সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

১৬ কৌটি টকাৰে মণিপুৰত উগ্ৰপন্থীৰ ভোট কিনিলে নেকি বিজেপিয়ে ?

মণিপুৰত আজি অনুষ্ঠিত হৈ আছে দ্বিতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচন ৷ কিন্তু তাৰ পূৰ্বে শাসনাধিষ্ঠিত বিজেপি দলৰ বিৰুদ্ধে উত্থাপণ হৈছে এক গুৰুতৰ অভিযোগ ৷ দলটোৰ বিৰুদ্ধে উত্থাপণ হৈছে কৌটি কৌটি টকা ধনৰ বিনিময়ত নিষিদ্ধঘোষিত উগ্ৰপন্থীৰ সমৰ্থন আদায় কৰাৰ অভিযোগ ৷ কোনে এই চাঞ্চল্যকৰ অভিযোগ উত্থাপণ কৰিছে , চাও আহক এই বিশেষ প্ৰতিবেদনত –

মণিপুৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ বিৰুদ্ধে উত্থাপণ হৈছে এক চাঞ্চল্যকৰ অভিযোগ ৷ নিৰ্বাচনী আচৰণবিধি উলংঘা কৰি বিজেপিয়ে ধনৰ বিনিময়ত নিষিদ্ধঘোষিত উগ্ৰপন্থী সংগঠনৰ পৰা সমৰ্থন আদায় কৰাৰ অভিযোগ উত্থাপণ হৈছে ৷ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে এই অভিযোগ উত্থাপণ কৰিছে ৷ তেওৰ অভিযোগ অনুসৰি নিষিদ্ধঘোষিত উগ্ৰপন্থী সংগঠনক প্ৰায় ১৬ কৌটি টকা নিৰ্বাচনৰ মাজতে আদায় দিছে কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰে ৷ এই সন্দৰ্ভত টুইটাৰত প্ৰকাশ কৰা এক বিবৃতিত জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে উল্লেখ কৰা অনুসৰি , মণিপুৰত নিৰ্বাচনী আচৰণ বিধি বলবৎ হোৱাৰ পাছত চৰকাৰে যুদ্ধবিৰতিত থকা উগ্ৰপন্থী সংগঠনক দুটা কিস্তিত প্ৰায় ১৬ কৌটি টকা আদায় দিছে ৷ ৰমেশে এই সন্দৰ্ভত অধিক তথ্য সদৰী কৰি কয় যে কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয় আৰু মণিপুৰ চৰকাৰে যোৱা ১ ফেব্ৰুৱাৰীত ১৫ কৌটি ৭ লাখ আৰু ১ মাৰ্চত ৯২ লাখ ৭ হাজাৰ টকা যুদ্ধবিৰতিত থকা উগ্ৰপন্থী সংগঠনক আদায় দিছে ৷
নিৰ্বাচনৰ পূৰ্বে এই ধন আদায় দিয়া ঘটনাই প্ৰমান কৰে যে প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হোৱা চূড়াচান্দপুৰ আৰু কাংকোকপি জিলাৰ নিৰ্বাচন মুঠেও মুক্ত আৰু নিকা হোৱা নাই ৷ ইয়াৰ বাহিৰেও দ্বিতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া টেঙনৌপল আৰু চান্দেল জিলাতো এই উগ্ৰপন্থী গোটসমূহৰ প্ৰভাৱ আছে ৷ তাৰ পূৰ্বে যুদ্ধবিৰত উগ্ৰপন্থী গোটসমূহক এই উৎকোচ আদায় দিয়াৰ অভিযোগ উত্থাপন কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে ৷ তেও লগতে কয় যে বিজেপিয়ে এইদৰে মণিপুৰত নিৰ্বাচনী প্ৰক্ৰিয়াটোকে ক্ৰয় কৰিছে আৰু ভোটাৰৰ মাজত ভয় বিয়পাই দিছে ৷

- Donation -

মণিপুৰৰ উগ্ৰপন্থী সংগঠন কুকি নেশ্যনেল অৰ্গেনাইজেশ্যন আৰু ইউনাইটেড পিপ’লছ ফ্ৰন্টৰ লগত ২০৮৮ চনতে কেন্দ্ৰীয় চৰকাৰে যুদ্ধবিৰতিৰ চুক্তি স্বাক্ষৰ কৰিছিল ৷ যোৱা ২৫ ফেব্ৰুৱাৰীত কুকি নেশ্যনেল অৰ্গেনাইজেশ্যনে বিজেপি দলক মুকলি সমৰ্থন দিয়াৰ কথা ঘোষণা কৰে ৷ ইয়াৰ পাছতে জয়ৰাম ৰমেশে এই বিস্ফোৰক অভিযোগ উত্থাপণ কৰি কয় যে বিজেপিয়ে প্ৰায় ১৬ কৌটি টকাৰে উগ্ৰপন্থী সংগঠনৰ সমৰ্থন আদায় কৰিছে ৷ জয়ৰাম ৰমেশৰ এই অভিযোগক নিৰ্বাচন আয়োগে কিদৰে লয় , সেয়া লক্ষ্যনীয় হ’ব ৷

Leave A Reply

Your email address will not be published.