ভাৰত-বাংলাদেশ সীমান্তত অত্যাধুনিক ফেন্সিঙ : বিশেষত্ব কি ?

Share This Article

ভাৰত-বাংলাদেশ সীমান্তত অত্যাধুনিক ফেন্সিঙৰ কাম আৰম্ভ হৈছে ৷ বিশেষকৈ পশুৰ সৰবৰাহ আৰু মানুহৰ অনুপ্ৰৱেশ ৰোধ কৰিবৰ বাবে বি এছ এফে পশ্চিমবংগ সংলগ্ন সীমান্তত ফেন্সিঙৰ কাম আৰম্ভ কৰিছে ৷ এই অত্যাধুনিক ফেন্সিঙৰ বিশেষত্ন হৈছে যে এই কাটাতাঁৰ কাটিব নোৱাৰি বা ইয়াৰ ওপৰেৰে কোনো ব্যক্তি পাৰ হৈ আহিব নোৱাৰিব ৷
ভাৰত-বাংলাদেশৰ মুঠ ২,২১৭ কিলোমিটাৰ সীমা পশ্চিমবংগৰ লগত সংলগ্ন হৈ আছে ৷ ইয়াৰে ৯৩৬ কিলোমোটাৰ উত্তৰ বংগতে আছে ৷ উত্তৰ বংগৰ ১১০ কিলোমিটাৰ সীমান্ত এতিয়ালৈকে উন্মুক্ত হৈ আছে আৰু উন্মুক্ত অঞ্চলৰ ৫৪ কিলোমিটাৰ আছে নদী অংশত ৷
নতুন ফেন্সিঙ সন্দৰ্ভত বি এছ এফৰ এগৰাকী বিষয়াই কয় যে কাটাতাঁৰৰ বেৰ থকাৰ পাছতো অনুপ্ৰৱেশকাৰীয়ে বেৰ কাটি নাইবা ওপৰেৰে পাৰ হৈ ভাৰতত প্ৰৱেশ কৰি আহিছিল ৷কিন্তু নতুন বেৰ অতিক্ৰম কৰাটো সম্ভৱ নহ’ব ৷ ইয়াৰ জড়িয়তে সীমান্ত সুৰক্ষিত হ’ব ৷ পুৰণি কাটাতাঁৰৰ স্থানত নতুন বেৰ স্থাপন কৰা হ’ব আৰু উন্মুক্ত স্থানতো নতুন ফেন্সিঙ দিয়া হ’ব বুলি বি এছ এফৰ বিষয়াগৰাকীয়ে সদৰী কৰে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.