জ্যেষ্ঠ সাংবাদিকৰ মৃত্যুত শোকস্তব্ধ সংবাদজগত

Share This Article

অসমৰ টেলিভিছন সাংবাদিকতাৰ বাটকটীয়া প্ৰতাপ বৰদলৈৰ দেহাৱসানে শোকস্তব্ধ কৰি তুলিছে ৰাজ্যৰ সংবাদজগতক ৷ দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটীৰ উপ – সঞ্চালক পদত কাৰ্যনিৰ্বাহ কৰা প্ৰতাপ বৰদলৈয়ে পৰৱৰ্তী সময়ত নিউজ টাইম অসম নামৰ চেটেলাইট চেনেলটোৰ মুখ্য সম্পাদকৰ দায়িত্বও পালন কৰিছিল ৷প্ৰতাপ বৰদলৈৰ মৃত্যুত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই শোক প্ৰকাশ কৰিছে ৷ ইফালে , দ্য ইণ্ডিয়ান এক্সপ্ৰেছ কাকতৰ নেচনেল পলিটিকেল এডিটৰ ৰবীশ তিৱাৰীৰো ৪০ বছৰ বয়সত মৃত্যু হয় ৷ দীৰ্ঘদিন কৰ্কট ৰোগৰে যুঁজ দিয়াৰ পাছত প্ৰখ্যাত সাংবাদিকগৰাকীয়ে আজি শেষ নিশ্বাস ত্যাগ কৰে ৷ তেওৰ মৃত্যুত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ , প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰিছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.