সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

দেশ উত্তাল কৰা বিতৰ্কবোৰ

২০২২ বৰ্ষটোত ভাৰতৰ ৰাজনীতিত কেইবাটাও উল্লেখযোগ্য ঘটনা ঘটিল।
মহাৰাষ্ট্ৰ,বিহাৰত চৰকাৰৰ পৰিবৰ্তন হ’ল৷মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ বিধায়কক লৈ একনাথ সিন্দেই গঠন কৰিলে নতুন চৰকাৰ।নতুন চৰকাৰ গঠনত পূৰ্ণ সহযোগিতা আগবঢ়ালে বিজেপিয়ে৷মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী হ’ল একনাথ সিন্দে আৰু উপমুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হয় দেৱেন্দ্ৰ ফাৰ্ণাভিছ।সিন্দেৰ বাবে আগন্তুক কাৰ্যকাল বিজেপিৰ লগত লগ লাগি সম্পন্ন কৰাটো এক বৃহৎ প্ৰত্যাহ্বান হ’ব।অৱশ্যে মহাৰাষ্ট্ৰত এতিয়াও শিৱসেনা কাৰ নিয়ন্ত্ৰণত থাকিব তাক লৈ কোনো সঠিক সিন্ধান্ত হোৱা নাই।দ্বিতীয়তে,বিদ্ৰোহী বিধায়ক কেইগৰাকী বিধায়ক পদ থাকিব নে খাৰিজ হ’ব তাক লৈয়ো এতিয়াও কোনো সিন্ধান্ত হোৱা নাই।

নতুন বৰ্ষটো হ’ব ৰাজস্থানৰ বাবে নিৰ্বাচনৰ বৰ্ষ।

- Donation -

কংগ্ৰেছৰ বাবে ৰাজস্থানৰ নিৰ্বাচন হ’ব এক বৃহৎ প্ৰত্যাহ্বান৷অশোক গেহলটক মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত কৰাক লৈ এতিয়াও কংগ্ৰেছত চলি আছে অসন্তুষ্টি৷অশোক গেহলট আৰু শচীন পাইলট দুয়োগৰাকীয়েই হ’ল হাইকামাণ্ডৰ ঘনিষ্ঠ৷কোনোবা এজন অসন্তুষ্ট হোৱাৰ ফল নিৰ্বাচনত পৰিব৷সেয়ে নববৰ্ষটো ৰাজস্থান কংগ্ৰেছৰ বাবে হ’ব কিছু পৰিমাণে উদ্বেগৰ বৰ্ষ।

২০২২বৰ্ষৰ আন এটা গুৰুত্বপূৰ্ণ ৰাজনৈতিক পট পৰিবৰ্তন হৈছিল বিহাৰত।বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বিজেপিৰ সৈতে ছেদ কৰিছিল সম্পৰ্কৰ৷বিজেপিৰ লগত সম্পৰ্ক শেষ কৰি লালু প্ৰসাদ যাদৱৰ আৰজেডিৰ লগত মিত্ৰতা কৰি গঠন কৰিলে জেডি-আৰজেডিৰ মিত্ৰজোঁটৰ চৰকাৰ।

 

ৰাজনীতিৰ এই শীৰ্ষ সংবাদ কেইটাৰ বাহিৰেও আন কিছুমান বিষয়ো হৈছিল বহুল চৰ্চিত।

বিজেপিৰ মুখপাত্ৰ নুপূৰ শৰ্মাৰ এটা মন্তব্যই প্ৰায় ডেৰ মাহ দেশৰ ৰাজনীতি উত্তপ্ত কৰি ৰাখিছিল৷নুপূৰ শৰ্মাৰ সেই মন্তব্যই দেশৰ পৰিস্থিতি উত্তপ্ত কৰি ৰখাৰ সময়তে ২টা হত্যাকাণ্ডও সংঘটিত হৈছিল।

২০২২বৰ্ষৰ আন এক গুৰুত্বপূৰ্ণ ঘটনা হ’ল এনডিটিভিৰ মালিকীস্বত্ব সলনি হোৱা ।এন ডি টিভি উদ্যোগপতি গৌতম আদানিয়ে ক্ৰয় কৰাৰ পিছত ভাৰতৰ সংবাদমাধ্যমৰ নিৰপেক্ষতা আৰু ইয়াৰ স্থিতিৰ ওপৰত প্ৰশ্নবোধক চিহ্নৰ সৃষ্টি হৈছে।

এলেন মাস্কৰ টুইটাৰ ক্ৰয়ৰ বিষয়টোৱেও বিতৰ্কৰ সৃষ্টি কৰে সমগ্ৰ বিশ্বতে ।টুইটাৰ ক্ৰয় কৰিয়েই এলেন মাস্কে ব্লু টিকৰ ক্ষেত্ৰত কিছু নতুন নিয়ম কৰাৰ লগতে আধাতকৈয়ো অধিক লোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰে।

শ্বাহৰূখ খান আৰু দীপিকা পাডুকন অভিনীত পাঠান চলচ্চিত্ৰৰ ‘বেচৰম ৰং’ গীতটোৱে সৃষ্টি কৰে বিতৰ্কৰ।ধৰ্মীয় সংগঠনবোৰে ইয়াৰ তীব্ৰ বিৰোধিতা কৰে।তেওঁলোকৰ দাবী যে চলচ্চিত্ৰখনৰ পৰা এই গীতটো আঁতৰাই দিব লাগে।দীপিকা পাডুকনৰ গেৰুৱা বিকিনীয়ে আগন্তুক দিনত কি পৰ্যায়ৰ বিতৰ্কৰ সৃষ্টি কৰে সেয়া হ’ব লক্ষণীয় ।

তদুপৰি চলচ্চিত্ৰ নিৰ্মাতা বিবেক অগ্নিহোত্ৰীৰ ‘ কাশ্মীৰী ফাইলছে’ও সৃষ্টি কৰিছিল বিতৰ্কৰ। বলিউডত বয়কট ট্ৰেণ্ড কাশ্মীৰী ফাইলছৰ পৰাই আৰম্ভ হ’ল।

এই বৰ্ষতে
অভিনেত্ৰী জেকুলিন ফাৰ্ণাণ্ডেজ আহিছিল এক বিতৰ্কলৈ৷সুকেশ চন্দ্ৰশেখৰ লগত ধনৰ লেনদেনৰ গোচৰত নাম সাঙোৰ খাইছিল ফাৰ্ণাণ্ডেজৰ।জেকুলিনে এই গোচৰতে কেইবাবাৰো ন্যায়ালয়ৰ দ্বাৰস্থ হ’বলগীয়া হৈছিল।তদুপৰি নৰা ফাতেহী,জাহ্নৱী কাপুৰ,চাৰা আলী খান,ভূমি পেদনেকাৰো এই গোচৰত অভিযুক্ত হৈছিল।

২০২৩ চনৰ আন এটা গুৰুত্বপূৰ্ণ বিতৰ্ক আছিল অগ্নিপথ আঁচনি৷মাত্ৰ ৪ বছৰ সেনাবাহিনীত চাকৰি কৰাৰ পিছত যুৱকসকলে কি কৰিব তাক লৈয়ো হৈছিল বিতৰ্ক।২০২২ বৰ্ষৰ দৰে অগ্নিপথৰ বাবে ২০২৩ বৰ্ষতো হ’ব নিযুক্তি।তেতিয়াও বিষয়টোক লৈ বিতৰ্ক হোৱাৰ সম্ভাৱনা আছে।

Leave A Reply

Your email address will not be published.