সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

জ্যেষ্ঠ সাংবাদিকৰ মৃত্যুত শোকস্তব্ধ সংবাদজগত

অসমৰ টেলিভিছন সাংবাদিকতাৰ বাটকটীয়া প্ৰতাপ বৰদলৈৰ দেহাৱসানে শোকস্তব্ধ কৰি তুলিছে ৰাজ্যৰ সংবাদজগতক ৷ দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটীৰ উপ – সঞ্চালক পদত কাৰ্যনিৰ্বাহ কৰা প্ৰতাপ বৰদলৈয়ে পৰৱৰ্তী সময়ত নিউজ টাইম অসম নামৰ চেটেলাইট চেনেলটোৰ মুখ্য সম্পাদকৰ দায়িত্বও পালন কৰিছিল ৷প্ৰতাপ বৰদলৈৰ মৃত্যুত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই শোক প্ৰকাশ কৰিছে ৷ ইফালে , দ্য ইণ্ডিয়ান এক্সপ্ৰেছ কাকতৰ নেচনেল পলিটিকেল এডিটৰ ৰবীশ তিৱাৰীৰো ৪০ বছৰ বয়সত মৃত্যু হয় ৷ দীৰ্ঘদিন কৰ্কট ৰোগৰে যুঁজ দিয়াৰ পাছত প্ৰখ্যাত সাংবাদিকগৰাকীয়ে আজি শেষ নিশ্বাস ত্যাগ কৰে ৷ তেওৰ মৃত্যুত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ , প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰিছে ৷

Leave A Reply

Your email address will not be published.