সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

উৰহৰ খং ভগা ঢাৰিতে জাৰিছে অ’ৱেছীয়ে !

২০২৪ চনৰ লোকসভা নিৰ্বাচনলৈ মাজত আছে মাত্ৰ ৬ টা মাহ।শাসক -বিৰোধী দুয়োটা পক্ষই ইতিমধ্যে পৃথকে পৃথকে নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰি ৰণক্ষেত্ৰত নামি পৰিছে।বিজেপি নেতৃত্বাধীন NDA ত সংখ্যাত ৩৮ টা দল লগ লাগিছিল যদিও ইতিমধ্যে ৩ টা দলে NDA ৰ পৰা নিৰ্দিষ্ট দূৰত্বত অৱস্থান কৰাৰ সিদ্ধান্ত লৈছে।আনহাতে,কংগ্ৰেছকে ধৰি বিৰোধী মৰ্চাত দল আছে ২৮ টা।গুৰুত্বপূৰ্ণ বিষয়টো হ’ল এই দুয়োটা মিত্ৰজোঁটৰ এটায়ো সংগ দিয়া নাই অ’ৱেছীক।অৱশ্যে কেৱল অ’ৱেছীকেই নহয় দুয়োটা মিত্ৰজোঁটে সংগ দিয়া নাই অসমৰ বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফকো।দুয়োটা দলৰ নেতৃত্বই সংগীহীনতাত ভুগি আবোলতাবোল বকা আৰম্ভ কৰিছে।শনিবাৰে এক অনুষ্ঠানত অংশ লৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে AIMIM আৰু AIUDF ৰ লগত কংগ্ৰেছৰ কোনো সম্পৰ্ক নাই বুলি উল্লেখ কৰিছিল।ইয়াৰ আগতে বিৰোধী মিত্ৰজোঁটৰ কোনো এখন বৈঠকলৈ এই দুয়োটা দলকে মতা নাছিল যদিও দুয়োটা দলেই মিত্ৰজোঁটত থকাৰ সুবিধা পায় নে নাপায় তাক লৈ সন্দিহান হৈ আছিল।কিন্তু শনিবাৰে ৰাহুল গান্ধীয়ে এই দুয়োটা দলৰ লগত কংগ্ৰেছ আৰু ইণ্ডিয়া মিত্ৰজোঁটৰ কোনো সম্পৰ্ক নাই বুলি উল্লেখ কৰাৰ পিছত দুয়োটা দলৰ নেতৃত্বই ভয়ংকৰ সংকটত পৰিছে।ৰাহুল গান্ধীৰ সেই স্পষ্ট স্থিতিৰ পিছত অ’ৱেছীয়ে দেওবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক প্ৰত্যাহ্বান জনাই হায়দৰাবাদৰ পৰা নিৰ্বাচনত প্ৰতিন্দন্দ্বিতা কৰাৰ আহ্বান জনায়।নিজৰ সংসদীয় সমষ্টি হায়দৰাবাদত এক জনসভাত ভাষণ দি অ’ৱেছীয়ে কয় উত্তৰ প্ৰদেশৰ অযোধ্যাত থকা বাবৰি মছজিদ কংগ্ৰেছৰ দিনতেই ধ্বংস হৈছিল।অ’ৱেছীয়ে কয় ‘ মই আপোনালোকৰ নেতাক প্ৰত্যাহ্বান জনাইছোঁ তেওঁ ৱাইনাদৰ পৰা নহয় হায়দৰাবাদৰ পৰা নিৰ্বাচনত প্ৰতিন্দন্দ্বিতা কৰি দেখুৱাওক।আপুনি বহুত ডাঙৰ ডাঙৰ বক্তব্য ৰাখি আছে।গ্ৰাউণ্ডলৈ আহক আৰু মোৰ লগত যুদ্ধ কৰক৷মই সাজু।’উল্লেখ্য যে তেলেংগানা বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছ আৰু AIMIM দুয়োটা দলেই এটা আনটোৰ বিপৰীত স্থানত অৱস্থান কৰিছে।