সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

দাসত্ব: টকাৰ বাবে দালালৰ হাতত কন্যা সন্তানক তুলি দিছে পিতৃ-মাতৃয়ে

গৌতম প্ৰতিম গগৈ

‘আমাৰ লগৰ এজনে তাইৰ লগত কথা পাতিছিল৷ তাই তাইক অৰুণাচলৰ পৰা লৈ আনিবলৈ কৈছিল৷ কিন্তু তাইক ঘূৰাই অনাটো দূৰৰ কথা, আমাৰ ঠিকাদাৰে তাইৰ কাষ চাপিবলৈও মানা কৰিছিল আমাক৷ কৈছিল,তাইক বচোৱাৰ চেষ্টা কৰিলে আমি নিজেই বিপদত পৰিম৷’

মাত্ৰ দুহাজাৰ টকাৰ বিনিময়ত অৰুণাচলীৰ হাতত আজীৱন বন্দী হৈ পৰে অসমৰ কিশোৰী৷ পানীৰ দৰত দালালৰ হাতত দৰিদ্ৰ পিতৃ-মাতৃয়ে গতাই দিয়ে নিজৰেই জীয়ৰীক৷ দালালৰ প্ৰলোভনত দৰিদ্ৰ পৰিয়ালৰ কিশোৰী অৰুণাচলত হৈ পৰে বনকৰা ছোৱালী৷ এবাৰ অসমৰ পৰা অৰুণাচলত সোমাই পৰাৰ পাছত কাহানিও ঘূৰি আহিব নোৱাৰে ঘৰলৈ৷ আনকি ১৫-২০ বছৰ ধৰি অৰুণাচল প্ৰদেশত বন্দী হৈ পৰা তেনে কিশোৰী এতিয়া জীৱিত নে মৃত সেই কথাও নাজানে পিতৃ-মাতৃয়ে৷অৰুণাচলত কিদৰে বন্দী হৈ আছে অসমৰ দৰিদ্ৰ পৰিয়ালৰ অসংখ্য কিশোৰী? কিদৰে পানীৰ দৰত অৰুণাচললৈ সৰবৰাহ হয় কিশোৰী? ক’ত কিদৰে থাকে তেওঁলোক? লখিমপুৰ জিলাৰ দুখন গাঁৱত উপস্থিত হৈ আমি দেখিবলৈ পালো দৰিদ্ৰতাৰ এক অসহনীয় আৰু অমানৱীয় ছবি ৷ দ্য ক্ৰছকাৰেণ্টৰ চৰজমিন অনুসন্ধানত এনে অনেক চাঞ্চল্যকৰ কাহিনী ৷

- Donation -

ফুলমনিৰ দুই কন্যা সন্তানক কিদৰে লৈ গৈছিল দালালে ?

লখিমপুৰ জিলাৰ উত্তৰ লালুকৰ গড়মূৰ সোনাপুৰৰ বাসিন্দা ফুলমনি এক্কা ৷ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা এটা মথাউৰিৰে প্ৰায় ৩ কিলোমিটাৰ খোজ কাঢ়িলে পোৱা যায় আদিবাসী সম্প্ৰদায়ৰ গাঁও গড়মূৰ সোনাপুৰ৷ তাতেই ফুলমনি এক্কাৰ ঘৰ৷ তিনিটা কোঠালীৰে এটা বিধস্তপ্ৰায় এটা কেঁচাঘৰ ৷ দিন হাজিৰা কৰি চলা ফুলমনিৰ ঘৰত আছে এতিয়া নিজৰ স্বামী,বৃদ্ধ ৰোগীয়া শহুৰ আৰু দুজনী জী৷ ফুলমনিৰ আছিল তিনিজনী জীয়েক৷ ডাঙৰ জীয়েক মনৰিটাক (নাম সলনি কৰা হৈছে) দুজন ব্যক্তিয়ে কাম কৰিবলৈ লৈ গৈছিল অৰুণাচললৈ৷ ২০২১ চনৰ নবেম্বৰ মাহত অৰুণাচলত ধনী মানুহৰ ঘৰত কাম কৰিবলৈ লৈ যোৱা হৈছিল মনৰিটাক৷ তেতিয়া ১৪ বছৰ বয়সীয়া মনৰিটা ৷ মনৰিটাৰ মাকে আমাক কয়, ‘মনৰিটা তেতিয়া তৃতীয় শ্ৰেণীত পঢ়ে ৷অনীতা আৰু লালু নামৰ দুজন লোক মনৰিটাক বিচাৰি আহিছিল আমাৰ ঘৰলৈ৷ তেওঁলোকে কৈছিল যে মনৰিটাক তেঁওলোকে লৈ যাব অৰুণাচলৰ সন্তানহীন এহাল দম্পত্তীৰ ঘৰলৈ৷ তাতেই স্কুলত ভর্তি কৰোৱা হ’ব মনৰিটাক৷ মনৰিটাই তাত ভালদৰে পঢ়িব পাৰিব আৰু মাহিলী দুই হাজাৰ টকাকৈ ঘৰলৈ পঠোৱা হ’ব৷’

