সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কিয় লোকসভা নিৰ্বাচন আগুৱাব ?

দেশত লোকসভা নিৰ্বাচন আগুৱাৰ সম্পূৰ্ণ সম্ভাৱনাৰ কথা ব্যক্ত কৰিছে প্ৰায়সংখ্যক বিৰোধী দলেই।দেশৰ প্ৰায়বোৰ ৰাজ্যতেই এতিয়া পূৰ্ণগতিত বিজেপি দলত বিসম্বাদ আৰম্ভ হৈছে। অসম,মণিপুৰ,ত্ৰিপুৰা,মধ্য প্ৰদেশ,তেলেংগানা,ৰাজস্থান,মহাৰাষ্ট্ৰ,কৰ্ণাটক সকলোতেই বিসম্বাদৰ উকমুকনি।তাৰ বিপৰীতে ২৩ জুনত বিহাৰত পুনৰ একত্ৰিত হ’ব বিৰোধী।২০২৪ চনৰ ৰণনীতি প্ৰস্তুত কৰিব বিৰোধীয়ে।তাতেই শংকিত হৈছে বিজেপি ! বিৰোধীক যথেষ্ট হাতত সময় দিব বিচৰা নাই বিজেপিয়ে।আনহাতে,নিজ দলৰ বিসম্বাদৰ চূড়ান্ত সীমালৈয়ো ৰ’ব খোজা নাই বিজেপি !সেয়ে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰকে আৰম্ভ কৰি প্ৰায়সংখ্যক নেতাই লোকসভা নিৰ্বাচন আগুৱাব বুলি মন্তব্য প্ৰকাশ কৰিছে।দেশৰ মুঠ ২৮ খন ৰাজ্যৰ ১৪ খনেই বৰ্তমান বিজেপিৰ দখলত নাই !ইতিমধ্যে বিগত প্ৰায় দুটা বছৰত বিজেপিয়ে কৰ্ণাটক,বিহাৰ,হিমাচল প্ৰদেশ,পঞ্জাব,দিল্লীৰ দৰে ৰাজ্য হেৰুৱাইছে।২০১৪ চনত ক্ষমতালৈ অহা নৰেন্দ্ৰ মোডীৰ ব্যক্তিত্ব আৰু ‘হৰ হৰ মোডী,ঘৰ ঘৰ মোডী’ শ্লোগানেই যথেষ্ট আছিল ইয়াৰ পিছৰ নিৰ্বাচনবোৰত জয়লাভৰ বাবে ।কিন্তু দ্বিতীয়বাৰ ক্ষমতালৈ অহাৰ পিছৰ পৰা যেন কথাবোৰ সলনি হ’ল।এখনৰ পিছত এখন ৰাজ্য হেৰুৱাবলৈ আৰম্ভ কৰিলে বিজেপিয়ে।আনহাতে,শেহতীয়া কৰ্ণাটকৰ নিৰ্বাচনে এক বৃহৎ কঁপনিৰ সৃষ্টি কৰিছে বিজেপিৰ ভিতৰচ’ৰাত।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক নিৰ্ভৰ কৰিয়েই এইবাৰ নিৰ্বাচনত নামিছিল বিজেপি।কৰ্ণাটক নিৰ্বাচনৰ দায়িত্ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক দিয়াৰ সিদ্ধান্ত লৈছিল গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বি এল সন্তোষে।কিন্তু প্ৰধানমন্ত্ৰী মোডীৰ জোৰদাৰ প্ৰচাৰৰ পিছতো ২২৪ খন আসনৰ এক তৃতীয়াংশ আসনো লাভ কৰিব নোাৰিলে বিজেপিয়ে।মোডীৰ মুখক লৈ ৰাজনীতি কৰা বিজেপি দলৰ মাজত ইয়াৰ পিছতেই সৃষ্টি হৈছে হাহাকাৰৰ।হাৰিলে সভাপতিক,জিকিলে প্ৰধানমন্ত্ৰীক কৃতিত্ব দিয়া দলটোৱে এতিয়া কৰ্ণাটকৰ শোচনীয় পৰাজয়ৰ বাবে কাক দায়ী কৰিব তাক লৈ সন্দিহান !আনহাতে,কৰ্ণাটকক লৈ দক্ষিণ ভাৰতত ঘাইকৈ আছে ৫ খন ৰাজ্য।অন্ধ্ৰপ্ৰদেশ,তেলেংগানা,তামিলনাডু,কেৰালা ।এই ৰাজ্য কেইখনৰ ভিতৰত কৰ্ণাটকতেই কেৱল দখল আছিল বিজেপিৰ।
কৰ্ণাটকৰ মুঠ ২৮ জন সাংসদ আছে লোকসভাত।বিগত নিৰ্বাচনত ইয়াৰে ২৫ খন আসন দখল কৰিছিল বিজেপিয়ে।তেলেংগানাত মুঠ লোকসভাৰ আসন আছে ১৭ খন৷ইয়াৰে ৪ খন বিজেপিৰ দখলত থকাৰ বিপৰীতে কংগ্ৰেছৰ দখলত আছে ৩ খন।অন্ধ্ৰ প্ৰদেশত লোকসভাৰ মুঠ আসন আছে ২৫ খন।তাত বিজেপিৰ এজনো সাংসদ নাই৷কেৰালাৰ আছে ৩৩গৰাকী সাংসদ।ইয়াৰে ১৫ গৰাকীয়েই কংগ্ৰেছৰ হোৱাৰ বিপৰীতে বিজেপিৰ এজনো সাংসদ নাই।তামিলনাডুত আছে ৩৯ গৰাকী সাংসদ৷ইয়াৰে ৮ গৰাকী কংগ্ৰেছী সাংসদ আৰু বিজেপিৰ এগৰাকীও সাংসদ নাই।কৰ্ণাটকত এইবাৰ বিজেপিৰ পৰাজয়ে ২০২৪ চনত বৰ্তমান থকা ২৫ খন আসন হেৰুওৱাৰ পথ প্ৰশস্ত কৰিলে।কৰ্ণাটকৰ বিপৰ্যয়ে বিজেপিৰ শীৰ্ষ মহলত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে।২০২৪ চনত বিজেপিৰ ক্ষমতা হেৰুওৱাৰ ভয়ে থৰথৰকৈ কঁপাইছে বিজেপি নেতৃত্বক !মুঠ কথাত কৰ্ণাটকৰ পৰাজয়ৰ পিছত ক্ষমতা হেৰুওৱাৰ ক্ষণ গণিছে বিজেপিয়ে।

Leave A Reply

Your email address will not be published.