চলিত মাহৰ আৰম্ভণিতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বিজয়ভেৰীৰ এখন সভাত ভাষণ দি কৈছিল যে ভাৰতীয় জনতা পাৰ্টি,ভাৰত ৰাষ্ট্ৰ সমিতি আৰু AIMIM তিনিওটা দলেই একেলগে তেলেংগানাত কাম কৰি আছে।ৰাহুল গান্ধীয়ে কৈছিল ‘ তেলেংগানাত কংগ্ৰেছ দলে বিআৰএছৰ বিৰুদ্ধেই অকলে যুঁজ দিবলগীয়া হোৱা নাই বৰঞ্চ ভাৰত ৰাষ্ট্ৰ সমিতি,বিজেপি আৰু এআইএমআইএম তিনিওটা দলে একেলগে যুঁজ দিবলগীয়া হৈছে।তেওঁলোকৰ যদিও দেখাত ৩ টা দল কিন্তু তেওঁলোক তিনিটাই লগ লাগি কাম কৰি আছে।’তদুপৰি একেখন জনসভাতেই ৰাহুল গান্ধীয়ে কয় তেলেংগানাৰ মুখ্যমন্ত্ৰী KCR আৰু আছাদুদ্দিন অ’ৱেছীৰ বিৰুদ্ধে কোনো ইডি বা চিবিআইৰ গোচৰ নাই৷কাৰণ প্ৰধানমন্ত্ৰী মোডীয়ে এই দুয়োগৰাকীকে নিজৰ মানুহ বুলি ভাৱে।আনহাতে,অ’ৱেছীৰ দলক অৱজ্ঞা কৰাৰ দৰেই ৰাহুল গান্ধীয়ে অৱজ্ঞা কৰিলে বদৰুদ্দিন আজমল নেতৃত্বাধীন AIUDFক৷AIUDF ৰ লগত কংগ্ৰেছৰ মিত্ৰতা নহয় বুলি ৰাহুল গান্ধীয়ে স্পষ্ট কৰাৰ পিছত কংগ্ৰেছ নেতা জাকিৰ হুছেইন শিকদাৰে কয় যে তেওঁলোক ৰাহুল গান্ধীৰ এই সিদ্ধান্তৰ বাবে অতি সুখী৷আনহাতে,এআইইউডিএফৰ বিধায়ক ড° ৰছিদুল ইছলামে কয় যে অসম কংগ্ৰেছৰ শ্ৰুতলিপি অনুসৰি ৰাহুল গান্ধীয়ে এই মন্তব্য কৰিছে।তদুপৰি কংগ্ৰেছে বিজেপিৰ লগত সুসম্পৰ্ক ৰক্ষা কৰি অহা বুলিও কংগ্ৰেছ দলক সমালোচনা কৰিছে আজমল নেতৃত্বাধীন এআইইউডিএফে।আনহাতে,AIUDF ৰ মানকাছাৰৰ বিধায়ক আমিনুল ইছলামে কয় ‘ আমি কংগ্ৰছৰ লগত মৰ্চা গঠনৰ প্ৰতি এনেয়ো আগ্ৰহী নাছিলোঁ।কাৰণ কংগ্ৰেছ দলটো গাড্ডাৰৰ দল৷তেওঁলোকক মুছলমানৰ ভোট লাগে কিন্তু মুছলমানৰ মুখ নালাগে।ৰাজ্যসভাৰ নিৰ্বাচনত তেওঁলোকে ৰাজ্যসভাৰ প্ৰাৰ্থীগৰাকীক কেনেকৈ হৰুৱালে সকলোৱে জানেই।’মুঠ কথাত কেন্দ্ৰত অ’ৱেছী আৰু অসমত আজমলৰ অৱস্থা সমাজত এঘৰীয়া হোৱা পৰিয়ালৰ দৰেই হৈছে।কংগ্ৰেছ বিজেপি কোনোটো দলেই বিশ্বাসত নলয় দুয়োটা দলক।দুয়োটা দলেই বিগত নিৰ্বাচনত জয়ী হোৱাৰ কোনো সম্ভাৱনা নথকা প্ৰাৰ্থীক ভোট দি অ’ৱেছীয়ে ভাৰতৰ বিভিন্ন ৰাজ্যত আৰু বদৰুদ্দিন আজমলে অসমত ৰাজনীতি কৰি আহিছে।তদুপৰি সময়ে সময়ে এআইইউডিএফ প্ৰধান আজমলে অসমৰ মুখ্যমন্ত্ৰীক প্ৰশংসাৰে উপচাই পেলোৱা বিষয়টোৱেও হতচকিত কৰি আহিছে বিৰোধী শিবিৰক।বিগত ৰাজ্যসভা নিৰ্বাচনতো বিজেপি সমৰ্থিত প্ৰাৰ্থীক ভোট দি জয়ী কৰোৱাৰ অভিযোগ উত্থাপন হৈছিল এআইইউডিএফৰ বিৰুদ্ধে।

Leave A Reply

Your email address will not be published.