দৰিদ্ৰতাই কোঙা কৰা ফুলমনিৰ জৰাজীৰ্ণ ঘৰটো
                                                            দৰিদ্ৰতাই কোঙা কৰা ফুলমনিৰ জৰাজীৰ্ণ ঘৰটো

সেই প্ৰতিশ্ৰুতিৰেই মনৰিটাক লৈ যোৱা হ’ল অৰুণাচললৈ৷ মনৰিটাক অৰুণাচললৈ লৈ যোৱাৰ এমাহ পাছত পুনৰ ফুলমনিৰ ঘৰত উপস্থিত হ’ল অনীতা আৰু লালু৷ এইবাৰ একেই প্ৰতিশ্ৰুতিৰে অনীতা আৰু লালুয়ে অৰুণাচললৈ লৈ যাব বিচাৰিলে মনৰিটাৰ ১২ বছৰীয়া ভগ্নী নিবেদিতাক( নাম সলনি কৰা হৈছে)৷ দৰিদ্ৰ পৰিয়ালটোয়ে এইবাৰ অনীতা আৰু লালুৰ হাতত গতাই দিলে তেতিয়া দ্বিতীয় শ্ৰেণীত পঢ়ি থকা নিবেদিতাকো ৷ কিন্তু তাৰ মাজতে ২০২২ চনৰ জানুৱাৰী মাহত অৰুণাচলৰ পৰা ফুলমনিৰ ঘৰলৈ আহিল এটা বিশেষ খবৰ৷ খবৰ আহিল,মনৰিটা হেৰাইছে৷ খবৰটো পায়েই লালু আৰু অনীতাৰ সৈতে যোগাযোগ কৰিলে ফুলমনিয়ে৷ কিন্তু কোনো গুৰুত্ব নিদিলে তেঁওলোকে৷ ইয়াৰ পাছত ফুলমনি ৰাওনা হ’ল অৰুণাচললৈ৷ অৰুণাচলৰ হাফলি নামৰ দুর্গম ঠাইত তিনিদিন ধৰি আৰক্ষীৰ সহায়ত মনৰিটাক বিচাৰি উলিয়ালে মাতৃ ফুলমনিয়ে৷ এটা শিশু আশ্ৰয় শিবিৰত মনৰিটাৰ সন্ধান পালে মাতৃয়ে৷ কিন্তু তেতিয়া শাৰিৰীকভাবে বিধস্তপ্ৰায় হৈ পৰিছিল মনৰিটা৷ মনৰিটাক মাকে ঘৰলৈ লৈ আহিল৷ কিন্তু দিনক দিনে মনৰিটাৰ শাৰীৰিক অৱস্থা অধিক শোচনীয় হৈ পৰিল৷ আৰু তাৰ ঠিক কেইমাহমানৰ পাছতেই মৃত্যুক সাৱটি ল’লে মনৰিটাই৷

শাৰীৰিকভাৱে বিধ্বস্ত হৈ মৃত্যুক আঁকোৱালি লোৱা মনৰিটাজনী
      শাৰীৰিকভাৱে বিধ্বস্ত হৈ মৃত্যুক আঁকোৱালি লোৱা মনৰিটা

মনৰিটাৰ মৃত্যুৰ পাছত জুলাই মাহত ভগ্নী নিবেদিতাক বিশেষ ব্যৱস্থা কৰি ঘৰলৈ ওভতাই অনা হ’ল৷ কিন্তু ফুলমনিৰ ভাষ্য অনুসৰি, অৰুণাচলৰ এটা পৰিয়ালৰ ঘৰত ছমাহ ধৰি বনকৰা কাম কৰা নিবেদিতাই এক পইচাও লাভ নকৰিলে৷ ইফালে অৰুণাচল প্ৰদেশলৈ পঠিয়াই ডাঙৰ জীয়েকক চিৰদিনলৈ হেৰুৱাবলগীয়া হ’ল দুৰ্ভগীয়া ফুলমনিয়ে ৷

 

অসমৰ কিমান কন্যা সন্তান বন্দী অৰুণাচলত ?

