ‘ৰিপাব্লিক অৱ ভাৰত’ ৰূপে ।জি২০ ৰ নিমন্ত্ৰণ পত্ৰত ৰাষ্ট্ৰপতিয়ে উল্লেখ কৰিছে প্ৰেচিডেণ্ট অৱ ভাৰত হিচাপে ।ইয়াৰ লগে লগে আগন্তুক সংসদৰ অধিৱেশনত ইণ্ডিয়াৰ সলনি দেশৰ একমাত্ৰ নাম ভাৰতলৈ পৰ্যবসিত কৰাৰ চৰ্চাও তুংগত উঠিছে । বিৰোধী মিত্ৰজোটৰ নাম ‘ইন্ডিয়া’ ৰখাৰ পাছতেই এতিয়া দেশৰ নাম সলনিৰ প্ৰক্ৰিয়াও আৰম্ভ হৈছে ।জৰ্জ অৰৱেলৰ কাল্পনিক দেশ ওছেনিয়াত যেনেকৈ শাসকৰ পছন্দৰ নহ’লেই শব্দ বিলুপ্ত কৰি দিয়া হয় , তেনেকৈ অমাৰ দেশতো আৰম্ভ হৈছে একেই প্ৰক্ৰিয়া ।সৌ সিদিনাকৈ মেক ইন ইণ্ডিয়া , ডিজিটেল ইণ্ডিয়া , খেলো ইণ্ডিয়া আদি অনেক আচনি ঘোষণা কৰি অহা মোদী চৰকাৰৰ হঠাৎ ইন্ডিয়া শব্দটোৰ প্ৰতিয়েই বিৰাগ উপজিল । কিয়নো বিৰোধী মিত্ৰজোটৰ নাম ৰখা হৈছে ইণ্ডিয়া । যিদৰে বিগব্ৰাডাৰে নিজৰ অপছন্দৰ শব্দবোৰ আতৰাই পঠিয়াইছিল , তেনেদৰেই বিৰোধীৰ পছন্দ হোৱা বাবেই ইন্ডিয়া শব্দটোকেই মোদী চৰকাৰে বিদায় দিবলৈ ওলাইছে । এনেকৈ যেন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হৈ পৰিছে বিগব্ৰাডাৰ ।ভাৰত হৈ পৰিছে বিগব্ৰাডাৰৰ শাসনাধীন এখন স্বৈৰতান্ত্ৰিক দেশ । য’ত বিগব্ৰদাৰে বেয়া পোৱা শব্দবোৰ ভাবি লোৱাটোও বিবেচিত হ’ব অপৰাধ হিচাপে । কিন্তু মন কৰিবলগীয়া কথাটো হ’ল সংবিধানসভাত কেবালানি আলোচনাৰ পাছত গৃহীত হৈছিল অনুচ্ছেদ ১ । য’ত ভাৰতক অভিহিত কৰা হৈছে ৰিপাব্লিক অৱ ইন্ডিয়া হিচাপে । সংবিধান সভাত ১৯৪৮ চনৰ ১৫ নৱেম্বৰ , ১৭ নৱেম্বৰ আৰু ১৯৪৯ চনৰ ১৭ আৰু ১৮ নৱেম্বৰত আলোচনাৰ পাছত গৃহীত কৰা হৈছে অনুচ্ছেদ ১ । য’ত কোৱা হৈছে – ‘Article 1 (1): India, that is, Bharat shall be a Union of States’ was added to the Constitution on 18 September 1949.
কিন্তু আজি বিগব্ৰাডাৰে বিচৰা বাবেই সলনি হৈ গ’ল দেশৰ সংবিধানৰ অনুচ্ছেদ । কোনো আলোচনাৰো প্ৰয়োজন নহ’ল । হয়তো এতিয়াৰ পৰাই দেশত আৰম্ভ হৈ গ’ল বিগব্রাডাৰৰ আনুষ্ঠানিক শাসন ।য’ত বিগব্ৰাডাৰে চাই থাকিব আপোনাক ।বিগব্ৰডাৰে ভাল পোৱা কথাবোৰ আপুনি আলোচনা কৰিব লাগিব , ভাবিব লাগিব ।অন্যথা আপোনাৰ অভিধানৰ পৰা শব্দবোৰ বিলুপ্ত কৰি দিয়া হ’ব ।আপোনাক অপৰাধী হিচাপে গণ্য কৰা হ’ব ।

Leave A Reply

Your email address will not be published.