১৬ কৌটি টকাৰে মণিপুৰত উগ্ৰপন্থীৰ ভোট কিনিলে নেকি বিজেপিয়ে ?

Share This Article

মণিপুৰত আজি অনুষ্ঠিত হৈ আছে দ্বিতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচন ৷ কিন্তু তাৰ পূৰ্বে শাসনাধিষ্ঠিত বিজেপি দলৰ বিৰুদ্ধে উত্থাপণ হৈছে এক গুৰুতৰ অভিযোগ ৷ দলটোৰ বিৰুদ্ধে উত্থাপণ হৈছে কৌটি কৌটি টকা ধনৰ বিনিময়ত নিষিদ্ধঘোষিত উগ্ৰপন্থীৰ সমৰ্থন আদায় কৰাৰ অভিযোগ ৷ কোনে এই চাঞ্চল্যকৰ অভিযোগ উত্থাপণ কৰিছে , চাও আহক এই বিশেষ প্ৰতিবেদনত –

মণিপুৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ বিৰুদ্ধে উত্থাপণ হৈছে এক চাঞ্চল্যকৰ অভিযোগ ৷ নিৰ্বাচনী আচৰণবিধি উলংঘা কৰি বিজেপিয়ে ধনৰ বিনিময়ত নিষিদ্ধঘোষিত উগ্ৰপন্থী সংগঠনৰ পৰা সমৰ্থন আদায় কৰাৰ অভিযোগ উত্থাপণ হৈছে ৷ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে এই অভিযোগ উত্থাপণ কৰিছে ৷ তেওৰ অভিযোগ অনুসৰি নিষিদ্ধঘোষিত উগ্ৰপন্থী সংগঠনক প্ৰায় ১৬ কৌটি টকা নিৰ্বাচনৰ মাজতে আদায় দিছে কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰে ৷ এই সন্দৰ্ভত টুইটাৰত প্ৰকাশ কৰা এক বিবৃতিত জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে উল্লেখ কৰা অনুসৰি , মণিপুৰত নিৰ্বাচনী আচৰণ বিধি বলবৎ হোৱাৰ পাছত চৰকাৰে যুদ্ধবিৰতিত থকা উগ্ৰপন্থী সংগঠনক দুটা কিস্তিত প্ৰায় ১৬ কৌটি টকা আদায় দিছে ৷ ৰমেশে এই সন্দৰ্ভত অধিক তথ্য সদৰী কৰি কয় যে কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয় আৰু মণিপুৰ চৰকাৰে যোৱা ১ ফেব্ৰুৱাৰীত ১৫ কৌটি ৭ লাখ আৰু ১ মাৰ্চত ৯২ লাখ ৭ হাজাৰ টকা যুদ্ধবিৰতিত থকা উগ্ৰপন্থী সংগঠনক আদায় দিছে ৷
নিৰ্বাচনৰ পূৰ্বে এই ধন আদায় দিয়া ঘটনাই প্ৰমান কৰে যে প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হোৱা চূড়াচান্দপুৰ আৰু কাংকোকপি জিলাৰ নিৰ্বাচন মুঠেও মুক্ত আৰু নিকা হোৱা নাই ৷ ইয়াৰ বাহিৰেও দ্বিতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া টেঙনৌপল আৰু চান্দেল জিলাতো এই উগ্ৰপন্থী গোটসমূহৰ প্ৰভাৱ আছে ৷ তাৰ পূৰ্বে যুদ্ধবিৰত উগ্ৰপন্থী গোটসমূহক এই উৎকোচ আদায় দিয়াৰ অভিযোগ উত্থাপন কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে ৷ তেও লগতে কয় যে বিজেপিয়ে এইদৰে মণিপুৰত নিৰ্বাচনী প্ৰক্ৰিয়াটোকে ক্ৰয় কৰিছে আৰু ভোটাৰৰ মাজত ভয় বিয়পাই দিছে ৷

মণিপুৰৰ উগ্ৰপন্থী সংগঠন কুকি নেশ্যনেল অৰ্গেনাইজেশ্যন আৰু ইউনাইটেড পিপ’লছ ফ্ৰন্টৰ লগত ২০৮৮ চনতে কেন্দ্ৰীয় চৰকাৰে যুদ্ধবিৰতিৰ চুক্তি স্বাক্ষৰ কৰিছিল ৷ যোৱা ২৫ ফেব্ৰুৱাৰীত কুকি নেশ্যনেল অৰ্গেনাইজেশ্যনে বিজেপি দলক মুকলি সমৰ্থন দিয়াৰ কথা ঘোষণা কৰে ৷ ইয়াৰ পাছতে জয়ৰাম ৰমেশে এই বিস্ফোৰক অভিযোগ উত্থাপণ কৰি কয় যে বিজেপিয়ে প্ৰায় ১৬ কৌটি টকাৰে উগ্ৰপন্থী সংগঠনৰ সমৰ্থন আদায় কৰিছে ৷ জয়ৰাম ৰমেশৰ এই অভিযোগক নিৰ্বাচন আয়োগে কিদৰে লয় , সেয়া লক্ষ্যনীয় হ’ব ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.