মনৰিটা আৰু নবনীতাৰ দৰে অসংখ্য কিশোৰী ঘৰুৱা কামত নিয়োজিত কৰিবলৈ লৈ যোৱা হৈছিল অৰুণাচললৈ৷ ইয়াৰে অনেক কিশোৰী কোনোদিন ঘূৰি নাহে অসমলৈ৷ দৰিদ্ৰ পৰিয়ালৰ পিতৃ-মাতৃক প্ৰলোভন দিয়া হয় দুই-তিনিহাজাৰ টকাৰ৷ কোৱা হয় যে অৰুণাচলত তেঁওলোকক দিয়া হ’ব স্কুলীয়া শিক্ষা৷ অতি দৰিদ্ৰ পৰিয়ালৰ এইসকল লোক নিজৰ সন্তানক শিক্ষা প্ৰদানৰ বাবেও সাধাৰণতে স্বচ্ছল নহয়৷ একপ্ৰকাৰ অসহায় হৈ তেওঁলোকে নিজৰ কন্যা সন্তানক গতাই দিয়ে দালালৰ হাতত ৷ তাৰ পাছত তেওঁলোকক লৈ যোৱা হয় অৰুণাচললৈ৷ অৰুণাচলত এইসকলক কিশোৰী হৈ পৰে বনকৰা ছোৱালী৷ হয়তো আন আইনবিৰুদ্ধ কামতো নিয়োগ কৰা হয় ৷ যাৰ বাবে বহুক্ষেত্ৰত তেওঁলোক চিৰ জীৱনৰ বাবে হৈ পৰে বন্দী৷ ঘৰলৈ ঘূৰি অহাৰ আৰু কোনো সুযোগ নাপায় ৷ যদিও প্ৰথম অৱস্থাত পিতৃ-মাতৃৰে বুজাবুজিৰ জৰিয়তে শিশুক অৰুণাচললৈ লৈ যোৱা হয় , পাছলৈ কিন্তু তেওঁলোক হৈ পৰে একো একোটা ভুক্তভোগী পৰিয়াল৷অথচ এই সমূহ কথা সাধাৰণতে মুকলিকৈ ক’ব নোখোজে ভুক্তভোগী পৰিয়ালে৷ আইনী মেৰপেচত বন্দী হৈ পৰাৰ শংকা অথবা বন্দী হৈ থকা নিজ কন্যাৰ সুৰক্ষাৰ স্বার্থতেই তেওঁলোকে গোপনে ৰাখে এনে ঘটনা৷

মনৰিটাৰ গাঁও গড়মূৰ সোণাপুৰ এখন আদিবাসী বসতিৰ গাঁও৷ প্ৰায় ৯০ টাতকৈ অধিক পৰিয়ালৰ গাঁওখনত চৰকাৰী চাকৰিয়াল বুলিবলৈ দুই বা তিনিজনতকৈ অধিক নোলাব৷ নৈপৰীয়া গাঁওখনৰ অধিকাংশ লোকেই দিন হাজিৰা কৰি চলি আহিছে৷ দিন হাজিৰাই তেওঁলোকৰ মূল জীৱিকা৷ আমাৰ অনুসন্ধানকালত গাঁওখনত দিনৰ ভাগত আমি সাধাৰণতে প্ৰায়বোৰ ঘৰতেই ডাঙৰ মানুহ লগ পোৱা নাছিলো৷ পুৱা ৭ বজাৰ আগত অথবা সন্ধিয়া ৫ বজাৰ পাছতহে ঘৰৰ জ্যেষ্ঠসকলক লগ পাইছিলো৷ ইয়াৰ অর্থ এয়ে যে,গাঁওখনৰ প্ৰায়ভাগ ঘৰৰ মানুহেই পুৱাতেই দিন হাজিৰা কৰিবলৈ ওলাই যায় কাষৰীয়া গাঁওসমূহলৈ৷ গাঁওখনৰ বাসিন্দাৰ ঘৰ-দুৱাৰ লক্ষ্য কৰিলেই আপুনিও বুজিব পাৰিব তেওঁলোকৰ আর্থিক দৈন্যতাৰ অৱস্থা৷

            সোণাপুৰ  গড়মূৰ গাঁওখনৰ আৰ্থিক দৈন্যতাৰ এখন জীয়া ছবিৰ বাস্তৱ উদাহৰণ

গাঁওখনত নাই কোনো স্কুল ৷ স্কুলত পঢ়িবলৈ দূৰৰ গাঁৱলৈ যাব লাগে ৷ এনে এক প্ৰেক্ষাপটত তেওঁলোকে সামান্য প্ৰলোভনতে নিজৰ কন্যা সন্তানক গতাই দিয়ে দালালৰ হাতত৷ গাঁওখনত এনে বহু পৰিয়াল আছে , যাক দুই তিনিহাজাৰ টকা দি কন্যা সন্তানক লৈ যোৱা হয় অৰুণাচল প্ৰদেশলৈ ৷ প্ৰবঞ্চনাৰ বলি হোৱা বহু পৰিয়ালে এতিয়া মুখ খুলিব নিবিচাৰে ৷

অৰুণাচলত কি কাম কৰিছিল মনৰিটা আৰু নিবেদিতাই?

