সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

গোজক গজালি হ’বলৈ নিদিয়ে মিজোৰামে

গোজক গজালি হ’বলৈ নিদিয়ে মিজোৰামে

দোকানো নহ’ব,মাটিও নহ’ব-থাকে যদি থাকক

- Donation -

একো অধিকাৰ নাই,কেৱল থকাৰ জেগাটোহে

মাটি নিকিনিব,দোকান নুখুলিব -শৰণাৰ্থীক সকিয়নী মিজোৰাম প্ৰশাসনৰ

ম্যানমাৰৰ পৰা অহা শৰণাৰ্থীৰ ক্ষেত্ৰত কঠোৰ মিজোৰামৰ চৰকাৰ

শৰণাৰ্থীৰ বাবে পৰিচয় পত্ৰৰ ব্যৱস্থা কৰিছে মিজোৰাম চৰকাৰে৷

শৰণাৰ্থীয়ে আধাৰ কাৰ্ডৰ বাবেও আবেদন কৰিব নোৱাৰিব মিজোৰামত

চৰকাৰী তথ্য অনুসৰি প্ৰায় ৩০,০০০ ম্যানমাৰৰ পৰা অহা শৰণাৰ্থীয়ে আশ্ৰয় লৈ আছে মিজোৰামত৷

ৰাজ্যখনত ১৫০ টা শৰণাৰ্থীৰ শিবিৰ আছে৷
আইজল জিলা প্ৰশাসনে শেহতীয়াকৈ কঠোৰ বাধা নিষেধ আৰোপ কৰিছে এই শৰণাৰ্থী সকলৰ ক্ষেত্ৰত৷

শৰণাৰ্থী সকলে প্ৰশাসনৰ আগতীয়া অনুমতি অৱিহনে ৰাজ্যখনত কোনো সম্পত্তি ক্ৰয় কৰিব নোৱাৰিব৷

তদুপৰি কোনোধৰণৰ ব্যৱসায় বাণিজ্য , আনকি সৰু দোকান আদিও প্ৰশাসনৰ অনুমতি অৱিহনে খুলিব নোৱাৰিব ৷
তেওঁলোকে ম্যানমাৰৰ পৰা অনা গাড়ীৰ সম্পূৰ্ণ তথ্য দিব লাগিব প্ৰশাসনক৷
আইজল প্ৰশাসনে সকলোবোৰ স্থানীয় নিগম,নিকায় তথা গাওঁসভাৰ মূৰব্বীক এই বিষয়বোৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰি শৰণাৰ্থী সকলৰ গতিবিধিত কঠোৰ দৃষ্টি দিবলৈ আহ্বান জনাই
ছে৷

উল্লেখযোগ্য যে মিজোৰাম সীমান্তৰ প্ৰায় ৫১০ কিলোমিটাৰ অঞ্চল ম্যানমাৰৰ সীমান্তৰ লগত আছে৷

সেয়ে মিজোৰাম আৰু ম্যানমাৰৰ মাজত আগৰে পৰাই এক নিকট সম্পৰ্ক আছে৷

তাৰেই সুবাদত ম্যানমাৰৰ শৰণাৰ্থীয়ে তেওঁলোকৰ আত্মীয় অথবা স্থানীয় লোকৰ তাত ঘৰ ভাড়ালৈ লৈ সৰু সুৰা দোকান পোহাৰেৰে ব্যৱসায় আৰম্ভ কৰিছে৷ফলত গোজেই গজালি হয় বুলি শংকিত হৈছে মিজোৰাম প্ৰশাসন৷

Leave A Reply

Your email address will not be published.