সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কৰ্ণাটকেই ৰোধিলে মোদীৰ বিজেপিক

এখন তয়াময়া ৰণ।বিজেপিক ৰুধিবলৈ কংগ্ৰেছৰ ৰনডংকা বাজি উঠাৰ সময়তে কৰ্ণাটকত ক্ৰমাৎ দুৰ্বল হৈ পৰিছিল বিজেপি। আভ্যন্তৰীণ কন্দল আৰু সংঘাতত জৰ্জৰিত বিজেপিৰ ভেঁটি খহি আহিছিল।কেৱল সেয়াই নে… কিয়নো ইজনৰ পাছত সিজনকৈ বিজেপি নেতাই দল এৰিছিল।ঠিক তেনেতে বিজেপিয়ে আৰম্ভ কৰিছিল এক নতুন খেল। যিখন খেলক লৈ আশ্বস্ত হৈ পৰিছিল বিজেপি। কাৰণ বিজেপিয়ে কৰ্ণাটকত আকৌ এবাৰ খেলিবলৈ আৰম্ভ কৰিলে মোডী ট্ৰাম্প কাৰ্ড। কিন্তু মোদী ট্ৰাম্প কাৰ্ডৰ মেজিক নচলিল কৰ্ণাটকত।মোডী ট্ৰাম্প কাৰ্ডক ওফোৰাই কৰ্ণাটকৰ জনতাই দিলে নিজৰ ৰায়। কৰ্ণাটকে পুনৰ নিবিচাৰে বিজেপিক। কি প্ৰপগন্দাই যে খেলা হোৱা নাছিল কৰ্ণাটকত।কেতিয়াবা যদি ধৰ্মৰ ট্ৰাম্প কাৰ্ড, কেতিয়াবা ভিক্তিম কাৰ্ড। কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ সময়ত অহৰহ ব্যৱহাৰ কৰা হ’ল প্ৰধানমন্ত্ৰী মোডীক। মোদীৰ ৰোড শ্ব’ চলি থাকিল কৰ্ণাটকত। কিন্ত কৰ্ণাটকবাসী যেন আছিল বদ্ধপৰিকৰ।কোনো কাৰণতে বিজেপিক নিবিচৰাৰ হুংকাৰত গৰজি উঠিছিল কৰ্ণাটক। অৱশেষত ১০ মে’ৰ দিনটোত কৰ্ণাটকত বন্দী হ’ল প্ৰাৰ্থীৰ ভাগ্য। ১৩ মে’ৰ দিনটোত আৰম্ভ হ’ল ভোট গণনা। পুৱা ৮ বজাৰ পৰা আৰম্ভ হোৱা গণনাত প্ৰথমে খোলা হৈছিল পোষ্টাল বেলট। পোষ্টেল বেলটৰ গণনাতেই কংগ্ৰেছে লৈছিল অগ্ৰগতি। আৰু তাৰ পাছৰখিনি ইতিহাস। অপ্ৰতিৰোধ্য গতিৰে আগবাঢ়ি আহিল কংগ্ৰেছ। এটা সময়ত কংগ্ৰেছে মেজিক নম্বৰ অতিক্ৰম কৰিলে। আৰু লগে-লগে চৰকাৰ গঠনৰ দিশে অপ্ৰতিৰোধ্য গতিৰে আগবাঢ়ি গ’ল কংগ্ৰেছ। কংগ্ৰেছক বিজেপিয়ে ঢুকি পাবলৈ যি দৌৰ মাৰিব পাৰিব লাগিছিল, সেই দৌৰ আৰু নহ’ল বিজেপিৰ। বিপৰীতে উজুটি খাই-খাই আগবাঢ়িব লগীয়া হ’ল ভাৰতীয় জনতা পাৰ্টী। অৱশেষত ফলাফল ওলাল- কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনত বিজেপিয়ে খালে এক ভয়ংকৰ মুখ থেকেছাঁ।লগে-লগেই আৰম্ভ হ’ল বিজয় উল্লাস। কৰ্ণাটকত উৰিল কংগ্ৰেছৰ বিজয়ধ্বজা। কংগ্ৰেছী সমৰ্থকৰ উল্লাস দেখিবলৈ পোৱা গ’ল দেশজুৰি।
মেজিক নম্বৰ আজুৰি কংগ্ৰেছৰ বিজয় কৰ্ণাটকত ধৰ্মৰ ৰাজনীতিক ওফোৰাই কৰ্ণাটকৰ জনতাই আঁকোৱালি ল’লে প্ৰেমৰ ৰাজনীতি।কৰ্ণাটকে নিৰ্ধাৰণ কৰি দিলে গেৰুৱাকৰণৰ প্ৰপাগণ্ডা আৰু হয়তো নচলিব দেশত। লোকসভা নিৰ্বাচনৰ ৰণদুন্দুভিও বাজি উঠিল এই কৰ্ণাটকৰ পৰাই। কংগ্ৰেছৰ শক্তিশেল হৈ পৰিল দুৰ্নীবাৰ স্বৰূপ। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ গৃহৰাজ্য কৰ্ণাটকত। মেজিক নম্বৰ 113 অতিক্ৰম কৰি কংগ্ৰেছে কৰ্ণাটকৰ মছনদ দখল কৰিলে আৰু লগে-লগেই নিষ্প্ৰভ হৈ পৰিল বিজেপি। কিন্ত হৰ্ছ ট্ৰেডিঙৰ আশংকা কৰি ইতিমধ্যে কংগ্ৰেছে বুক কৰিছে পঞ্চতাৰকাযুক্ত হোটেল। নিশাৰ ভাগলৈ সকলো বিধায়কক হোটেললৈ তলব কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ। দেওৱাৰৰ দিনটোত কৰ্ণাটকত অনুষ্ঠিত হ’ব বিধায়িনী দলৰ বৈঠক। কৰ্ণাটক কংগ্ৰেছৰ ৰাজ্যিক সভাপতি শিৱকুমাৰ বিজয়ী হ’ল বৃহৎ ভোটৰ ব্যৱধানত। সিদ্ধাৰামায়াৰ কংগ্ৰেছে অৱশেষত কৰ্ণাটকত মাৰিলে বিজয়ৰ নিচিন্ত হাঁহি। আৰু এই কৰ্ণাটকৰ পৰাই কংগ্ৰেছে আৰম্ভ কৰিব ২০২৪ৰ লোকসভা নিৰ্বাচনৰ বিজয়ী যাত্ৰা।

Leave A Reply

Your email address will not be published.