মীৰাবাই চানুক অতিৰিক্ত আৰক্ষী অধীক্ষক (ক্ৰীড়া) পদত নিযুক্তি

Share This Article

মীৰাবাই চানুক অতিৰিক্ত আৰক্ষী অধীক্ষক (ক্ৰীড়া) পদত নিযুক্তি মণিপুৰ চৰকাৰৰ। শনিবাৰে অতিৰিক্ত আৰক্ষী অধীক্ষক পদত নিযুক্তি প্ৰদান কৰে ক্ৰীড়াবিদগৰাকীক ৰাজ্য চৰকাৰে। উল্লেখ্য যে, টকিঅ’ অলিম্পিকত ভাৰত্তোলন প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জনেৰে উত্তৰ-পূবৰ লগতে ভাৰতক গৌৰৱাম্বিত কৰিছিল মীৰাবাই চানুৱে। ইয়াৰ উপৰিও কমনৱেলথ গেমছ আৰু আন বহু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদক লাভ কৰিবলৈ সক্ষম হৈছে চানু। বিগত বছৰত ভাৰত চৰকাৰে মেজৰ ধ্যানছন্দ খেলৰত্ন বঁটা আৰু পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছে মীৰাবাই চানুক।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.