সংকটত দেশ : বন্দুক লৈ নাগৰিক নামিছে ৰাজপথত

যুদ্ধৰ তৃতীয়টো দিনত ৰাছিয়ান সৈন্যই ইউক্ৰেইনৰ ৰাজধানী কিয়েভত প্ৰৱেশ কৰিছে ৷ কিয়েভৰ আশে পাশে ইউক্ৰেইনৰ সৈনিক আৰু ৰাছিয়ান সৈনিকৰ মাজত তয়াময়া যুদ্ধ অব্যাহত আছে ৷ মাতৃভূমিৰ সংকটৰ সময়ত কিয়েভত সাধাৰণ নাগৰিকেও হাতত বন্দুক লৈ ৰাজপথত নামি পৰা দেখা গৈছে ৷…

আমেৰিকাৰ প্ৰস্তাৱ কিয় নাকচ কৰিলে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে ?

অবিৰাম যুদ্ধৰ মাজতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি বোলোডিমিৰ জেলেনষ্কিয়ে নাকচ কৰিছে আমেৰিকাৰ প্ৰস্তাৱ ৷ আমেৰিকাই জেলেনস্কিক দেশৰ পৰা বাহিৰলৈ লৈ যোৱাৰ প্ৰস্তাৱ দিছিল ৷ কিন্তু সেই প্ৰস্তাৱ নাকচ কৰি জেলেনস্কিয়ে কয় যে ইয়াত যুদ্ধ চলিছে ৷ আমাক অস্ত্ৰ শস্ত্ৰৰ দৰকাৰ ৷ ভ্ৰমণৰ…

ইউক্ৰেইনৰ ৰাজধানীত আৰু দুটাকৈ মিছাইল আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত আজি পুৱাই দুটাকৈ মিছাইল আক্ৰমণ সংঘটিত হয় ৷ ছোচিয়েল মেডিয়াত ভাইৰেল হোৱা এটা ভিডিওত দেখা গৈছে যে এটা মিছাইলে আবাসিক অট্টালিকাত আক্ৰমণ কৰিছে ৷ তাৰ মাজতে ৰাছিয়াৰ সৈনিকে ইউক্ৰেইনৰ দক্ষিণত থকা চহৰ মেলিতোপোল চহৰ দখল কৰাৰ খবৰ…

আজি কি ঘটিছে ইউক্ৰেইনত ?

• ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে টুইটাৰত নিজৰ এটা ভিডিও পোষ্ট কৰি ঘোষণা কৰিছে যে তেওলোকে অস্ত্ৰ সম্বৰণ নকৰে ৷ • ইউক্ৰেইনৰ ৰাজধানী কিয়েভৰ ৰাজপথত অব্যাহত আছে যুদ্ধ ৷ • শণিবাৰে কিয়েভত কেবাটাও বিস্ফোৰণ সংঘটিত হয় ৷ • ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠকত…

‘ৰাছিয়াৰ সন্মুখত আমাক অকলে এৰি দিয়া হ’ল৷ ৰাছিয়াৰ বিৰুদ্ধে যুজিবলৈ আমাৰ লগত কোনো নাই৷’

ৰাছিয়াৰ বিৰুদ্ধে যুজিবলৈ আমাক অকলে এৰি দিয়া হল৷আমাৰ সৈতে যুজিবলৈ সাজু থকা,কাকোয়েই আমি দেখা নাই৷এই গুৰুত্বৰ আৰু আবেগিক অভিযোগ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ৷বৃহস্পতিবাৰে আৰম্ভ হৈছিল ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণ৷এই আক্ৰমণত এতিয়ালৈ ১৩৭ জন ইউক্ৰেনৰ নাগৰিকৰ মৃত্যু হৈছে৷ৰাছিয়াৰ আক্ৰমণৰ পূর্বে আমেৰিকাকে আদি কৰি পশ্চিমীয়া…

কমেডিয়ানৰ পৰা কেনেকৈ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি হৈছিল জেলেনস্কি?

এসময়ত তেও এগৰাকী জনপ্ৰিয় কমেডিয়ান৷প্ৰথমে এখন চিৰিজত তেও এজন শিক্ষকৰ পৰা এখন দেশৰ ৰাষ্ট্ৰপতি হৈছিল৷কিন্তু সেইজন কমেডিয়ানেই এসময়ত বাস্তবতো নির্বাচিত হল দেশৰ ৰাষ্ট্ৰপতি হিচাপে৷কমেডিয়ান অভিনেতাৰ পৰা ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি হোৱা এইগৰাকী ৰাজনীতিকে এতিয়া ৪৫ মিলিয়ন জনতাৰ দেশখনক ৰাছিয়াৰ কবলৰ পৰা ৰক্ষা…

চমনৰ পিছতো আদালতত উপস্থিত নহল কিয় হিমন্ত বিশ্ব শর্মা?

আদালতত উপস্থিত নহল হিমন্ত বিশ্ব শর্মা৷২৫ ফেব্ৰুৱাৰীত এক চমন জাৰি কৰি চিজিএম আদালত উপস্থিত থাকিবলৈ নিদের্শনা দিয়া হৈছিল হিমন্ত বিশ্ব শর্মাক৷কিন্তু শুক্ৰবাৰে আদালতত উপস্থিত নহল হিমন্ত বিশ্ব শর্মা৷অতিৰিক্ত সময় বিচাৰি আদালতত আবেদন জনায় মুখ্যমন্ত্ৰীৰ অধিবক্তাই৷আদালতে পৰবর্তীৰ শুনানীৰ দিন ২১ মার্চত…

কোন পথেৰে ইউক্ৰেইনৰ পৰা বাহিৰলৈ ওলাব আৱদ্ধ ভাৰতীয় ?

ইউক্ৰেইনত আৱদ্ধ হৈ আছে কমেও ২০ হাজাৰ ভাৰতীয় নাগৰিক ৷ অধিকাংশই ছাত্ৰ – ছাত্ৰী ৷ বিমানসেৱা বন্ধ হৈ পৰাৰ বাবে আৱদ্ধ ভাৰতীয় লোকসকলক উদ্ধাৰত জটিলতাৰ সৃষ্টি হৈছে ৷ ইউক্ৰেইনৰ ভাৰতীয় দূতাবাসে সদৰী কৰা অনুসৰি , ভাৰত চৰকাৰে ৰোমানিয়া আৰু হাংগেৰীৰ…