আমি কথা পাতিছিলো অৰুণাচলত ৬ মাহ কাম কৰি জ্যেষ্ঠ ভগ্নীৰ মৃত্যুৰ পাছত ঘৰলৈ উভতি অহা নিবেদিতাৰ সৈতে৷ নিবেদিতাৰ ভাষ্য অনুসৰি,বিগত ২০২১ চনৰ ডিচেম্বৰ মাহত অনীতা আৰু লালু নামৰ দুই ব্যক্তিয়ে অৰুণাচললৈ লৈ গৈছিল নিবেদিতাক৷ অৰুণাচলত লালুৰ ঘৰত এটা নিশা থাকিবলৈ দিয়া হৈছিল নিবেদিতাক৷ পাছদিনাই হাফলিৰ এহাল দম্পত্তীৰ ঘৰলৈ লৈ যোৱা হৈছিল নিবেদিতাক৷ ঘৰত দি যোৱা প্ৰতিশ্ৰুতিৰ দৰে নিবেদিতাক কোনো স্কুলত নামভর্তি কৰোৱা নাছিল৷ তাৰ সলনি নিয়োগ কৰা হৈছিল ঘৰুৱা কামত৷ কাপোৰ ধোৱা,বাচন-বর্তন ধোৱা আৰু কেঁচুৱা চোৱাচিতা কৰাৰ দৰে কামত নিয়োগ কৰা হৈছিল নিবেদিতাক ৷

          মনৰিটাৰ ভনীয়েক  নিবেদিতা

 

মনৰিটাৰ লগত অৰুণাচললৈ যোৱা প্ৰণীতা কিদৰে পলাই আহিছিল অৰুণাচলৰ পৰা?

লালু আৰু অনীতাই কেৱল মনৰিটা আৰু নিবেদিতাকেই অৰুণাচললৈ লৈ যোৱা নাছিল৷ আমি লাভ কৰা এক বিশেষ তথ্যৰ ভিত্তিত উপস্থিত হৈছিলো একেখন জিলাৰেই চিলনীবাৰীৰ কুঁহিয়াৰবাৰী নামৰ এখন ভিতৰুৱা গাঁৱত৷ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰত অৱস্থিত গাঁওখন উপস্থিত হ’বলৈ পাৰ হ’ব লাগিব দুখনকৈ দলংবিহীন নদী৷ কুহিয়াৰবাৰীৰ ল’খ’ হৰ নামৰ ব্যক্তিজনৰ আছিল এটা কোঠালীৰ এটা বিধস্তপ্ৰায় কেঁচা ঘৰ৷ ল’খ’ হৰৰ প্ৰণীতা ( নাম সলনি কৰা হৈছে) নামৰ ১৪ বছৰীয়া জীয়ৰীক মনৰিটাৰ সৈতেই অৰুণাচললৈ লৈ গৈছিল অনীতা আৰু লালুয়ে৷ ফুলমনিৰ ঘৰত দিয়া প্ৰতিশ্ৰুতিৰ দৰেই প্ৰনীতাৰ ক্ষেত্ৰতো একেই প্ৰতিশ্ৰুতি দিছিল অনীতা আৰু লালুয়ে৷ কৈছিল যে ঘৰলৈ মাহিলী দুহাজাৰ টকাকৈ প্ৰেৰণ কৰা হ’ব ৷ সেই সময়ত প্ৰণীতাৰ পিতৃয়েও দিন হাজিৰা কৰি আছিলগৈ অৰুণাচলত৷ অশিক্ষিত মাতৃক প্ৰলোভন দি প্ৰনীতাক পঢ়ুওৱা হ’ব বুলি লৈ যোৱা হৈছিল অৰুণাচললৈ৷ কিন্তু মনৰিটা আৰু নিবেদিতাৰ দৰেই একেই ঘটনা ঘটিছিল প্ৰণীতাৰ লগত৷ প্ৰণীতাক নিয়োগ কৰা হৈছিল অৰুণাচলৰ এহাল দম্পত্তীৰ ঘৰত বনকৰা কামত ৷

                                                দুখন দলংবিহীন নদী পাৰ হৈ গ’লে পোৱা যায় প্ৰণীতাৰ গাঁওখন

 

