কবি আনিছ উজ্ জামানলৈ ২০২১ বৰ্ষৰ ধ্ৰুৱজ্যোতি বৰা সাহিত্য পুৰস্কাৰ

Share This Article

প্ৰেছ বিজ্ঞপ্তি

গুৱাহাটী, ১৩ ডিচেম্বৰ, ২০২১ খ্রীষ্টাব্দ : ‘ধ্ৰুৱজ্যোতি বৰা মিত্র মণ্ডলী’ৰ উদ্যোগত আৰু অসমৰ বৌদ্ধিক দিশত কৰিত একমাত্র দাতব্য ৰাজহুৱা ন্যাস ‘নর্থ ইষ্ট ফাউণ্ডেচন’ৰ সহযোগত এই বছৰৰ পৰা ধ্ৰুৱজ্যোতি বৰা সাহিত্য পুৰস্কাৰ’ নামেৰে এক সাহিত্য পুৰস্কাৰ প্ৰৱৰ্তন কৰা হৈছে। অসমীয়া সাহিত্যৰ বিভিন্ন দিশত সৃষ্টিশীল, বিশ্লেষণাত্মক, গবেষণাধর্মী, সমীক্ষাত্মক ইত্যাদি লিখনিৰে জাতীয় জীৱন আৰু ভাষা-সাহিত্য সমৃদ্ধ কৰা বিগত পাঁচটা বছৰৰ ভিতৰত প্ৰকাশিত একোখনি গ্ৰন্থৰ বাবে প্ৰতিবছৰে একোগৰাকীকৈ সাহিত্যিকক পুৰস্কাৰটি প্ৰদান কৰা হ’ব। এই পুৰস্কাৰত আছে এখনি চেলেং, প্রশস্তি-পত্ৰ, স্মাৰক আৰু নগদ পঞ্চাশ হাজাৰ টকাৰ ধনৰাশি।

যোৱা ২৭ নৱেম্বৰৰ দিনা পুৰস্কাৰৰ নিৰ্বাচক মণ্ডলীয়ে সর্বসম্মতভাবে অসমৰ এগৰাকী প্ৰতিথযশা সৃষ্টিশীল কবি আনিছ উজ্ জামানলৈ তেখেতৰ কবিতা সংকলন ‘নির্বাচিত কবিতা’ শীর্ষক কবিতা সংকলনৰ বাবে ২০২১ চনৰ ধ্ৰুৱজ্যোতি বৰা সাহিত্য পুৰস্কাৰ’ আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু শ্ৰীযুত জামান ডাঙৰীয়ায়ো এই পুৰস্কাৰ গ্ৰহণ কৰিবলৈ সন্মতি জনাই নির্বাচক মণ্ডলীক বাধিত কৰিছে।

আনিছ উজ্ জামানৰ কবিতাত মানুহৰ প্রাত্যহিক জীৱনৰ সীমাবদ্ধতা আৰু তুচ্চতাৰ প্ৰতিৰূপে জীৱনৰ এক মহতী আদৰ্শৰ সন্ধান আৰু সম্ভাৱনাৰ বিষয়ে, মানুহৰ জীৱন্ত মানবীয় আকাংক্ষা, সত্য-সুন্দৰ আৰু ন্যায়ৰ এষণাৰ বাবে উদ্বুদ্ধ পাঠকক অনুপ্রাণিত কৰে; ব্যক্তিগত একান্ত অনুভূতিৰ পৰা সামাজিক অভিজ্ঞতাৰ নিৰ্যাসলৈ আমাৰ উপলব্ধি সম্প্ৰসাৰিত কৰে। সুদীর্ঘ সময়জুৰি অসমৰ কাব্যজগতক তেওঁ কেৱল সৃষ্টিশীল লেখা আৰু কবিতাৰেই সমৃদ্ধ কৰা নাই বৰঞ্চ উঠি অহা কবি, লেখকসকলক উৎসাহিত,

অনুপ্রাণিত কৰি থাকি এক প্রকৃত সাহিত্যিকৰ দায়িত্ব পালন কৰি আহিছে। এনে এগৰাকী কবি-সাহিত্যিকক এই পুৰস্কাৰেৰে সন্মানিত কৰিবলৈ পাই অত্যন্ত আনন্দিত আৰু বাধিত হৈছোঁ।

ভৱদীয়,

শ্রীপৰেশ কলিতা

সচিব, নর্থ ইষ্ট ফাউণ্ডেচন

কবি আনিছ উজ্ জামান

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.