সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বন্ধ হ’ল বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান,গুৱাহাটী হ’ব নেকি অৰেঞ্জ জ’ন?

বিগত ২৪ ঘন্টাত অসমৰ ৮ জনকৈ লোক নতুনকৈ আক্ৰান্ত হৈছে ক’ৰোনাত ৷ ইয়াৰে ৪ গৰাকীয়ে হ’ল গুৱাহাটী মহানগৰীৰ৷ আক্ৰান্ত সকলৰ ভিতৰত আছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ এগৰাকী ছাত্ৰও৷আনহাতে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ আবাসিক অঞ্চলত মৃত্যু হোৱা এগৰাকী কিশোৰীৰ দেহতো পোৱা গৈছে ক’ভিড১৯ ৰ উপস্থিতি৷ কিশোৰীগৰাকীৰ আইতাকে অকৌ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সন্মুখতে বিভিন্ন সামগ্ৰী বিক্ৰী কৰে৷ এনে পৰিস্থিতিত দুয়োখন চিকিৎসালয় হৈ পৰিছে স্পৰ্শকাতৰ৷ যাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পিছতে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান নতুন ৰোগীৰ বাবে বন্ধ কৰি দিয়া হৈছে৷ ভৰ্তি হৈ থকা ৰোগীসকলৰ প্ৰত্যেকৰে স্বাস্থ্য পৰীক্ষা কৰোৱা হ’ব৷ কমেও ৩ দিন চিকিৎসালয়খন নতুন ৰোগীৰ বাবে বন্ধ থাকিব বুলি জানিব পৰা গৈছে৷ ইফালে ,ক’ৰোনাত আক্ৰান্ত হোৱা চিকিৎসকগৰাকী জি এম চি এইচৰ ৫ নং ছাত্ৰাবাসৰ আবাসী ৷ এই ছাত্ৰাবাসটোৰ লগতে ১ নং ছাত্ৰাবাসকো কনটেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে৷ কনটেইনমেন্ট জ’ন হ’ব চানমাৰি অমিয়নগৰো৷ ক’ৰোনাত আক্ৰান্ত এগৰাকী মহিলা এই অঞ্চলৰ বাসিন্দা৷ এদিনৰ ভিতৰতে মহানগৰীত এইদৰে দ্ৰুতগতিত ক’ৰোনা সংক্ৰমিত হোৱাত মহানগৰীক অৰেঞ্জ জ’ন হিচাপে ঘোষণা কৰাৰ সম্ভাৱনাও প্ৰবল হৈ পৰিছে৷ এই সন্দৰ্ভত সিদ্ধান্ত ল’বলৈ ক্ষন্তেক পাছতে মুখ্যসচিবৰ নেতৃত্বত অনুষ্ঠিত হ’ব এখন গুৰুত্বপূৰ্ণ বৈঠক৷ কেন্দ্ৰীয় চৰকাৰেও ইতিমধ্যে জ’ন নিৰ্ধাৰণৰ কৰ্তৃত্ব ৰাজ্য চৰকাৰক অৰ্পন কৰিছে৷ সমগ্ৰ গুৱাহাটী মহানগৰীক নহ’লেও স্পৰ্শকাতৰ অঞ্চলসমূহত লকডাউন কঠোৰ কৰি তোলা হ’ব বুলি প্ৰশাসনৰ সূত্ৰই জানিবলৈ দিছে৷ অৱশ্যে এই সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুপৰীয়া ২ বজাত এখন সংবাদমেল সম্বোধন কৰি সবিশেষ সিদ্ধান্ত সদৰী কৰিব>

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

- Donation -

Leave A Reply

Your email address will not be published.