শ্ৰেণী ৰাজনীতি

পুনৰ কংগ্ৰেছলৈ সিন্ধিয়া ?

কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা জ্যোতিৰাদিত্য সিন্ধিয়াই এক আলোচনাত অংশ লৈ কয় যে তেওঁৰ কংগ্ৰেছ নেতা কমল নাথ অথবা দ্বিগবিজয় সিঙৰ ওপৰত অলপো ক্ষোভ নাই।তেওঁ কেতিয়াও মুখ্যমন্ত্ৰী হোৱাৰো সপোন দেখা নাই।তেওঁ মাত্ৰ মধ্য প্ৰদেশৰ উন্নতি বিচাৰে।পঞ্চায়ত আজটক নামৰ এক অনুষ্ঠানত…

মোডী-শ্বাহৰ ৰাজ্যতেই সংকটত বিজেপি !

মাত্ৰ ৯ টা বছৰ ,মাত্ৰ ৯ টা বছৰতে বেয়াকৈ আমুৱালে বিজেপিক,বীতশ্ৰদ্ধ হ’ল বিজেপিৰ প্ৰতি জনতা।১৯৯৯ চনৰ পৰা দেশত একেলেথাৰিয়ে ক্ষমতাত আছিল কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ।কংগ্ৰেছ নেতৃত্বাধীন ইউপিএক শোচনীয়ভাৱে পৰাভূত কৰি ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত বিজেপি দল কেন্দ্ৰত ক্ষমতালৈ আহিছিল।সেইবাৰ…

ঋষি চুনক আৰু ড: হিমন্ত বিশ্ব শৰ্মা

খাদ্য সংসাধন উদ্যোগ স্থাপনৰ বাবদ অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ মালিকানাধীন কোম্পানীয়ে লাভ কৰিলে ৰাজসাহায্যৰ অনুমোদন ।তাৰ পাছতেই দেশৰ ৰাজনীতিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মা মালিকানাধীন কোম্পানী প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডে ভাৰত চৰকাৰৰ…

নেতাক টিছু পেপাৰৰ দৰে ব্যৱহাৰ বিজেপিৰ !

শাসক দল বিজেপিত বিসম্বাদে লৈছে ভয়ংকৰ ৰূপ।অসমৰ পৰা আৰম্ভ কৰি হিমাচল প্ৰদেশলৈকে,কৰ্ণাটকৰ পৰা আৰম্ভ কৰি মণিপুৰলৈকে সকলোতে বিজেপি দলৰ মাজত অনিয়ন্ত্ৰিত বিসম্বাদে গা কৰি উঠিছে৷কৰ্ণাটকত লিংগায়ট সম্প্ৰদায়ে ইতিমধ্যে সংগ ত্যাগ কৰিছে বিজেপিৰ।বিজেপিত থকা লিংগায়ট সম্প্ৰদায়ৰ বহুকেইজন নেতাই ইতিমধ্যে বিসম্বাদ নিৰ্মূলৰ…

প্ৰাক্তন মুখ্যমন্ত্ৰীৰ মুখত ছাঁই সানিলে মুখ্যমন্ত্ৰী হিমন্তই !

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মাজত মতপাৰ্থক্য নতুন নহয়।এজনৰ লক্ষ্য যদি পূবলৈ আনজনৰ লক্ষ্য পশ্চিমলৈ !প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মুখত আখৈ ফুটাদি ফুটে বৰাক-ব্ৰহ্মপুত্ৰৰ সমন্বয়ৰ কথা।বৰাক-ব্ৰহ্মপুত্ৰ শব্দ দুটা উচ্চাৰণ নকৰাকৈ এটা বাক্যও সম্পূৰ্ণ নকৰে…

উমা ভাৰতীয়ে ত্যাগ কৰিব বিজেপি !

মধ্য প্ৰদেশত অহা নবেম্বৰত অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন।নিৰ্বাচনক লৈ ব্যস্ত শাসক -বিৰোধী দুয়োটা পক্ষই।মধ্য প্ৰদেশত বিগত ২০ বছৰ ধৰি চলি আছে বিজেপি দলৰ চৰকাৰ।মধ্য প্ৰদেশত প্ৰতিষ্ঠানবিৰোধী ঢৌৰ লগতে দুৰ্নীতি আৰু দলীয় বিসম্বাদে কোঙা কৰি পেলাইছে বিজেপিক।ইজনৰ পিছত সিজন জ্যেষ্ঠ নেতাই…

মানুহ থকাই টান ৰ’দত, তেন্তে কোনে পানী দিব গছত?

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লক্ষ্য মাথোন অভিলেখ গঢ়াত।ইটোৰ পিছত সিটো অভিলেখ গঢ়ি নিজৰ শাসনৰ সমযচোৱা আনতকৈ যে পৃথক তাকেই যেন প্ৰতিপন্ন কৰিব খুজিছে অসমৰ মুখ্যমন্ত্ৰী ড° শৰ্মাই।কেতিয়াবা যদি ১২হাজাৰ বিহুৱা-নাচনীক সৰুসজাইত নচুৱাই গঢ়িছে অভিলেখ,কেতিয়াবা আকৌ বীৰ লাচিত বৰফুকনৰ…

কাৰ্যকালৰ শেষৰ বছৰত বিজেপিয়ে বুজিলে ৰামনামেইহে সাৰ !

দেশৰ সাধাৰণ নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান মাহ। একেলেথাৰিয়ে দুটা কাৰ্যকাল দেশৰ শাসনত থাকি ক্ষমতা হেৰুৱাব খোজা নাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে ।বৰ্তমান শাসনাধিষ্ঠিত চৰকাৰ খনৰ হাতত আছে মাত্ৰ ৭ টা মাহ।অৱশ্যে দেশত যিটো হাৰত এক দেশ এক নিৰ্বাচন…

দেশ একেখনেই,এফালে আনন্দ,আনফালে বিষাদ !

G 20 সন্মিলনক লৈ সমগ্ৰ দেশ ব্যস্ত।সমগ্ৰ দেশলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে প্ৰতিনিধি।কৃত্ৰিম ফোৱাৰা,সুসজ্জিত ৰঙীন লাইটেৰে দিল্লী যেন এক স্বৰ্গপুৰীলৈহে ৰূপান্তৰিত হৈছে।দেশী-বিদেশী নেতাৰ আগমনে দিল্লীৰ পৰিৱেশত সোণত সুৱগা চৰাইছে।অশান্ত মণিপুৰ কেনেবাকৈ পুনৰবাৰ অশান্ত হয় নেকি বুলি মণিপুৰী জনতাক সান্ধ্যআইন…

বৃটিছে দিয়া নাছিল ‘ইণ্ডিয়া’ নাম

আমাৰ দেশৰ নাম কি হ’ব ? ভাৰত নে ইণ্ডিয়া ? নে ভাৰত আৰু ইণ্ডিয়া দুয়োটাই ?বৃটিছসকলে আমাৰ দেশৰ নাম ইন্ডিয়া ৰাখিছিল নেকি ? শেহতীয়াকৈ সৃষ্টি হোৱা এই বিতৰ্কৰ সূত্ৰপাত ঘটিছিল ভাৰত স্বাধীন হোৱাৰ পাছতেই । সংবিধান সভাত ইয়াক লৈ চাৰি…