প্ৰণীতাৰ পিতৃৰ ভাষ্য অনুসৰি, প্ৰতিশ্ৰুতি দিয়াৰ দৰে কোনোদিনেই এটকাও প্ৰেৰণ কৰা হোৱা নাছিল ঘৰলৈ৷ অৰুণাচলত সুখত নাছিল প্ৰণীতা৷ চাৰিমাহৰ পাছত কামৰ হেঁচা আৰু দুৰ্ব্যৱহাৰৰ সন্মুখীন হৈ অৰুণাচলৰ দুর্গম অঞ্চল হাফলিৰ পৰা পলাই আহিল প্ৰণীতা৷ দুর্গম ঠাই আৰু দুর্বল যাতায়ত ব্যৱস্থাৰ সৈতে যুঁজি যুঁজি কেইবাদিনৰ পাছত নিজৰ ঘৰত উপস্থিত হ’লহি ১৪ বছৰীয়া প্ৰণীতা৷ চাৰিমাহে অৰুণাচলত কাম কৰি এটকাও লাভ কৰা নাছিল প্ৰনীতাই৷ সেই সন্দর্ভত প্ৰণীতাক অৰুনাচললৈ লৈ যোৱা লালুৰ লগত ফোনযোগে কথা পাতিছিল তাইৰ দেউতাকে ৷ কিন্তু প্ৰণীতাই টকা চুৰ কৰি অৰুণাচলৰ পৰা পলাই অহা বুলি ওলোটাইহে ধমক দিয়ে লালুয়ে৷ আমি প্ৰণীতাৰ সৈতে কথা পাতিব বিচাৰিছিলো৷ পিতৃক সুধিছিলো,এবাৰ প্ৰণীতাৰ সৈতে আমি কথা পাতিব পাৰিমনে? প্ৰণীতাৰ পিতৃয়ে ক’লে, যোৱা মাহত কাম কৰিবলৈ মোমাইয়েকে প্ৰণীতাক পুনৰ লৈ গৈছে অৰুণাচললৈ৷

অৰুণাচলৰ পৰা পলাই অহাৰ পাছত আকৌ লৈ যোৱা হ'ল এইগৰাকী প্ৰণীতাক
অৰুণাচলৰ পৰা পলাই অহাৰ পাছত আকৌ লৈ যোৱা হ’ল                                  এইগৰাকী প্ৰণীতাক

 

পিতৃ-মাতৃয়ে নাজানে অৰুণাচলত কাম কৰিবলৈ যোৱা ছোনিয়া এতিয়া জীৱিত নে মৃত?

প্ৰণীতাহঁতৰ গাঁৱৰ কাষতেই লাগি আছে বাঁহবাৰী গাঁও ৷ তাৰেই বাসিন্দা ৰঞ্জিত খাৰিয়াৰ আছে তিনি গৰাকী সন্তান৷ ২০০৭ চনতেই ৰঞ্জিত খাৰিয়াৰ ডাঙৰ কন্যা ছোনিয়াক( নাম সলনি কৰা হৈছে) অৰুণাচললৈ লৈ গৈছিল ৰাজু নামৰ এজন ব্যক্তিয়ে৷ ৰঞ্জিত খাৰিয়াই জনোৱা অনুসৰি, তেতিয়া ছোনিয়াৰ বয়স আছিল মাত্ৰ ৭ বছৰ৷ ৭ বছৰীয়া ছোনিয়াক অৰুণাচলৰ এহাল সন্তানহীন দম্পত্তীয়ে স্কুলত নামভর্তি কৰাই দিব বুলি প্ৰতিশ্ৰুতি দিছিল ৰাজুয়ে৷ ঘৰত দুই এটা সৰু সুৰা কাম কৰাৰ বিনিময়ত ঘৰলৈ মাহিলী ১৫০০ টকাকৈ প্ৰেৰণ কৰিব বুলিও কথা দিছিল ৷ সেই অনুসৰি ৰাজুয়ে ঘৰৰ পৰা অৰুণাচললৈ লৈ গৈছিল ছোনিয়াক৷ লগত গৈছিল ছোনিয়াৰ পিতৃও৷ ছোনিয়াৰ দেউতাকে অৰুণাচলৰ যিটো পৰিয়ালৰ ঘৰত ছোনিয়াক ৰখা হৈছিল সেইখন ঘৰ চাই আহিছিল৷ তেতিয়া ছোনিয়াৰ পিতৃক দি পঠোৱা হৈছিল দুই হাজাৰ টকা৷ তাৰ পাছত ৫ বছৰ পর্যন্ত মাজে সময়ে ছোনিয়াৰ সৈতে ফোনযোগে যোগাযোগ হৈছিল ঘৰৰ মানুহৰ৷ কিন্তু কোনোদিনেই ঘৰলৈ আহিবলৈ দিয়া হোৱা নাছিল ছোনিয়াক৷ আনকি চুক্তি অনুসৰি এটকাও ধন ঘৰলৈ প্ৰেৰণ কৰা হোৱা নাছিল৷ যিটো ফোন নম্বৰলৈ ফোন কৰি ছোনিয়াৰ সৈতে ঘৰৰ মানুহে যোগাযোগ কৰি আহিছিল,সেই নম্বৰটো ৫ বছৰ মানৰ পাছত বন্ধ হৈ পৰিল৷ তাৰ পাছত আৰু কোনোদিনেই ছোনিয়াৰ সৈতে যোগাযোগ কৰিব পৰা নাই ঘৰৰ মানুহে৷ ছোনিয়াৰ পিতৃয়ে দুবাৰকৈ ছোনিয়াক বিচাৰি গৈছিল অৰুণাচললৈ৷ কিন্তু ছোনিয়াক কোন স্থানত,কাৰ ঘৰত থৈ গৈছিল সেয়া চিনাক্ত কৰিবলৈ সক্ষম নহ’ল ৰঞ্জিত খাৰিয়া ৷ ছোনিয়া যদি এতিয়া জীৱিত হৈ আছে, তেন্তে তাইৰ বয়স হ’ব এতিয়া প্ৰায় ২২ বছৰ৷ বিগত ১৫ বছৰে এই ২২ বছৰীয়া ছোনিয়া বন্দী হৈ আছে অৰুণাচলত৷ কিন্তু পৰিয়ালে নাজানে,ছোনিয়া এতিয়াও জীৱিত নে মৃত?

