সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

একে ৰাতিতে ঝাড়ু এৰি হাতত ল’লে পদুম

দিল্লী চিভিক চেণ্টাৰ হ’লগৈ ৰণক্ষেত্ৰ৷আপ আৰু বিজেপিৰ সদস্যৰ মাজত হতাহতি,গতিয়া গতি লগাৰ পিছত এগৰাকী আপৰ কাউঞ্চিলৰে যোগদান কৰিলে বিজেপিত।আপৰ দিল্লীৰ কাউঞ্চিলৰ পৱন চেৰাৱাটে আপ এৰি যোগদান কৰে বিজেপিত।বিগত বুধবাৰে দিল্লীৰ মেয়ৰ নিৰ্বাচিত হোৱাৰ পিছত বিজেপিৰ সদস্য সকলৰ মাজত লাগিছে হাহাকাৰ।উল্লেখ্য যে বিগত বুধবাৰে দিল্লী এমচিডিৰ মেয়ৰ আৰু ডেপুটি মেয়ৰৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল।মুঠতে তিনি বাৰ বিফল হোৱাৰ পিছত বুধবাৰৰ নিৰ্বাচনত মেয়ৰ নিৰ্বাচন হ’ল দিল্লীত।

Leave A Reply

Your email address will not be published.