সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

অভিন্ন সময়ত ভিন্ন মত কিয় হিমন্ত বিশ্ব শর্মাৰ?

১০ মেত মুখ্যমন্ত্ৰী হিচাপে শপত লৈছিল হিমন্ত বিশ্ব শর্মাই৷তাৰ থিক ৬ টা দিন পিছতেই,অর্থাৎ ১৭ মে’ত ৰাইজৰ পৰা আর্থিক বৰঙনি বিচাৰি বিজ্ঞাপন প্ৰকাশ কৰে হিমন্ত বিশ্ব শর্মাৰ চৰকাৰে৷কোভিড বিৰোধী যুজত যুজিবলৈ আর্থিক সংকটত ভোগা হিমন্ত বিশ্ব শর্মাৰ চৰকাৰে আহ্বান কৰিছিল ৰাইজৰ উদাৰচিত্তে বৰঙণি৷ৰাইজৰ বৰঙনি বিচাৰি মুখ্যমন্ত্ৰীৰ সাহার্য পূজি আৰু অসম আৰোগ্য নিধিৰ একাউন্ট নম্বৰ বিজ্ঞাপনৰ সৈতে মুকলি কৰি দিয়া হয়৷এইবাৰ বিষয়টোক লৈ বিতর্ক আৰম্ভ হয় বিধানসভাত৷কোভিডে জুৰুলা কৰি ৰাখিছে ৰাজ্যবাসীক৷এইসময়ত জনতাকহে ধন দিব লাগে চৰকাৰে৷কিন্তু ওলোটাই জনতাৰ পৰা ধন বিচাৰিছে কিয় হিমন্ত বিশ্ব শর্মাৰ চৰকাৰে?তেতিয়াই বাকপটু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ প্ৰত্ত্যুত্তৰ,দ্ৰোনাচার্যই শিষ্যৰ পৰা দান লৈছিল৷দান লোৱাটো আমাৰ সংস্কৃতি আৰু সভ্যতাৰ লগত জড়িত৷দান লবলৈ আমাক ভাৰতীয় সভ্যতাই শিকাইছে৷
এইয়া আছিল প্ৰথমজন হিমন্ত বিশ্ব শর্মা৷আৰু এইয়া দ্বিতীয়জন হিমন্ত বিশ্ব শর্মা৷
পার্থক্য মাথো দহটা মাহৰ৷কিন্তু বক্তব্যৰ পার্থক্য আকাশ পাতাল৷হিমন্ত বিশ্ব শর্মাৰ মতে,দান বৰঙনি এতিয়া সংস্কৃতি নহয়৷অপসংস্কৃতি৷ৰাজ্যত বন্ধ হব লাগে চান্দা সংস্কৃতি৷মাৰোৱাৰী,বিহাৰিৰ পৰা দান বৰঙনি লৈ বিহু নাপাতিবলৈও পৰামর্শ হিমন্ত বিশ্ব শর্মা৷দহটা মাহ পূর্বৰ বৰঙনিৰ সমর্থক হিমন্ত বিশ্ব শর্মা,এতিয়া ইমানেই বৰঙনিৰ বিৰোধী,যে বিহু পাতিবলৈও অনুদান ঘোষনা চৰকাৰৰ৷মানুহ এজনেই৷মুখো একেখন৷বহি থকা চকী একেখন৷কিন্তু কথা বেলেগ কিয়?

- Donation -

Leave A Reply

Your email address will not be published.