 

৭ বছৰতে অৰুণাচললৈ যোৱা আৰু বৰ্তমানেও জীৱিত নে মৃত;   তাৰ কোনো তথ্য নথকা ছোফিয়াৰ বৰ্তমানৰ বয়স ২২ বছৰ

 

অৰুণাচলত কেনেকৈ বছৰ বছৰ ধৰি বন্দী জোনাছৰ ভগ্নী ?

জোনাছ ধান৷ ঘৰ গড়মূৰ সোনাপুৰ গাঁওত৷ আনুমানিক ২৮ বছৰ বয়সৰ যুৱক জোনাছ ধানুকা৷ আমি খবৰ পাইছিলো যে জোনাছ ধানৰ দুই ভগ্নী প্ৰায় ১৫ বছৰ ধৰি বন্দী অৰুনাচলত৷ আমি উপস্থিত হৈছিল জোনাছ ধানৰ বাসগৃহত৷ ভগ্নপ্ৰায় বাসগৃহটো ওলমি আছিল তেতিয়া এটা সৰু তলা৷ চুবুৰীয়া মানুহৰ পৰা জানিবলৈ পাৰিলো,জোনাছ ধানৰ ঘৰত এই সময়ত কোনো নাথাকে৷ কোনো অন্যস্থানত কর্মসূত্ৰে আছেগৈ জোনাছ ধান৷

                                                                        জোনাছ ধানৰ ঘৰ

 

আমি ফোনযোগে কথা পাতিছিলো জোনাছৰ সৈতে৷ জোনাছে স্বীকাৰ কৰিলে,যে তেখেতৰ দুই ভগ্নী এতিয়া অৰুণাচলত৷ অৰুণাচলৰ যুৱকৰ সৈতে এগৰাকী ভগ্নী বিবাহপাশত আৱদ্ধ হোৱা বুলিও অৱগত কৰে জোনাছে৷ ইয়াতকৈ আৰু কোনো বেছি কথা ক’বই নুখুজিলে জোনাছে৷ কিন্তু জোনাছৰ গাঁওৰ আন এজন যুৱকে আমাক ক’লে ইয়াতকৈ ভয়ংকৰ কথা৷ দিলীপ গুৰিয়া নামৰ যুৱকজনে আমাক অৱগত কৰা অনুসৰি,অৰুণাচলত বন্দী হৈ আছে জোনাছৰ ভগ্নী৷ দিলীপ গুৰিয়াই আমাক অৱগত কৰে, ‘চাৰিবছৰমান পূর্বে আমি অৰুণাচলৰ পাক্কে কেচাং জিলাত পাৱাৰ গ্ৰীডৰ কাম কৰিবলৈ গৈছিলো৷ আমি কর্মস্থলীত থকাৰ সময়ত আমাৰ ওচৰলৈ প্ৰায়ে এজনী ছোৱালী আহিছিল৷পথাৰত কাম কৰিবলৈ অহা যোৱা কৰাৰ সময়ত আমাৰ পৰা অলপ দূৰত ৰৈ তাই কান্দি থকা আমি প্ৰত্যক্ষ কৰিছিলো৷ আমি তাইক চিনি পাইছিলো,তাই জোনাছৰ ভনী৷ আমি  লগত কথা পতাৰ চেষ্টা কৰিছিলো৷ আমাৰ লগৰ এজনে তাইৰ লগত কথা পাতিছিল৷ তাই তাইক অৰুণাচলৰ পৰা লৈ আনিবলৈ কৈছিল৷ কিন্তু তাইক ঘূৰাই অনাটো দূৰৰ কথা, আমাৰ ঠিকাদাৰে তাইৰ কাষ চাপিবলৈও মানা কৰিছিল আমাক৷ কৈছিল,তাইক বচোৱাৰ চেষ্টা কৰিলে আমি নিজেই বিপদত পৰিম৷’

