Investigative reporting with dedication.

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সিতাৰমনৰ সদ্যঘোষিত বিত্তীয় বাজেটত উল্লেখ কৰা এটা গুৰুত্বপূৰ্ণ খবৰ হ’ল যে ব্লকচেইনৰ লগতে আন আন প্ৰযুক্তিৰ সহায়েৰে চলিত বৰ্ষত ভাৰতীয় ৰিজাৰ্ভ বেংকে মুকলি কৰিব ডিজিটেল মুদ্ৰা । আশা কৰা হৈছে এই পদক্ষেপে দেশৰ অৰ্থনীতিৰ উন্নয়নত যথেষ্ট অৰিহণা যোগাব। ক্ৰিপ্ট’কাৰেঞ্চীৰ পৰা হোৱা উপার্জনত ৩০% টেক্স দিব লাগিব ব্যৱহাৰকাৰীয়ে।
যিকোনো সা-সম্পদৰ ভাৰ্চুৱেল ডিজিটেল স্থানান্তৰৰ ক্ষেত্ৰতো ৩০% টেক্স দিব লাগিব এতিয়াৰ পৰা। ইয়াৰ ক্ষেত্ৰত কোনো ৰেহাই নাথাকিব বুলিও উল্লেখ কৰে বাজেটত। কৰ্পৰেট টেক্স ১৮% পৰা ১৫% লৈ নমাই দিয়াৰ কথা উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।