দিলীপৰ ভাষ্য অনুসৰি,আজিৰ পৰা প্ৰায় ১০ বছৰৰো পূর্বে অৰুণাচললৈ গৈছিল আমিনা৷ এজন বিশেষ ব্যক্তিয়ে তাইক অৰুণাচললৈ লৈ যোৱাৰ কথা মনত পৰে৷ সেই আমিনাকেই একপ্ৰকাৰে বন্দী হিচাপে দেখা বুলি অৱগত কৰে দিলীপে৷

 

অসমৰ কিশোৰী অৰুণাচললৈ লৈ যোৱা কোন এই অনীতা,ৰাজু,লালু?

মনৰিটা,নিবেদিতা আৰু প্ৰনীতাৰ পিতৃ-মাতৃৰ ভাষ্য অনুসৰি,তেঁওলোকৰ দুই কন্যা সন্তানক অৰুণাচললৈ লৈ গৈছিল অনীতা আৰু লালুয়ে৷ ধনৰ প্ৰলোভন আৰু কিশোৰী কেইগৰাকীক বিদ্যালয়ত পঢ়ুওৱাৰ প্ৰতিশ্ৰুতিৰে অৰুণাচললৈ লৈ গৈছিল অনীতা আৰু লালুয়ে৷ কিন্তু কোন এই অনীতা আৰু লালু? ভুক্তভোগী পিতৃ-মাতৃয়ে নাজানে অনীতা আৰু লালুৰ ঘৰ ক’ত৷ জানে মাত্ৰ তেওলোকৰ নাম দুটা৷ লালুৰ লগত এটা সময়ত যোগাযোগ কৰা এটা ফোন নম্বৰ ফুলমনিয়ে টুকি ৰাখিছিল মনৰিটাৰ এখন কিতাপত৷ আমি সেই নম্বৰত যোগাযোগৰ চেষ্টা কৰিছিলো যদিও,সেই নম্বৰটো বর্তমান বন্ধ৷ একেদৰে প্ৰনীতাক লৈ যোৱা ৰাজুৰ ঘৰৰ ঠিকনাও নাজানে প্ৰণীতাৰ পিতৃ-মাতৃয়ে৷ জানে মাত্ৰ নামটো৷ এদিন প্ৰনীতাৰ মাহীয়েকে ৰাজুক লগ পাই প্ৰনীতাৰ খবৰ সোধা বুলিও আমাক অৱগত কৰে৷ কিন্তু প্ৰনীতাৰ সন্ধান দিয়াৰ পৰে সেই সময়ত বিৰত থাকে ৰাজু৷ অনীতা,ৰাজু আৰু লালুৰ নাম লৈ অসমৰ কিশোৰীক অৰুণাচললৈ লৈ যোৱা কোন এইসকল দালাল? অনীতা,ৰাজু আৰু লালুহঁতৰ মুখাবোৰ কেতিয়াবা খোল খাবনে? সেয়া এতিয়া এক অনিশ্চিত ভৱিষ্যৎ ৷

কি কয় আৰক্ষী প্ৰশাসনে?

এই প্ৰতিবেদন যুগুত কৰাৰ সময়ত যোগাযোগ কৰা হৈছিল লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষকক৷ আৰক্ষী অধীক্ষকজনে অৱগত কৰে,যে এনেধৰণৰ অপৰাধমূলক ঘটনাৰ যিসমূহ অভিযোগ আৰক্ষীয়ে লাভ কৰিছে তাৰ তদন্ত কৰা হৈছে আৰু ভুক্তভোগীক ন্যায় দিয়াৰ ব্যৱস্থা কৰা হৈছে৷ কিন্তু আমাৰ অনুসন্ধানকালত যিসমূহ ভুক্তভোগী পৰিয়ালক লগ পাইছিলো,তেওঁলোকে কোনোদিন তেওঁলোকৰ অভিযোগ দাখিল কৰা নাই আৰক্ষীৰ ওচৰত৷ ছোনিয়া ১৫ বছৰ ঘৰলৈ উভতি অহা,কিন্তু আজিলৈকে পিতৃয়ে আৰক্ষীৰ ওচৰ চপা নাই৷ অর্থাৎ আৰক্ষীৰ অজ্ঞাতেই এনে ধৰণৰ শিশু বিৰোধী অপৰাধ চলি থকাটো অসম্ভব নহয়৷

অৰুণাচললৈ গৈ অসমৰ কিশোৰী-ছোৱালী বন্দী হৈ পৰাৰ ঘটনাৰ এয়া মাত্ৰ কেইটামান উদাহৰণ৷ নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ’ৰ তথ্য অনুসৰি , তিনিটা বছৰৰ ভিতৰত অসমৰ ২৮৮ টি ১৮ বছৰ বয়সৰ তলৰ শিশু সৰবৰাহকাৰীৰ কবলত পৰিছে ৷ ২০১৮ চনত ১৭৯ টা , ২০১৯ চনত ৪৮ টা আৰু ২০২০ চনত ৬১ টা শিশু সৰবৰাহকাৰীৰ কবলত পৰিছে ৷ কিন্তু এই সংখ্যা নিশ্চয় অধিক হ’ব ৷ কাৰণ , লখিমপুৰৰ গড়মূৰ সোণাপুৰৰ দৰে গাঁৱৰ কোনো এগৰাকী অভিভাৱক এতিয়াও আৰক্ষীৰ কাষ চপা নাই ৷ অথচ মনৰিটা,আমিনা অথবা ছোনিয়াৰ দৰে অসংখ্য কিশোৰী- ছোৱালী অৰুণাচললৈ গৈ বন্দী হৈ পৰাৰ তথ্য আমি অনুসন্ধানকালত লাভ কৰিছিলো৷ বিশেষকৈ অৰুণাচল প্ৰদেশৰ সীমান্তৱর্তী এলেকাৰ জিলাসমূহৰ গাঁৱৰ পৰা দৰিদ্ৰ পৰিয়ালৰ বহু ছোৱালীক অৰুণাচললৈ লৈ যোৱাৰ খবৰ আমি লাভ কৰিছিলো৷ কিন্তু বহু ভুক্তভোগী পৰিয়ালে বিভিন্ন শংকাত মুঠেই মুখ খুলিব নিবিচাৰে এই বিষয়ত৷ এইদৰেই অসমত গোপনে চলি আছে কন্যা শিশু সৰবৰাহৰ এক বৃহৎ অনৈতিক কাম ৷

 

ৰাষ্ট্ৰীয় – আন্তঃৰাষ্ট্ৰীয় আইনৰ স্পষ্ট উলংঘন

উচ্চতম ন্যায়ালয়ে ২০১০ চনত অসম চৰকাৰ আৰু মণিপুৰ চৰকাৰক ১২ বছৰৰ তলৰ বা প্ৰাথমিক বিদ্যালয় পৰ্যায়ৰ কোনো শিশু যাতে ৰাজ্যৰ বাহিৰলৈ অধ্যয়নৰ বাবে নাযায় , সেয়া নিশ্চিত কৰিবলৈ স্পষ্ট নিৰ্দেশনা দিছিল ৷ ৰাষ্ট্ৰসংঘৰ শিশুৰ অধিকাৰ সম্পৰ্কীয় সন্মিলনৰ ৯ নং দফাত কোৱা হৈছে যে শিশুৰ ইচ্ছা অবিহনে কোনো শিশুকে মাক – দেউতাকৰ পৰা পথক কৰিব নোৱাৰি ৷ ১৯৯২ চনত ভাৰত চৰকাৰে এই প্ৰস্তাৱত অনুমোদন দিছিল ৷ দ্য জুভেনাইল জাষ্টিছ এক্ট ২০০০ অনুসৰিও আন ৰাজ্যলৈ শিশুক লৈ যাবৰ বাবে স্থানীয় শিশু কল্যান সমিতিৰ পৰা এন অ’ চি , হোম ষ্টাডী ৰিপোৰ্ট , কেচ হিষ্ট’ৰী আদি সংগ্ৰহ কৰাটো বাঞ্চনীয় ৷ কিন্তু পিতৃ – মাতৃৰ লগত থকাটোৱেই শিশুৰ প্ৰথম বিকল্প হোৱা উচিত ৷

কিন্তু কোনো আইনে ঢুকি পোৱা নাই লখিমপুৰৰ গড়মূৰ সোণাপুৰৰ মনৰিটা , প্ৰণীতা , আমিনাহঁতক ৷

 

 

Leave A Reply

Your email address will not be published.